প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ উপাচাৰ্য শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেও উপস্থিত থাকে৷
সমাৱর্তন অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে বীৰ শিৱাজীক লৈ গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰৰ কবিতাৰ উদ্ধৃতি যিয়ে যি অখণ্ড ভাৰতৰ ক্ষেত্ৰত গুৰুদেৱক অনুপ্রাণিত কৰিছিল। প্রধানমন্ত্রীয়ে সজোৰে কয় যে ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল কেৱল বিশ্ববিদ্যালয়ৰ অভিন্ন অংশই নহয়, বৰঞ্চ তেওঁলোক সকলোৱেই এক প্রাণৱন্ত ঐতিহ্যৰ বাহক। তেওঁ কয় যে গুৰুদেৱে এই বিশ্ববিদ্যালয়ৰ নাম বিশ্ব ভাৰতী বুলি নামকৰণ কৰিছিল৷ আচলতে তেওঁ বিচাৰিছিল এই প্রতিষ্ঠানত যিসকলে অধ্যয়নৰ বাবে আহিব, তেওঁলোক সকলোৱেই যেন ভাৰত আৰু ভাৰতীয়ত্বৰ দৃষ্টিভংগীৰ পৰা সমগ্র বিশ্বক চাব। সেয়েহে তেওঁ বিশ্ব ভাৰতীক শিক্ষাৰ এনে এক স্থান কৰি তুলিছিল, যি ভাৰতৰ সমৃদ্ধ ঐতিহ্যক প্ৰতিফলিত কৰে৷ গুৰুদেৱ ৰবীন্দ্রনাথে ভাৰতীয় ঐতিহ্যক লৈ আৰু অধিক অন্বেষণৰ আহ্বান জনাইছিল আৰু দৰিদ্রতম লোকসকলৰ সমস্যা সমাধানত নিজকে ব্রতী কৰিছিল। প্রধানমন্ত্রীয়ে লগতে কয় যে গুৰুদেৱৰ বাবে বিশ্ব ভাৰতী কেৱল জ্ঞান বিতৰণৰ প্রতিষ্ঠানেই নাছিল, বৰঞ্চ তেওঁ বিচাৰিছিল এই প্রতিষ্ঠান ভাৰতীয় সংস্কৃতিৰ শীর্ষত উপনীত হওক৷
প্রধানমন্ত্রীয়ে কয় যে ভিন ভিন মতবাদ আৰু আদর্শৰ পৰা নিজৰ স্বতন্ত্রতাক বিচাৰি উলিওৱাটো বিশ্বাস কৰিছিল গুৰুদেৱে৷ বংগক লৈ গুৰুদেৱে গৌৰৱবোধ কৰিছিল। একেদৰে, ভাৰতৰ বৈচিত্র্যক লৈও তেওঁ সমানেই গৌৰৱান্বিত আছিল৷ সেই কাৰণে শান্তি নিকেতন মুকলি আকাশৰ তলত মানৱতাবাদৰ প্রসাৰ ঘটোৱাই আছিল গুৰুদেৱৰ উদ্দেশ্য৷ প্রধানমন্ত্রীয়ে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ প্রশংসা কৰি কয় যে এই প্রতিষ্ঠান জ্ঞানৰ এক অসীম সাগৰ আৰু অভিজ্ঞতাভিত্তিক অধ্যয়নৰ কেন্দ্র হিচাপে প্রতিষ্ঠানটোক গঢ়ি তোলা হৈছিল। প্রধানমন্ত্রীয়ে লগতে কয় যে সৃজনশীলতা আৰু জ্ঞানৰ কোনো সীমা নাই।এই ভাৱনাৰ ওপৰত ভিত্তি কৰিয়েই গুৰুদেৱে এই অসাধাৰণ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল। প্রধানমন্ত্রীয়ে ছাত্র-ছাত্রীসকলক কৈছিল জ্ঞান, চিন্তাধাৰা আৰু দক্ষতা অর্জন কোন স্থিৰ প্রক্রিয়া নহয়, বৰঞ্চ এক ধাৰাবাহিক পদ্ধতি। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জ্ঞান আৰু ক্ষমতাৰ জৰিয়তেই দায়িত্ববোধৰ বিকাশ ঘটে। সেয়েহে, ক্ষমতাত থকাৰ সময়ত এজনক যিমান আনৰ প্রতি সংবেদনশীল হ’ব লাগে, সিমানেই প্রত্যেক বিদ্বান ব্যক্তিয়েও আনক জ্ঞানৰ আলোকেৰে আলোকিত কৰাৰ প্রয়াস ল’ব লাগে৷
