প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বাস্থ্য আৰু চিকিৎসা গৱেষণা’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়ায়। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা এইখন বাজেটোত্তৰ ১২টা ৱেবিনাৰৰ ভিতৰত নৱমখন ৱেবিনাৰ।
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ প্ৰাক আৰু পিছৰ ব্যৱস্থাৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা চাব পৰা যায়। তেওঁ কয় যে এই মহামাৰীয়ে সমৃদ্ধিশালী দেশসমূহকো পৰীক্ষা কৰিছিল। তেওঁ কয় যে যিহেতু মহামাৰীয়ে বিশ্বজোৰা মনোযোগ স্বাস্থ্যৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল, ভাৰতে আৰু এখোজ আগুৱাই গৈ সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। “সেইবাবেই আমি বিশ্বৰ সন্মুখত এটা দৃষ্টিভংগী আগবঢ়াইছো-এক পৃথিৱী এক স্বাস্থ্য। ইয়াৰ লগত সকলো জীৱ-মানুহ, প্ৰাণী বা উদ্ভিদৰ বাবে সামগ্ৰিক স্বাস্থ্যসেৱা জড়িত হৈ থাকে।
প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ত যোগান শৃংখলৰ সন্দৰ্ভত শিকি অহা শিক্ষাসমূহ পুনৰ উল্লেখ কৰি কয় যে ই এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। মহামাৰী তুংগত থকা সময়ত ঔষধ, ভেকচিন, চিকিৎসা সঁজুলিৰ দৰে জীৱন ৰক্ষাকাৰী সা-সঁজুলি অস্ত্ৰৰে সজ্জিত হোৱাত তেওঁ আক্ষেপ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে বিগত বছৰবোৰৰ বাজেটত চৰকাৰে বিদেশী ৰাষ্ট্ৰৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে আৰু ইয়াত সকলো অংশীদাৰৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পিছত বহু দশক ধৰি স্বাস্থ্যৰ বাবে এক সংহত দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ অনুপস্থিতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি এতিয়া স্বাস্থ্য বিষয়টো কেৱল স্বাস্থ্য মন্ত্ৰালয়তে সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰ আগুৱাই নিছো। “চিকিৎসা সুলভ কৰি তোলা আমাৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে”, আয়ুষ্মান ভাৰতৰ জৰিয়তে আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ বাবে দৰিদ্ৰ ৰোগীৰ প্ৰায় ৮০ হাজাৰ কোটি টকা ৰাহি হোৱা বুলি জনাই প্ৰধানমন্ত্ৰীয়ে। কাইলৈ অৰ্থাৎ ৭ মাৰ্চৰ দিনটো জন ঔষধি দিৱস হিচাপে পালন কৰা হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ৯০০০ জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সুলভ মূল্যৰ ঔষধে সমগ্ৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰায় ২০ হাজাৰ কোটি টকা ৰাহি কৰিছে। অৰ্থাৎ কেৱল এই আঁচনি দুখনে নাগৰিকৰ এক লাখ কোটি টকা ৰাহি কৰিলে।
প্ৰধানমন্ত্ৰীয়ে জটিল ৰোগৰ চিকিৎসাৰ বাবে শক্তিশালী স্বাস্থ্য আন্তঃগাঁথনিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। চৰকাৰৰ প্ৰধান কেন্দ্ৰবিন্দুক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে সমগ্ৰ দেশতে ঘৰৰ ওচৰত ডেৰ লক্ষাধিক স্বাস্থ্য কেন্দ্ৰ গঢ়ি তোলা হৈছে যাতে পৰীক্ষা কেন্দ্ৰ আৰু প্ৰাথমিক চিকিৎসা উপলব্ধ হয়। মধুমেহ, কৰ্কট আৰু হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ দৰে গুৰুতৰ ৰোগ পৰীক্ষাৰ সুবিধাও এই কেন্দ্ৰসমূহত উপলব্ধ হ’ব বুলিও তেওঁ অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত জটিল স্বাস্থ্য আন্তঃগাঁথনি সৰু চহৰ আৰু গাঁওসমূহলৈ সুলভ কৰি তোলা হৈছে যিয়ে কেৱল নতুন চিকিৎসালয়ৰ জন্ম দিয়াই নহয়, ই এক নতুন আৰু সম্পূৰ্ণ স্বাস্থ্য পৰিস্থিতিতন্ত্ৰও গঢ় দিছে। ইয়াৰ ফলত স্বাস্থ্য উদ্যোগী, বিনিয়োগকাৰী আৰু পেছাদাৰীসকলৰ বাবে বহু সুযোগ সৃষ্টি হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
