মহামহিম প্ৰধানমন্ত্ৰী মিটছোটাকিছ, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ!

প্ৰথমে গ্ৰীচৰ বনজুইৰ কৰুণ ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত ভাৰতবৰ্ষৰ সকলো জনসাধাৰণৰ হৈ মই সমবেদনা জ্ঞাপন কৰিছো।লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

বন্ধুসকল, পৃথিৱীৰ দুটা প্ৰাচীন সভ্যতাৰ মাজত, বিশ্বৰ দুটা প্ৰাচীন গণতান্ত্ৰিক মতাদৰ্শৰ মাজত আৰু বিশ্বৰ দুটা প্ৰাচীন বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কৰ মাজত গ্ৰীচ আৰু ভাৰত এয়া স্বাভাৱিক পুনৰ মিলন।

বন্ধুসকল, আমাৰ সম্পৰ্কৰ ভেটি যিমান প্ৰাচীন সিমানেই মজবুত। বিজ্ঞান, শিল্প, আৰু সংস্কৃতি সকলো ক্ষেত্ৰতে আমি ইজনে সিজনৰ পৰা শিকিছো। আজি আমাৰ ভূ-ৰাজনৈতিক, আন্তঃৰাষ্ট্ৰীয়, আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত উৎকৃষ্ট সমন্বয় আছে-সেয়া ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলতেই হওক বা ভূমধ্যসাগৰতেই হওক।
দুজন পুৰণি বন্ধুৰ দৰে আমিও ইজনে সিজনৰ অনুভৱ বুজি পাওঁ আৰু সন্মান কৰো। ৪০ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম গ্ৰীচ ভ্ৰমণ। তথাপিও আমাৰ সম্পৰ্কৰ গভীৰতাও কমি যোৱা নাই, আমাৰ সম্পৰ্কৰ আন্তঃৰিকতাও কমি যোৱা নাই।

সেয়েহে আজি প্ৰধানমন্ত্ৰী মহোদয় আৰু মই ভাৰত-গ্ৰীচৰ অংশীদাৰিত্বক এক কৌশলগত স্তৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছো।

আমি সিদ্ধান্ত লৈছো যে আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা, আন্তঃগাঁথনি, কৃষি, শিক্ষা, নতুন আৰু উদীয়মান প্ৰযুক্তি, আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বৃদ্ধি কৰি আমাৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিম।

বন্ধুসকল,
প্ৰতিৰক্ষা আৰু সামৰিক উদ্যোগক উদগণি যোগাবলৈ আমি সন্মত হ’লোঁ। আজি আমি সন্ত্ৰাসবাদ আৰু চাইবাৰ সুৰক্ষা বিষয়ৰ ওপৰতো আলোচনা কৰিলোঁ।

আমি সিদ্ধান্ত লৈছিলো যে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ পৰ্যায়তো আলোচনাৰ বাবে এক প্ৰতিষ্ঠানিক মঞ্চ থাকিব লাগে।

প্ৰধানমন্ত্ৰী মহোদয় আৰু মই এই কথাত একমত যে আমাৰ দ্বিপাক্ষিক বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ইয়াৰ অধিক বৃদ্ধিৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে আমি ২০৩০ চনৰ ভিতৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।

আজি কেইটামান মুহূৰ্তৰ পিছত প্ৰধানমন্ত্ৰী মহোদয়ে আয়োজন কৰিব এখন ব্যৱসায়িক বৈঠক। ইয়াত আমি দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে কিছুমান নিৰ্দিষ্ট ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিম।

আমি বিশ্বাস কৰোঁ যে আমাৰ দেশসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগক উৎসাহিত কৰি আমি আমাৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সহযোগিতাক এক নতুন মাত্ৰালৈ লৈ যাব পাৰিম।

আজি কৃষি খণ্ডত সহযোগিতাৰ বাবে এক চুক্তি স্বাক্ষৰিত কৰো। এই চুক্তিৰ জৰিয়তে আমি কেৱল কৃষি আৰু বীজ উৎপাদনত সহযোগ কৰাই নহয় গৱেষণা, পশুপালন, পশুধন উৎপাদনৰ ক্ষেত্ৰতো সহযোগিতা কৰিব পাৰিম।