ছাত্র-ছাত্রীসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয় যে তেওঁলোকৰ অর্জিত জ্ঞান কেৱল নিজৰ বাবে নহয়, বৰঞ্চ সেয়া সমাজৰ আৰু এয়াই দেশৰ পৰম্পৰা। আপোনালোকৰ অর্জিত জ্ঞান আৰু দক্ষতাই দেশক গৌৰৱান্বিত কৰিব পাৰে, আকৌ ই সমাজক অন্ধকাৰৰ গ্লানিত নিমজ্জিত কৰাৰ লগতে ধ্বংসও কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বত যিসকলে সন্ত্রাস আৰু হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছে তেওঁলোকৰ বহুতেই সুশিক্ষিত আৰু সুদক্ষ। আনহাতে, এনে বহু লোক আছে, যিসকলে জীৱনৰ আশংকাক লৈ চিকিৎসালয় বা গৱেষণাগাৰত ক’ভিডৰ দৰে মহামাৰীৰ পৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষাত ব্রতী হৈছে৷ প্রধানমন্ত্রীয়ে লগতে কয় যে এয়া কেৱল আদর্শ নহয়, বৰঞ্চ মানসিকতা, সেয়া ইতিবাচকেই হওক বা নেতিবাচক। এই সমাজত ইতিবাচক আৰু নেতিবাচক উভয় মনোভাবাপন্ন মানুহৰ নিজ নিজ উদ্দেশ্য আছে আৰু তেওঁলোকৰ বাবে পথো খোলা আছে। এনে পৰিপ্রেক্ষিতত তেওঁ ছাত্র-ছাত্রীসকলক কয় যে তেওঁলোকেই সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোক সমস্যাৰ কাৰণ হৈ উঠিবনে সমস্যাৰ সমাধানৰ পথ দেখুৱাব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি এই ছাত্র-ছাত্রীসকলে দেশক অগ্রাধিকাৰ দিয়ে, তেতিয়া হ’লে তেওঁলোকৰ প্রতিটো সিদ্ধান্তই কিবা নহয় কিবা সমাধানসূত্র বাহিৰ কৰিব। ছাত্র-ছাত্রীসকলক সিদ্ধান্ত গ্রহণত দ্বিধাগ্রস্ত নোহোৱাৰ তেওঁ পৰামর্শ আগবঢ়ায়৷ প্রধানমন্ত্রীয়ে কয় যে যিমানদিনলৈকে দেশৰ যুৱসম্প্রদায়ৰ মাজত উদ্ভাৱনৰ আকাংক্ষা থাকিব, ক্ষতিশংকা বহনৰ মানসিকতা থাকিব আৰু আগুৱাই যোৱাৰ প্রেৰণা থাকিব-সিমানদিন দেশৰ ভৱিষ্যতক লৈ চিন্তিত হোৱাৰ কাৰণ নাই। যুৱ সম্প্রদায়ৰ এই ধৰণৰ প্রয়াসত তেওঁ সকলো ধৰণৰ চৰকাৰী সাহায্যৰ আশ্বাস দিয়ে৷
পৰম্পৰাগত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষমতাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে গান্ধীবাদী শ্রী ধৰমপাল ৰচিত ‘দ্য বিউটিফুল ট্রি–ইণ্ডিজেনাছ ইণ্ডিয়ান এডুকেশ্যন ইন দ্য এইটিন্থ চেঞ্চুৰি’ শীৰ্ষক গ্ৰন্থৰ প্রসংগ উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ১৮২০ চনৰ সমীক্ষাত প্রতিখন গাঁৱত এক বা ততোধিক গুৰুকূলৰ কথা উল্লেখ কৰা হৈছিল। এই গুৰুকুল বা শিক্ষা প্রতিষ্ঠানসমূহৰ সৈতে স্থানীয় মন্দিৰৰ যোগসূত্র আছিল। আনকি, স্বাক্ষৰতাৰ হাৰো বহুত বেছি আছিল৷ ব্রিটিছ পণ্ডিতসকলে এই গুৰুকুলক স্বীকৃতি দিছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে গুৰুদেৱ ৰবীন্দ্রনাথে বিশ্ব ভাৰতীত এনে এক শিক্ষা ব্যৱস্থাৰ প্রণয়ন কৰিছিল যি ভাৰতীয় শিক্ষা ব্যৱস্থাক আধুনিক কৰি তুলিব আৰু দাসত্বৰ পৰাও সকলোকে মুক্ত কৰিব পাৰিব৷