এই খণ্ডত মানৱ সম্পদ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে জনায় যে যোৱা কেইবছৰমানৰ ভিতৰত ২৬০ খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে। ইয়াৰ ফলত ২০১৪ চনৰ তুলনাত স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমত চিকিৎসা বিজ্ঞানৰ আসন দুগুণ হৈছে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজেটত নাৰ্চিং ক্ষেত্ৰখনত গুৰুত্ব দিয়াৰ ওপৰত আলোকপাত কৰে। ‘চিকিৎসা মহাবিদ্যালয়ৰ আশে-পাশে ১৫৭খন নাৰ্চিং মহাবিদ্যালয় মুকলি কৰাটো চিকিৎসা মানৱ সম্পদৰ দিশত এক বৃহৎ পদক্ষেপ। কেৱল ঘৰুৱা প্ৰয়োজনীয়তাই নহয়, বিশ্বজোৰা চাহিদা পূৰণত ই উপযোগী হ’ব পাৰে”, তেওঁ লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে চিকিৎসা সেৱাসমূহ অহৰহ সুলভ আৰু আহৰণযোগ্য কৰি তোলাত প্ৰযুক্তিৰ ভূমিকাক আলোকপাত কৰি এই খণ্ডত প্ৰযুক্তি ৰূপায়ণৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ বিষয়ে বিশদভাৱে কয়। ‘ডিজিটেল হেল্থ আইডিৰ সুবিধাৰ জৰিয়তে আমি নাগৰিকসকলক সময়মতে স্বাস্থ্যসেৱা দিব বিচাৰো। ইতিমধ্যে ১০ কোটি লোকে ই-সঞ্জীৱনীৰ দৰে আঁচনিৰ জৰিয়তে টেলিকনছাল্টেচনৰ দ্বাৰা উপকৃত হৈছে”, তেওঁ কয়। ৫জিয়ে এই খণ্ডত ষ্টাৰ্টআপৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। ড্ৰোণে ঔষধ প্ৰদান আৰু পৰীক্ষণ সেৱাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। “এয়া উদ্যোগীসকলৰ বাবে এক ডাঙৰ সুযোগ আৰু ই সাৰ্বজনীন স্বাস্থ্যসেৱাৰ বাবে আমাৰ প্ৰচেষ্টাক উদ্গনি যোগাব”, উদ্যোগীসকলক যিকোনো প্ৰযুক্তিৰ আমদানিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় প্ৰতিষ্ঠানিক সঁহাৰিৰ তালিকা প্ৰস্তুত কৰে। তেওঁ চিকিৎসা সঁজুলি খণ্ডত নতুন আঁচনিৰ বিষয়ে অৱগত কৰে। তেওঁ পিএলআই আঁচনিৰ ওপৰত বাল্ক ড্ৰাগ পাৰ্ক, মেডিকেল ডিভাইচ পাৰ্ক, ৩০ হাজাৰ কোটিতকৈ অধিক টকাৰ কথা উল্লেখ কৰি কয় যে যোৱা কেইবছৰমানৰ পৰা মেডিকেল ডিভাইচৰ ১২-১৪ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে। তেওঁ অৱগত কৰে যে আগন্তুক বছৰবোৰত এই বজাৰখনে ৪ লাখ কোটি টকা পৰ্যন্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে ভৱিষ্যতৰ চিকিৎসা প্ৰযুক্তি আৰু উচ্চমানৰ উৎপাদন আৰু গৱেষণাৰ বাবে দক্ষ মানৱ শক্তিৰ কাম আৰম্ভ কৰিছে। তেওঁ কয়, আইআইটিৰ দৰে প্ৰতিষ্ঠানত বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ দৰে পাঠ্যক্ৰম চলিব। তেওঁ অংশগ্ৰহণকাৰীসকলক উদ্যোগ-শৈক্ষিকতা আৰু চৰকাৰী সহযোগিতাৰ উপায় বিচাৰি উলিয়াবলৈ কয়।
ভাৰতৰ ফাৰ্মা খণ্ডৰ প্ৰতি বিশ্বৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ মূলধন হিচাপে ব্যৱহাৰ কৰি এই ভাবমূৰ্তি সুৰক্ষিত কৰাৰ দিশত কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জনোৱা মতে, উৎকৃষ্টতাৰ কেন্দ্ৰৰ জৰিয়তে ফাৰ্মা খণ্ডত গৱেষণা আৰু উদ্ভাৱনক উন্নীত কৰাৰ বাবে এক নতুন কাৰ্যসূচী আৰম্ভ কৰা হৈছে যিয়ে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব। “ভাৰতত ফাৰ্মা খণ্ডৰ বজাৰৰ আকাৰ আজি ৪ লাখ কোটি”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ব্যক্তিগত খণ্ড আৰু শিক্ষাবিদৰ মাজত সমন্বয় বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কাৰণ ইয়াৰ বজাৰৰ আকাৰ ১০ লাখ কোটিতকৈও অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীয়ে ফাৰ্মা খণ্ডসমূহক বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। এই খণ্ডত অধিক গৱেষণাৰ বাবে চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে গৱেষণা উদ্যোগৰ বাবে আইচিএমআৰৰ দ্বাৰা বহুতো নতুন লেব মুকলি কৰা হৈছে।
