প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনৰ পৰা টেলিফোন কল লাভ কৰে।
সভানেত্ৰী ভন ডাৰ লেয়েনে সাধাৰণ নিৰ্বাচনৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় গণতন্ত্ৰ আৰু বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন পৰিচালনাৰ গভীৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে সভানেত্ৰী ভন ডাৰ লেয়েনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ভাৰত-ইউৰোপীয় ইউনিয়নৰ ভাগ-বতৰা মূল্যবোধ আৰু নীতিৰ ওপৰত ভিত্তি কৰি শক্তিশালী সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বছৰ ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ ২০ বছৰীয়া জয়ন্তী উপলক্ষে আৰু বিশ্ব মংগলৰ বাবে অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দোঁহাৰে।
আজিৰ পৰা আৰম্ভ হ’বলগীয়া ইউৰোপীয় সংসদৰ নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।
Thank President @vonderleyen for her call. As we mark the 20th anniversary of the 🇮🇳🇪🇺 Strategic Partnership, we are committed to working together to further strengthen the ties for global good. My best wishes for the European Parliamentary elections.
— Narendra Modi (@narendramodi) June 6, 2024