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিতো এইদৰে বিভিন্ন পুৰণি বাধা-বিঘিনি দূৰ কৰা হৈছে যাতে ছাত্র-ছাত্রীসকলে তেওঁলোকৰ পূর্ণ সম্ভাবনাৰ বিকাশ ঘটাব পাৰে। এই শিক্ষা নীতিত পঢ়া-শুনাৰ বিষয় আৰু শিক্ষাদানৰ পদ্ধতিসমূহ সৰল কৰা হৈছে। আনকি, নতুন শিক্ষা নীতিত উদ্যোগ আৰু আত্মনির্ভৰ হোৱাৰ সমান্তৰালভাৱে গৱেষণা আৰু উদ্ভাৱনতো অগ্রাধিকাৰ দিয়া হৈছে। প্রধানমন্ত্রীয়ে কয় যে এই শিক্ষা নীতি এক আত্মনির্ভৰ ভাৰত গঢ়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ প্ৰচেষ্টাৰ অংশ। চৰকাৰে বৰ্তমান লাখ লাখ পত্রপত্রিকা যাতে বিদ্বান ব্যক্তিসকলে পাব পাৰে সেই প্ৰচেষ্টা হাতত লৈছে। এইবাৰৰ বাজেটত নেচনেল ৰিচার্চ ফাউণ্ডেশ্যনৰ জৰিয়তে ৫ বছৰত ৫০ হাজাৰ কোটি টকা ব্যয়ৰ ব্যৱস্থা কৰা হৈছে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত লিংগভিত্তিক সমানুপাতিক হাৰত পূঁজি ব্যৱস্থাৰ সুবিধা আছে। ইয়াৰ ফলত কন্যাসকলে পঢ়া-শুনাৰ প্ৰতি আৰু অধিক আগ্রহী হ’ব৷ কন্যাসকল অধিক মাত্ৰাত স্কুল এৰাৰ হাৰ সম্পর্কে সমীক্ষা চলোৱা হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিত যি কোনো সময়ত শিক্ষা ব্যৱস্থাৰ সৈতে যুক্ত হোৱা বা এই ব্যৱস্থাৰ পৰা বাহিৰ হৈ যোৱাৰ ব্যৱস্থাৰ উপৰি স্নাতক পৰ্যায়ত বার্ষিক ক্রেডিডৰ ব্যৱস্থাও কৰা হৈছে।
বংগক এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ প্রেৰণা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে একবিংশ শতিকাৰ জ্ঞানভিত্তিক অর্থনীতিত বিশ্ব ভাৰতীয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে। আনকি, বিশ্বৰ প্রতিটো প্রান্তত ভাৰতীয় জ্ঞান আৰু পৰিচয়ক আগুৱাই নিব পাৰে। প্রধানমন্ত্রীয়ে মর্যাদাপূর্ণ এই বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ ২০৭৪ চনৰ কথা বিবেচনা কৰি অহা ২৫ বছৰত ২৫টা গুৰুত্বপূর্ণ লক্ষ্য অর্জনৰ বাবে ভৱিষ্যৎ ৰূপৰেখা গঢ়াৰ পৰামর্শ দিয়ে। তেওঁ ছাত্র-ছাত্রীসকলৰ ভাৰত সম্পর্কে সজাগতা আৰু প্ৰসাৰ কৰাৰ কথা কয়৷ ভাৰতৰ চিৰন্তন মূল্যবোধ আৰু বিশ্বত ভাৰতৰ ভাৱমূর্তিৰ আৰু অধিক প্রসাৰত বিশ্ব ভাৰতীয়ে অন্যান্য শিক্ষা প্রতিষ্ঠানসমূহক নেতৃত্ব দিব পাৰে৷ তেওঁ প্রতিগৰাকী ছাত্র-ছাত্রীক তেওঁলোকৰ সমীপৱর্তী গাঁওসমূহ বাছনি কৰি সেইবোৰকে আত্মনির্ভৰ কৰি তুলি তাত উৎপাদিত সামগ্ৰী সমগ্ৰ বিশ্বত বিপণনৰ উপায় বিচাৰি উলিওৱাৰ পৰামর্শ দিয়ে৷
गुरुदेव अगर विश्व भारती को सिर्फ एक यूनिवर्सिटी के रूप में देखना चाहते, तो वो इसको Global University या कोई और नाम भी दे सकते थे।
— PMO India (@PMOIndia) February 19, 2021
लेकिन उन्होंने, इसे विश्व भारती विश्वविद्यालय नाम दिया: PM @narendramodi
जब आप अपने कैंपस में बुधवार को ‘उपासना’ के लिए जुटते हैं, तो स्वयं से ही साक्षात्कार करते हैं।
— PMO India (@PMOIndia) February 19, 2021
जब आप गुरुदेव द्वारा शुरू किए गए समारोहों में जुटते हैं, तो स्वयं से ही साक्षात्कार करते हैं: PM @narendramodi
गुरुदेव टैगोर के लिए विश्व भारती, सिर्फ ज्ञान देने वाली एक संस्था नहीं थी।
— PMO India (@PMOIndia) February 19, 2021
ये एक प्रयास है भारतीय संस्कृति के शीर्षस्थ लक्ष्य तक पहुंचने का, जिसे हम कहते हैं- स्वयं को प्राप्त करना: PM @narendramodi
