ইন্দোৰত সংঘটিত দুৰ্ঘটনাত হতাহতসকলৰ বাবে ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা ‘টুইট’-ত কোৱা হৈছে;
"আজি ইন্দোৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোত নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased in the unfortunate tragedy in Indore today. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) March 30, 2023