Quoteভাৰত আৰু অষ্ট্ৰেলিয়াত ক্ৰিকেট, এক উমৈহতীয়া আবেগ: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্থনী আলবানিছে আজি গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ স্মাৰক ক্ৰিকেট টেষ্ট খেলৰ কিছু অংশ উপভোগ কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্থনী আলবানিছৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"ক্ৰিকেট, ভাৰত আৰু অষ্ট্ৰেলিয়াত এক উমৈহতীয়া আবেগ! ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট মেচৰ কিছু অংশ চাবলৈ মোৰ সুহৃদ বন্ধু প্ৰধানমন্ত্ৰী এন্থনী আলবানিছৰ সৈতে আহমেদাবাদত উপস্থিত হৈ সুখী। মই ভাবো এইখন এক ৰোমাঞ্চকৰ খেল হ'ব!"

|

আহমেদাবাদৰ পৰা টেষ্ট মেচখনৰ আভাস প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"আহমেদাবাদৰ পৰা আৰু কেইটামান মনোৰম দৃশ্য। সকলোতে কেৱল ক্ৰিকেট!

|

 

|

 

|

 

|

 

|

 

|

 

|

 

|

 

|

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এইদৰে টুইট কৰিছে:

'ক্ৰিকেটৰ জৰিয়তে ভাৰত-অষ্ট্ৰেলিয়াৰ বন্ধুত্ব উদযাপন!'

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিছে আহমেদাবাদত #INDvsAUS খেলৰ কিছু অংশ উপভোগ কৰিছে।"

 

 

ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী তথা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্থনী আলবানিছক ক্ৰমে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব শ্ৰী যুটীয়া জয় শ্বাহ আৰু বিচিচিআইৰ সভাপতি শ্ৰীযুত ৰজাৰ বিন্নীয়ে সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে গায়িকা শ্ৰীমতী ফালগুই শ্বাহে পৰিৱেশন কৰা এক সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে।

প্ৰধানমন্ত্ৰীয়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাক টেষ্ট কেপ প্ৰদান কৰে, আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথক টেষ্ট কেপ প্ৰদান কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ষ্টেডিয়ামত বিশাল জনসমাগমৰ সন্মুখত গল্ফ কাৰ্টত গাৰ্ড অৱ অনাৰ লয়।

দুয়োটা দলৰ অধিনায়কসকলে টছৰ বাবে পিটছত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ষ্টেডিয়াম পৰিদৰ্শন কৰি ফ্ৰেণ্ডশ্বিপ হল অফ ফেমৰ ফালে আগবাঢ়ি যায়। ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰিকেটৰ সমৃদ্ধ ইতিহাসৰ বিষয়ে অৱগত কৰে।

ইয়াৰ পিছত, দুয়োটা দলৰ অধিনায়কে দুয়োখন দেশৰ সংশ্লিষ্ট প্ৰধানমন্ত্ৰীৰ সৈতে খেলপথাৰলৈ যায়। দুয়োজন অধিনায়কে তেওঁলোকৰ দলটোক দুয়োজন প্ৰধানমন্ত্ৰীৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু তাৰ পিছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে দুয়োটা শীৰ্ষ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত টেষ্ট মেচ চাবলৈ প্ৰেছিডেণ্ট গেলেৰীত উপস্থিত হয়।

  • kumaresan San March 23, 2023

    best pm
  • pawan Rana March 23, 2023

    sir nameste mujha apni ladai ki school fees jama karni hi school name dewan public school meerut cantt uttarpradesh india kya koi thrust karege pawan Rana meerut uttarpradesh 9410608344 may be June retun kar do ga thanks for help me
  • rajiv March 21, 2023

    Har har modi ji
  • Priti Victor March 20, 2023

    Best PM Modiji
  • Arun Potdar March 13, 2023

    विश्व नायक प्रधानमंत्री जी
  • Chandra prakash March 13, 2023

    whole world is a family
  • Lalit March 13, 2023

    Har Har Maha Dev ki
  • DHARAMVEER JAKHAR March 13, 2023

    Great
  • anita gurav March 13, 2023

    Jay ho bjp sarakar ki Jay ho
  • anita gurav March 13, 2023

    Jay shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s Average Electricity Supply Rises: 22.6 Hours In Rural Areas, 23.4 Hours in Urban Areas

Media Coverage

India’s Average Electricity Supply Rises: 22.6 Hours In Rural Areas, 23.4 Hours in Urban Areas
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2025
February 22, 2025

Citizens Appreciate PM Modi's Efforts to Support Global South Development