विश्व भारती तो अपने आप में ज्ञान का वो उन्मुक्त समंदर है, जिसकी नींव ही अनुभव आधारित शिक्षा के लिए रखी गई।
— PMO India (@PMOIndia) February 19, 2021
ज्ञान की, क्रिएटिविटी की कोई सीमा नहीं होती, इसी सोच के साथ गुरुदेव ने इस महान विश्वविद्यालय की स्थापना की थी: PM @narendramodi
आपको ये भी हमेशा याद रखना होगा कि ज्ञान, विचार और स्किल, स्थिर नहीं है, ये सतत चलने वाली प्रक्रिया है।
— PMO India (@PMOIndia) February 19, 2021
और इसमें Course Correction की गुंजाइश भी हमेशा रहेगी।
लेकिन Knowledge और Power, दोनों Responsibility के साथ आते हैं: PM @narendramodi
जिस प्रकार, सत्ता में रहते हुए संयम और संवेदनशील रहना पड़ता है, उसी प्रकार हर विद्वान को, हर जानकार को भी उनके प्रति ज़िम्मेदार रहना पड़ता है जिनके पास वो शक्ति नहीं है।
— PMO India (@PMOIndia) February 19, 2021
आपका ज्ञान सिर्फ आपका नहीं बल्कि समाज की, देश की धरोहर है: PM @narendramodi at Visva Bharati Convocation
ये सिर्फ विचारधारा का प्रश्न नहीं है, बल्कि माइंडसेट का भी विषय है।
— PMO India (@PMOIndia) February 19, 2021
आप क्या करते हैं, ये इस बात पर निर्भर करता है कि आपका माइंडसेट पॉजिटिव है या नेगेटिव है: PM @narendramodi
आप देखिए, जो दुनिया में आतंक फैला रहे हैं, जो दुनिया में हिंसा फैला रहे हैं, उनमें भी कई Highly Learned, Highly Skilled लोग हैं।
— PMO India (@PMOIndia) February 19, 2021
दूसरी तरफ ऐसे भी लोग हैं जो कोरोना जैसी वैश्विक महामारी से दुनिया को मुक्ति दिलाने के लिए दिनरात प्रयोगशालाओं में जुटे हुए हैं: PM @narendramodi
आपका ज्ञान, आपकी स्किल, एक समाज को, एक राष्ट्र को गौरवान्वित भी कर सकती है और वो समाज को बदनामी और बर्बादी के अंधकार में भी धकेल सकती है।
— PMO India (@PMOIndia) February 19, 2021
इतिहास और वर्तमान में ऐसे अनेक उदाहरण हैं: PM @narendramodi
अगर आपकी नीयत साफ है और निष्ठा मां भारती के प्रति है, तो आपका हर निर्णय किसी ना किसी समाधान की तरफ ही बढ़ेगा।
— PMO India (@PMOIndia) February 19, 2021
सफलता और असफलता हमारा वर्तमान और भविष्य तय नहीं करती।
हो सकता है आपको किसी फैसले के बाद जैसा सोचा था वैसा परिणाम न मिले, लेकिन आपको फैसला लेने में डरना नहीं चाहिए: PM
इस पुस्तक में धरमपाल जी ने थॉमस मुनरो द्वारा किए गए एक राष्ट्रीय शिक्षा सर्वे का ब्योरा दिया है।
— PMO India (@PMOIndia) February 19, 2021
1820 में हुए इस शिक्षा सर्वे में कई ऐसी बातें हैं, जो हैरान करती हैं।
उस सर्वे में भारत की साक्षरता दर बहुत ऊंची आंकी गई थी: PM @narendramodi
आज महान गांधीवादी धरमपाल जी की जन्म जयंती भी है।
— PMO India (@PMOIndia) February 19, 2021
उनकी एक रचना है- The Beautiful Tree- Indigenous Indian Education in the Eighteenth Century.
