প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুম্বাই ভ্ৰমণ কৰিব৷ তাত তেওঁ এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলাপমেণ্ট বেংক (এআইআইবি)ৰ তৃতীয় বাৰ্ষিক বৈঠক উদ্বোধন কৰিব৷ এআইআইবি হ’ল এক বহুপক্ষীয় বিকাশ বেংক আৰু ইয়াৰ লক্ষ্য হ’ল এছিয়া তথা ইয়াৰ বাহিৰৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশ উন্নত কৰা৷
এই বছৰৰ বৈঠকৰ মূল বিষয় হ’ল—‘আন্তঃগাথনিৰ বাবে বিত্ত সংগ্ৰহ: নতুন উদ্ভাৱন আৰু সহযোগিতা’৷ সুস্থ আন্তঃগাথনি বিনিয়োগৰ মাধ্যমেৰে এক বহনক্ষম ভৱিষ্যত সৃষ্টিৰ বাবে বিভিন্ন সংগঠনৰ নেতা আৰু চৰকাৰৰ বিষয়-ববীয়াই নিজৰ নিজৰ ধাৰণা আৰু অভিজ্ঞতা বিনিময় কৰিব৷
এই বছৰত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ফ’ৰামো মুকলি কৰা হ’ব, য’ত বুনিয়াদী আন্তঃগাথনি ক্ষেত্ৰৰ দিগ্গজসকল একত্ৰিত হ’ব আৰু তেওঁলোকে পৰিকল্পনা আধাৰিত বিস্তৃত বিৱৰণ দাঙি ধৰিব৷
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে ব্যৱসায় আৰু ঔদ্যোগিক ক্ষেত্ৰৰ নেতাসকলক সাক্ষাৎ কৰিব৷ অৰ্থনৈতিক বিকাশ, আন্তঃগাথনি উন্নয়ন, নীতি নিৰ্ধাৰণৰ পদক্ষেপ, বিনিয়োগ, নতুন উদ্ভাৱন আৰু চাকৰি সৃষ্টি আদি সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব৷