বন্ধুসকল,
আমি অতি সোনকালে প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছো, যাতে দুয়োখন দেশৰ মাজত দক্ষ প্ৰব্ৰজনৰ সুবিধা হয়।

আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰাচীন জনসাধাৰণৰ সম্পৰ্কক এক নতুন ৰূপ দিবলৈ আমি সহযোগিতা বৃদ্ধি কৰা উচিত।

আমি আমাৰ শিক্ষানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক আৰু শৈক্ষিক আদান-প্ৰদানক প্ৰসাৰিত কৰিম।

বন্ধুসকল,
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়তো আমাৰ আলোচনা হৈছিল। ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ প্ৰতি গ্ৰীচে সমৰ্থন প্ৰকাশ কৰিছে।

ইউক্ৰেইনৰ ক্ষেত্ৰত দুয়োখন দেশেই কূটনীতি আৰু আলোচনাক সমৰ্থন কৰে।

ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহযোগিতাৰ বাবে গ্ৰীচক ধন্যবাদ জনাইছো।

ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াই তেওঁৰ শুভকামনা আৰু উৎসাহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।
বন্ধুসকল,
আজি মোক গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ প্ৰদান কৰাৰ বাবে হেলেনিক ৰিপাব্লিকৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰপতিজনক আন্তৰিকতাৰে ধন্যবাদ জনাইছো।

১৪০ কোটি ভাৰতীয়ৰ হৈ বঁটা গ্ৰহণ কৰি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

ভাৰত আৰু গ্ৰীচৰ ভাগ কৰা মূল্যবোধেই হৈছে আমাৰ দীৰ্ঘদিনীয়া আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ ভেটি।গণতন্ত্ৰৰ মূল্যবোধ আৰু আদৰ্শ প্ৰতিষ্ঠা আৰু সফলতাৰে অনুশীলন কৰাত দুয়োখন দেশৰ ঐতিহাসিক অৱদান আছে।

মোৰ দৃঢ় বিশ্বাস যে ভাৰতীয় আৰু গ্ৰীক-ৰোমান শিল্পৰ সুন্দৰ সংমিশ্ৰণ গন্ধাৰ শিল্প বিদ্যালয়ৰ দৰেই ভাৰত আৰু গ্ৰীচৰ বন্ধুত্বও সময়ৰ শিলত খোদিত হৈ থাকিব।

আজি, গ্ৰীচৰ এই সুন্দৰ আৰু ঐতিহাসিক চহৰখনত মোৰ আৰু মোৰ প্ৰতিনিধি দলটোক যি আতিথ্য প্ৰদান কৰা হৈছে, তাৰ বাবে মই প্ৰধানমন্ত্ৰী মহোদয় আৰু গ্ৰীচৰ জনসাধাৰণক পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

আপোনাক অশেষ ধন্যবাদ। 

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • Reena chaurasia August 30, 2024

    बीजेपी
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Uma tyagi bjp January 28, 2024