आज आपसे बात करते हुए मैं इसका जिक्र भी करना चाहता हूं: PM @narendramodi
इसी पुस्तक में विलियम एडम का भी जिक्र है जिन्होंने ये पाया था कि 1830 में बंगाल और बिहार में एक लाख से ज्यादा Village Schools थे: PM @narendramodi
— PMO India (@PMOIndia) February 19, 2021
भारत पर ब्रिटिश एजुकेशन सिस्टम थोपे जाने से पहले, थॉमस मुनरो ने भारतीय शिक्षा पद्धति और भारतीय शिक्षा व्यवस्था की ताकत देखी थी।
— PMO India (@PMOIndia) February 19, 2021
उन्होंने देखा था कि हमारी शिक्षा व्यवस्था कितनी वाइब्रेंट है: PM @narendramodi
गुरुदेव ने विश्वभारती में जो व्यवस्थाएं विकसित कीं, जो पद्धतियां विकसित कीं, वो भारत की शिक्षा व्यवस्था को परतंत्रता की बेड़ियों से मुक्त करने, उन्हें आधुनिक बनाने का एक माध्यम थीं: PM @narendramodi at Visva Bharati Convocation
— PMO India (@PMOIndia) February 19, 2021
ये शिक्षा नीति entrepreneurship, self employment को भी बढ़ावा देती है।
— PMO India (@PMOIndia) February 19, 2021
ये शिक्षा नीति Research को, Innovation को बढ़ावा देती है।
आत्मनिर्भर भारत के निर्माण में ये शिक्षा नीति भी एक अहम पड़ाव है: PM @narendramodi
आज भारत में जो नई राष्ट्रीय शिक्षा नीति बनी है, वो भी पुरानी बेड़ियों को तोड़ने के साथ ही, विद्यार्थियों को अपना सामर्थ्य दिखाने की पूरी आजादी देती।
— PMO India (@PMOIndia) February 19, 2021
ये शिक्षा नीति आपको अलग-अलग विषयों को पढ़ने की आजादी देती है।
ये शिक्षा नीति, आपको अपनी भाषा में पढ़ने का विकल्प देती है: PM
हाल ही में सरकार ने देश और दुनिया के लाखों Journals की फ्री एक्सेस अपने स्कॉलर्स को देने का फैसला किया है।
— PMO India (@PMOIndia) February 19, 2021
इस साल बजट में भी रिसर्च के लिए नेशनल रिसर्च फाउंडेशन के माध्यम से आने वाले 5 साल में 50 हज़ार करोड़ रुपए खर्च करने का प्रस्ताव रखा है: PM @narendramodi
भारत की आत्मनिर्भरता, देश की बेटियों के आत्मविश्वास के बिना संभव नहीं है।
— PMO India (@PMOIndia) February 19, 2021
नई राष्ट्रीय शिक्षा नीति में पहली बार Gender Inclusion Fund की भी व्यवस्था की गई है: PM @narendramodi
बंगाल ने अतीत में भारत के समृद्ध ज्ञान-विज्ञान को आगे बढ़ाने में देश को नेतृत्व दिया।
— PMO India (@PMOIndia) February 19, 2021
बंगाल, एक भारत, श्रेष्ठ भारत की प्रेरणा स्थली भी रहा है और कर्मस्थली भी रहा है: PM @narendramodi
इस वर्ष हम अपनी आजादी के 75वें वर्ष में प्रवेश कर रहे हैं।
— PMO India (@PMOIndia) February 19, 2021
विश्व भारती के प्रत्येक विद्यार्थी की तरफ से देश को सबसे बड़ा उपहार होगा कि भारत की छवि को और निखारने के लिए आप ज्यादा से ज्यादा लोगों को जागरूक करें: PM @narendramodi
भारत जो है, जो मानवता, जो आत्मीयता, जो विश्व कल्याण की भावना हमारे रक्त के कण-कण में है, उसका ऐहसास बाकी देशों को कराने के लिए विश्व भारती को देश की शिक्षा संस्थाओं का नेतृत्व करना चाहिए: PM @narendramodi
— PMO India (@PMOIndia) February 19, 2021