প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত চৰকাৰ বিভিন্ন বিভাগত সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ১৭০গৰাকী যুৱ প্ৰশাসনিক বিষয়াৰ সৈতে বাৰ্তালাপ কৰে।
![](https://cdn.narendramodi.in/cmsuploads/0.19069400_1530712794_ias1.jpg)
প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত হোৱা অভিজ্ঞতাবোৰ সদৰি কৰিবলৈ উৎসাহ যোগায়। তেওঁ বিষয়াসকলৰ সৈতে জন অংশীদাৰ, তথ্য প্ৰবাহ, সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু প্ৰশাসনৰ প্ৰতি মানুহৰ বিশ্বাসকে ধৰি কেতবোৰ সু-প্ৰশাসনৰ উপাদান সন্দৰ্ভত আলোচনা কৰে।
![](https://cdn.narendramodi.in/cmsuploads/0.34830500_1530712809_ias2.jpg)
আলোচনাত গ্ৰাম স্বৰাজ অভিযান আৰু আয়ুষ্মান ভাৰত দৰে প্ৰশাসনিক প্ৰচেষ্টাসমূহেও স্থান লাভ কৰে।
![](https://cdn.narendramodi.in/cmsuploads/0.22269400_1530712826_ias3.jpg)
![](https://cdn.narendramodi.in/cmsuploads/0.01452400_1530712864_ias4.jpg)
এই উপলক্ষে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ লগতে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।