প্ৰধানমন্ত্ৰীয়ে আজি লোক কল্যান মাৰ্গস্থিত তেওঁৰ বাসগৃহত বিভিন্ন বেশভূষাৰ শিল্লী, জনজাতীয় অতিথিবৃন্দ, এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক আদৰণি জনায়৷
গণৰাজ্য দিৱসৰ পেৰেড তথা আনুষংগিক অনুষ্ঠানত ভাগ ল’বলগীয়া শিল্পী আৰু অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁলোকৰ জীৱনৰ এক ডাঙৰ সূযোগ৷ তেওঁ লগতে কয় যে সমগ্ৰ দেশে তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ’ব৷
প্ৰধানমন্ত্ৰীয়ে দৈনন্দিন জীৱনৰ নিয়মানুৱৰ্তিতাৰ গুৰুত্ব সন্দৰ্ভত কোৱাৰ লগতে এনচিচিৰ বাবে নিয়মানুৱৰ্তিতা এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে৷ তেওঁ কয় যে প্ৰতিগৰাকী নাগৰিকে সকলো সময়তে তেওঁলোকৰ নাগৰিক কৰ্তব্যসমূহৰ প্ৰতি সজাগ হোৱা উচিত৷ তেওঁ কয় ইয়াৰ সৈতে জনসাধাৰণৰ আশা-আকাংক্ষা জড়িত হৈ আছে আৰু ই ভাৰতক নতুন শিখৰত উপনীত কৰিব৷
এই উপলক্ষে একাংশ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশিত আমোদজনক সাংস্কৃতিক অনুষ্ঠানো প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰীয়ে৷