প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত গুজৰাট পঞ্চায়ত মহাসন্মিলন সম্বোধন কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ পঞ্চায়ত ৰাজ প্ৰতিনিধিসকল উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাট হ’ল বাপু আৰু ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্মভূমি। তেওঁ কয়, ‘বাপুৱে সদায় গ্ৰাম্য উন্নয়ন, আত্মনিৰ্ভৰশীল গাঁওৰ কথা কৈছিল। আজি আমি অমৃত মহোতসৱ উপলক্ষে বাপুজীৰ গ্ৰামীন বিকাশৰ সপোন সাৰ্থক কৰিব লাগিব।”
প্ৰধানমন্ত্ৰীয়ে শৃংখলাবদ্ধ আৰু সুব্যৱস্থাপনাৰে মহামাৰীক প্ৰত্যাহ্বান জনোৱাৰ বাবে গুজৰাটৰ পঞ্চায়ত আৰু গাওঁসমূহক ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে উল্লেখ কৰে যে গুজৰাটত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ সংখ্যা পুৰষতকৈ বেছি। প্ৰায় ডেৰ লাখ পঞ্চায়ত প্ৰতিনিধি একগোট হোৱাটোৱে ভাৰতীয় গণতন্ত্ৰৰ শক্তিক সূচায় বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে সৰু সৰু অথচ প্ৰাথমিক পদক্ষেপেৰে কিদৰে গাঁওসমূহৰ উন্নয়ন কৰিব পাৰি, সেই সন্দৰ্ভত পঞ্চায়ত সদস্যসকলক পৰামৰ্শ আগবঢ়ায়।
This is the land of Bapu and Sardar Vallabhbhai Patel.
— PMO India (@PMOIndia) March 11, 2022
Bapu always talked about rural development, self-reliant villages.
Today, as we are marking Amrit Mahotsav, we must fulfil Bapu's dream of 'Grameen Vikas': PM @narendramodi