নতুন দিল্লীত অনুষ্ঠিত ‘জি-২০ সন্মিলন’ৰ সময়ত ১০ ছেপ্টেম্বৰত কানাডাৰ মহামহিম প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত ‘জি-২০ শীৰ্ষ সন্মিলন’ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত-কানাডাৰ সম্পৰ্ক সহভাগী গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি সন্মান আৰু জনসাধাৰণৰ মাজত গঢ় লোৱা শক্তিশালী সম্পৰ্কৰে সম্পৰ্কিত। তেওঁ কানাডাত উগ্ৰপন্থী উপাদানসমূহৰ ভাৰত বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ ক্ষেত্ৰত আমাৰ তীব্ৰ উদ্বেগৰ কথা অৱগত কৰে। সেই উপাদানসমূহে বিচ্ছিন্নতাবাদক উদগণি দি আছে আৰু ভাৰতীয় কূটনীতিবিদসকলৰ বিৰুদ্ধে হিংসাক উচটাই আহিছে, দূতাবাসসমূহৰ চৌহদ ক্ষতিগ্ৰস্ত কৰিছে, আৰু কানাডাৰ ভাৰতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ উপাসনাস্থলীক ভাবুকি দিছে। সংগঠিত অপৰাধ, ‘ড্ৰাগ চিণ্ডিকেট’ আৰু মানৱ সৰবৰাহৰ সৈতে এনে শক্তিৰ সম্পৰ্ক কানাডাৰ বাবেও চিন্তাৰ বিষয় হোৱা উচিত। এনে ধৰণৰ ভাবুকিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাটো হৈছে দুয়োখন দেশৰ বাবে অত্যাৱশ্যকীয় কথা।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰত-কানাডা সম্পৰ্কৰ অগ্ৰগতিৰ বাবে পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ ওপৰত আধাৰিত সম্পৰ্ক অপৰিহাৰ্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net

Media Coverage

The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ডিচেম্বৰ 2025
December 22, 2025

Aatmanirbhar Triumphs: PM Modi's Initiatives Driving India's Global Ascent