গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা। ই উন্নত আন্তঃগাঁথনিৰ বাবে গতি আৰু আধুনিক পদ্ধতি গ্ৰহণ, দুয়োটাকে দিয়া গুৰুত্বক প্ৰতিফলিত কৰে।"
A notable accomplishment on a very important highway route. It manifests the importance given to both speed and embracing modern methods for better infrastructure. https://t.co/I5SI0HZ8iA
— Narendra Modi (@narendramodi) May 19, 2023