শ্ৰী মোদীয়ে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেওঁ স্বচ্ছ ভাৰত অভিযান, ধোঁৱা সম্পৰ্কীয় ৰোগৰ বাবে উজ্জ্বলা আঁচনি, পানীজনিত ৰোগ মোকাবিলা কৰিবলৈ জল জীৱন অভিযান আৰু ৰাষ্ট্ৰীয় পোছান মিছনে ৰক্তহীনতা আৰু পুষ্টিহীনতাক মোকাবিলা কৰি আছে বুলি তালিকাভুক্ত কৰে। বাজৰাৰ আন্তৰ্জাতিক বৰ্ষত বাজৰা-শ্ৰী আন্নাৰ ভূমিকাও উল্লেখ কৰে। একেদৰে পি এম মাত্ৰু বন্দনা যোজনা, মিছন ইন্দ্ৰধনুষ, যোগ, ফিট ইণ্ডিয়া মুভমেণ্ট, আয়ুৰ্বেদ আদিয়েও ৰোগৰ পৰা মানুহক ৰক্ষা কৰি আছে। ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ তত্বাৱধানত পৰম্পৰাগত চিকিৎসাৰ বিশ্বব্যাপী কেন্দ্ৰ স্থাপনৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদত প্ৰমাণভিত্তিক গৱেষণাৰ বাবে কৰা অনুৰোধক কথা পুনৰ দোঁহাৰে৷
শ্ৰী মোদীয়ে আধুনিক চিকিৎসা আন্তঃগাঁথনিৰ পৰা চিকিৎসা মানৱ সম্পদলৈকে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি কয় যে নতুন সামৰ্থ্যসমূহ কেৱল ইয়াৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহতে সীমাবদ্ধ নহয় বৰঞ্চ ভাৰতক বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় চিকিৎসা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যও আছে। তেওঁ আঙুলিয়াই দিয়ে যে চিকিৎসা পৰ্যটন ভাৰতৰ এক অতি বৃহৎ খণ্ড আৰু লগতে দেশত কৰ্মসংস্থাপন সৃষ্টিৰ বাবেও এক বিশাল মাধ্যমত পৰিণত হৈছে।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰতত সবকা প্ৰয়াসৰ দ্বাৰাহে (সকলোৰে প্ৰচেষ্টা) উন্নত স্বাস্থ্য আৰু সুস্থতা পৰিস্থিতিতন্ত্ৰ গঢ়িব পৰা যাব আৰু সকলো অংশীদাৰক তেওঁলোকৰ বহুমূলীয়া পৰামৰ্শ দিবলৈ অনুৰোধ জনায়। ‘আমি বাজেটৰ বিধানসমূহ নিৰ্ধাৰিত লক্ষ্যৰ বাবে সময়সীমাৰ ভিতৰত এটা সুনিৰ্দিষ্ট ৰোডমেপৰ সৈতে কাৰ্যকৰী কৰিব পাৰিব লাগে। সকলো অংশীদাৰক লগত লৈ যোৱাৰ লগতে পৰৱৰ্তী বাজেটৰ পূৰ্বে মাটিত সকলো সপোন বাস্তৱায়িত কৰিবলৈ আপোনাৰ অভিজ্ঞতাৰ সুবিধাৰ প্ৰয়োজন হ’ব”, ৱেবিনাৰত অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়।
भारत की अप्रोच सिर्फ HealthCare तक ही सीमित नहीं बल्कि हम एक कदम आगे बढ़कर Wellness के लिए काम कर रहे हैं। pic.twitter.com/bxGl4aQt71
— PMO India (@PMOIndia) March 6, 2023
We have not limited healthcare sector to the Health Ministry, but have emphasized on 'Whole of the Government' approach. pic.twitter.com/1sDz8X8wCp
— PMO India (@PMOIndia) March 6, 2023
भारत में इलाज को affordable बनाना हमारी सरकार की सर्वोच्च प्राथमिकता रही है। pic.twitter.com/sCdX6JkA49
— PMO India (@PMOIndia) March 6, 2023
सरकार का एक प्रमुख फोकस इस बात पर है कि लोगों को घर के पास ही testing की सुविधा मिले, प्राथमिक उपचार की बेहतर सुविधा हो। pic.twitter.com/e7Mn44VUwp
— PMO India (@PMOIndia) March 6, 2023
हमारा फोकस health sector में technology के अधिक से अधिक प्रयोग पर है। pic.twitter.com/q5UelnC7MA
— PMO India (@PMOIndia) March 6, 2023
The way India's pharma sector has gained trust of the whole world during Covid pandemic is unprecedented. pic.twitter.com/JV1zn7m2H0
— PMO India (@PMOIndia) March 6, 2023