প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ২০ জানুৱাৰীত “পৰীক্ষা পে চৰ্চা, ২০২০” অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ–মাতৃৰে বাৰ্তালাপ কৰিব৷ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিবলগীয়া “পৰীক্ষা পে চৰ্চা, ২০২০” শীৰ্ষক অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ কাইলৈ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে তেওঁলোকৰ সৈতে পৰীক্ষাৰ সময়ত কিদৰে চাপ নাইকিয়া কৰিব পাৰি, সেই বিষয়ে বাৰ্তালাপ কৰিব৷

এই ব্যতিক্ৰমী অনুষ্ঠানত অংশ ল’বলৈ পোৱাৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু পিতৃ–মাতৃসকলৰ মাজত যথেষ্ট উৎসাহ আৰু উৎকণ্ঠা পৰিলক্ষিত হৈছে৷ তদুপৰি তেওঁলোকে পৰৱৰ্তী সময়ত উন্নত ফলাফল সুনিশ্চিত কৰিব পৰাকৈ তথা চাপমুক্ত হৈ নিশ্চিন্তমনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰো পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰাৰ আশা আছে৷

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে হোৱা বাৰ্তালাপ কাৰ্যসূচীৰ প্ৰথম সংস্কৰণ “পৰীক্ষা পে চৰ্চা ১.০” ২০১৮ৰ ১০ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল৷ এই বাৰ্তালাপ কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণ “পৰীক্ষা পে চৰ্চা ২.০” ২০১৯ৰ ২৯ জানুৱাৰীত নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামতে অনুষ্ঠিত হৈছিল৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How India Fooled Pakistan Using Dummy Fighter Jet To Deceive Air Defence Systems During Op Sindoor

Media Coverage

How India Fooled Pakistan Using Dummy Fighter Jet To Deceive Air Defence Systems During Op Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 মে’ 2025
May 17, 2025

India Continues to Surge Ahead with PM Modi’s Vision of an Aatmanirbhar Bharat