    जय श्री राम
  • Shyam Mohan Singh Chauhan mandal adhayksh January 11, 2024

    जय हो
  • Mintu Kumar September 01, 2023

    नमस्कार सर, मैं कुलदीप पिता का नाम स्वर्गीय श्री शेरसिंह हरियाणा जिला महेंद्रगढ़ का रहने वाला हूं। मैं जून 2023 में मुम्बई बांद्रा टर्मिनस रेलवे स्टेशन पर लिनेन (LILEN) में काम करने के लिए गया था। मेरी ज्वाइनिंग 19 को बांद्रा टर्मिनस रेलवे स्टेशन पर हुई थी, मेरा काम ट्रेन में चदर और कंबल देने का था। वहां पर हमारे ग्रुप 10 लोग थे। वहां पर हमारे लिए रहने की भी कोई व्यवस्था नहीं थी, हम बांद्रा टर्मिनस रेलवे स्टेशन पर ही प्लेटफार्म पर ही सोते थे। वहां पर मैं 8 हजार रूपए लेकर गया था। परंतु दोनों समय का खुद के पैसों से खाना पड़ता था इसलिए सभी पैसै खत्म हो गऍ और फिर मैं 19 जुलाई को बांद्रा टर्मिनस से घर पर आ गया। लेकिन मेरी सैलरी उन्होंने अभी तक नहीं दी है। जब मैं मेरी सैलरी के लिए उनको फोन करता हूं तो बोलते हैं 2 दिन बाद आयेगी 5 दिन बाद आयेगी। ऐसा बोलते हुए उनको दो महीने हो गए हैं। लेकिन मेरी सैलरी अभी तक नहीं दी गई है। मैंने वहां पर 19 जून से 19 जुलाई तक काम किया है। मेरे साथ में जो लोग थे मेरे ग्रुप के उन सभी की सैलरी आ गई है। जो मेरे से पहले छोड़ कर चले गए थे उनकी भी सैलरी आ गई है लेकिन मेरी सैलरी अभी तक नहीं आई है। सर घर में कमाने वाला सिर्फ मैं ही हूं मेरे मम्मी बीमार रहती है जैसे तैसे घर का खर्च चला रहा हूं। सर मैंने मेरे UAN नम्बर से EPFO की साइट पर अपनी डिटेल्स भी चैक की थी। वहां पर मेरी ज्वाइनिंग 1 जून से दिखा रखी है। सर आपसे निवेदन है कि मुझे मेरी सैलरी दिलवा दीजिए। सर मैं बहुत गरीब हूं। मेरे पास घर का खर्च चलाने के लिए भी पैसे नहीं हैं। वहां के accountant का नम्बर (8291027127) भी है मेरे पास लेकिन वह मेरी सैलरी नहीं भेज रहे हैं। वहां पर LILEN में कंपनी का नाम THARU AND SONS है। मैंने अपने सारे कागज - आधार कार्ड, पैन कार्ड, बैंक की कॉपी भी दी हुई है। सर 2 महीने हो गए हैं मेरी सैलरी अभी तक नहीं आई है। सर आपसे हाथ जोड़कर विनती है कि मुझे मेरी सैलरी दिलवा दीजिए आपकी बहुत मेहरबानी होगी नाम - कुलदीप पिता - स्वर्गीय श्री शेरसिंह तहसील - कनीना जिला - महेंद्रगढ़ राज्य - हरियाणा पिनकोड - 123027
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Commercial LPG cylinders price reduced by Rs 41 from today

Media Coverage

Commercial LPG cylinders price reduced by Rs 41 from today
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hosts the President of Chile H.E. Mr. Gabriel Boric Font in Delhi
April 01, 2025
QuoteBoth leaders agreed to begin discussions on Comprehensive Partnership Agreement
QuoteIndia and Chile to strengthen ties in sectors such as minerals, energy, Space, Defence, Agriculture

The Prime Minister Shri Narendra Modi warmly welcomed the President of Chile H.E. Mr. Gabriel Boric Font in Delhi today, marking a significant milestone in the India-Chile partnership. Shri Modi expressed delight in hosting President Boric, emphasizing Chile's importance as a key ally in Latin America.

During their discussions, both leaders agreed to initiate talks for a Comprehensive Economic Partnership Agreement, aiming to expand economic linkages between the two nations. They identified and discussed critical sectors such as minerals, energy, defence, space, and agriculture as areas with immense potential for collaboration.

Healthcare emerged as a promising avenue for closer ties, with the rising popularity of Yoga and Ayurveda in Chile serving as a testament to the cultural exchange between the two countries. The leaders also underscored the importance of deepening cultural and educational connections through student exchange programs and other initiatives.

In a thread post on X, he wrote:

“India welcomes a special friend!

It is a delight to host President Gabriel Boric Font in Delhi. Chile is an important friend of ours in Latin America. Our talks today will add significant impetus to the India-Chile bilateral friendship.

@GabrielBoric”

“We are keen to expand economic linkages with Chile. In this regard, President Gabriel Boric Font and I agreed that discussions should begin for a Comprehensive Economic Partnership Agreement. We also discussed sectors like critical minerals, energy, defence, space and agriculture, where closer ties are achievable.”

“Healthcare in particular has great potential to bring India and Chile even closer. The rising popularity of Yoga and Ayurveda in Chile is gladdening. Equally crucial is the deepening of cultural linkages between our nations through cultural and student exchange programmes.”