প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জানুৱাৰী, ২০১৯ত মনিপুৰ আৰু অসম ভ্ৰমণ কৰিব৷
মনিপুৰত প্ৰধানমন্ত্ৰীয়ে মোৰেত সংহত তালাচী চকী (আইচিপি), ডলাইথাবি বেৰেজ প্ৰকল্প, ছাৱমবুঙত এফচিআই খাদ্য মজুতভাণ্ডাৰ, থাংগাল ছুৰুঙত ইক’ টুৰিজিম কমপ্লেক্স আৰু একাধিক পানী যোগান আঁচনিকে ধৰি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব৷
তেওঁ ৪০০ কেভিৰ দ্বৈত চাৰ্কিট শিলচৰ-ইণ্ফল লাইনো দেশবাসীৰ নামত উচৰ্গা কৰিব৷
তেওঁ লগতে ইম্ফলত ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিমূলক উন্নয়ন কাম-কাজ; ক্ৰীড়াৰ সুবিধা ইত্যাদিৰ আধাৰশিলা স্থাপন কৰিব; তাৰ পাছতে তেওঁ পূব ইম্ফল জিলাৰ হাপ্তাকাংজেইবুঙত এক সভাত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব৷
অসমত প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ ৰামনগৰত এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব৷