মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকট আত্মীয়লৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;
“মধ্য প্ৰদেশৰ ধৰত সংঘটিত বাছ দুৰ্ঘটনাত নিহতসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ’ব। আহতসকলক প্ৰদান কৰা হ’ব ৫০,০০০ টকাকৈ: প্ৰধানমন্ত্ৰী”
An ex-gratia of Rs. 2 lakh each from PMNRF would be given to the next of kin of those who lost their lives due to the bus tragedy in Dhar, Madhya Pradesh. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) July 18, 2022