প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ফেব্ৰুৱাৰীত উত্তৰ-প্ৰদেশৰ ঝাঁছী ভ্ৰমণ কৰিব৷ তেওঁ ঝাঁছীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-প্ৰদেশৰ ঝাঁছীত প্ৰতিৰক্ষা ক’ৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰতিৰক্ষা উৎপাদনত ভাৰতক আত্ম-নিৰ্ভৰশীল কৰিবলৈ ভাৰত চৰকাৰে দেশত দুটা প্ৰতিৰক্ষা ক’ৰিডৰ স্থাপনৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ এটা তামিলনাডুত আৰু আনটো উত্তৰ প্ৰদেশত স্থাপন কৰা হ’ব৷ ঝাঁছী হ’ল উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা কৰিড’ৰৰ ৬ ন’ডেল পইণ্টৰ অন্যতম৷ প্ৰধানমন্ত্ৰীয়ে ২০১৮ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত উত্তৰ-প্ৰদেশ বিনিয়োগ সন্মিলনত এই কৰিড’ৰৰ কথা ঘোষণা কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে ঝাঁছী-খাইৰাৰ খণ্ডৰ ২৯৭ কিলোমিটাৰ দৈৰ্ঘৰ বৈদ্যুতিকৰণ প্ৰকল্প উদ্বোধন কৰিব৷ বৈদ্যুতিকৰণে ৰেলসেৱা দ্ৰুত কৰাৰ লগতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰে৷

তেওঁ পশ্চিম উত্তৰ-প্ৰদেশলৈ অবিৰত বিদ্যুতসেৱা নিশ্চিত কৰিবলৈ পশ্চিম-উত্তৰ আন্তঃআঞ্চলিক শক্তি হস্তান্তৰকৰণ প্ৰকল্প দেশবাসীৰ বাবে মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে পাহাৰী নদীবান্ধ আধুনিকীকৰণ প্ৰকল্প উদ্বোধন কৰিব৷ পাহাৰী নদীবান্ধ হ’ল ঝাঁছী জিলাৰ ধাছান নদীত স্থাপিত জল ভাণ্ডাৰ বান্ধ৷

সকলোৰে বাবে খোৱাপানী নিশ্চিত কৰাৰ বাবে চৰকাৰে লোৱা পৰিকল্পনাৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰীয়ে বাণ্ডেলখাণ্ড অঞ্চলৰ গ্ৰাম্য বাসিন্দাৰ বাবে পাইপ ৱাটাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়ে খৰাংপিড়ীত বাণ্ডেলখাণ্ড অঞ্চলত খোৱা পানীৰ যোগান নিশ্চিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে ঝাঁছী মহানগৰ খোৱা পানী আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ঝাঁছীত ৰে’ল দবা নিৰ্মাণ কাৰখানাৰ পুনৰ মুকলি প্ৰক্ৰিয়াৰ আধাৰশিলা স্থাপন কৰিব৷ এই প্ৰকল্পই বাণ্ডেলখাণ্ড অঞ্চলত সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ৪২৫ কিলোমিটাৰ দৈৰ্ঘৰ ঝাছী-মানিকপুৰ আরু ভিমছেন-খাইৰাৰ ৰেলৱে লাইনৰ দ্বৈত পথৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়ে ৰেল চলাচল অধিক সৰল কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন সাধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কেইদিনমান পূৰ্বে উত্তৰ-প্ৰদেশৰ বৃন্দাবন আৰু বাৰাণসী ভ্ৰমণ কৰিছিল৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Govt bolsters Agri Stack with ₹6,000 crore allocation to empower farmers

Media Coverage

Govt bolsters Agri Stack with ₹6,000 crore allocation to empower farmers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুন 2025
June 15, 2025

Citizens Appreciate PM Modi’s Decade of Transformation - Empowering India, Inspiring the World