Quoteপ্ৰধানমন্ত্ৰী মোদীৰ তত্বাৱধানত নিৰ্মাণ কৰা সংগ্ৰহালয়ৰ লক্ষ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদানৰ প্ৰতি সন্মান জনোৱা
Quoteসংগ্ৰহালয় নিৰ্মাণ প্ৰতিগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি এক শ্ৰদ্ধাঃ ইয়াত স্বাধীনোত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ জীৱন আৰু তেওঁলোকৰ অৱদানৰ কাহিনী বৰ্ণনা কৰা হৈছে
Quoteসংগ্ৰহালয়ৰ ল’গ’ত সন্নিৱিষ্ট ধৰ্মচক্ৰ ধৰি ৰখা ভাৰতীয় লোকসকলৰ হাতে ৰাষ্ট্ৰ আৰু গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে
Quoteসংগ্ৰহালয়ত সন্নিৱিষ্ট প্ৰযুক্তিভিত্তিক ব্যৱস্থাই ইয়াক অন্তৰংগ মনোগ্ৰাহী কৰি তুলিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিল, ২০২২ৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় উদ্বোধন কৰিব৷ আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উদ্বোধন কৰিবলগীয়া এই সংগ্ৰহালয়ত স্বাধীনোত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ জীৱন আৰু তেওঁলোকৰ অৱদানৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ তত্বাৱধানত নিৰ্মাণ কৰা সংগ্ৰহালয়ৰ লক্ষ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদানৰ প্ৰতি সন্মান জনোৱা আৰু যিটো আদৰ্শ আৰু কাৰ্যকাল নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰতি এক শ্ৰদ্ধা হিচাপে বিবেচিত হৈছে৷ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গ্ৰহণ কৰা এনে এক পদক্ষেপ, যাৰ লক্ষ্য হৈছে যুৱ প্ৰজন্মক আমাৰ সকলো প্ৰধানমন্ত্ৰীৰ নেতৃত্ব, সপোন আৰু সফলতাৰ প্ৰতি সংবেদনশীল হোৱাৰ লগতে প্ৰেৰণা যোগোৱা৷

পুৰণি আৰু নতুন মাজত মসৃণ সম্পৰ্কক প্ৰতিনিধিত্ব কৰা সংগ্ৰহালয়ৰ ত্ৰিমূৰ্তি ভৱনক ১নং ব্লক, নতুনকৈ নিৰ্মাণ কৰা ভৱনক ২নং ব্লক হিচাপে নামকৰণ কৰা হৈছে৷ দুয়োটা ব্লকৰ মুঠ এলেকা হৈছে ১৫,৬০০ বৰ্গ মিটাৰ৷

সংগ্ৰহালয়ৰ ভৱনৰ ডিজাইন উদিত ভাৰতৰ কাহিনীৰ প্ৰেৰণা লৈ আৰু ইয়াৰ নেতৃবৰ্গৰ হাতেৰে গঢ় দিয়া হৈছে৷ ডিজাইনত বহনক্ষম আৰু শক্তি সংৰক্ষণ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে৷ এই প্ৰকল্প নিৰ্মাণৰ সময়ত এজোপাও গছ কটা নাই বা স্থানান্তৰ কৰিবলগীয়া হোৱা নাই৷ সংগ্ৰহালয়ৰ ল’গ’ত সন্নিৱিষ্ট ধৰ্মচক্ৰ প্ৰতীক ধৰি ৰখা ভাৰতীয় লোকসকলৰ হাতে ৰাষ্ট্ৰ আৰু গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিছে৷

সংগ্ৰহালয়ৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰতিষ্ঠানৰ সম্পদ/ভাণ্ডাৰ যেনে-প্ৰসাৰ ভাৰতী, দূৰদৰ্শন, চলচ্ছিত্ৰ বিভাগ, সংসদ টিভি, প্ৰতিৰক্ষা মন্ত্ৰালয়, সংবাদ গোষ্ঠী (ভাৰতীয় আৰু বিদেশ), বিদেশী সংবাদ সংস্থা ইত্যাদিৰ পৰা সংগ্ৰহ কৰা হৈছে৷ অভিলেখাগাৰত উপযুক্ত ব্যৱহাৰ (সংগৃহীত কাম আৰু অন্যান্য সাহিত্য কৰ্ম, গুৰুত্বপূৰ্ণ সংবাদ), কেতবোৰ ব্যক্তিগত সামগ্ৰী, উপহাৰ আৰু স্মাৰক (সম্বৰ্ধনা, সন্মান, লাভ কৰা পদক, স্মাৰক ডাক টিকট, মুদ্ৰা ইত্যাদি), প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু মতাদৰ্শৰ কাল্পনিক উপস্থাপন তথা প্ৰধানমন্ত্ৰীসকলৰ জীৱনৰ বিভিন্ন দিশত বিষয়বস্তুভিত্তিক বিন্যাসত উপস্থাপন কৰা হ’ব৷

সংগ্ৰহালয়ত সামগ্ৰীৰ ভিন্নতা আৰু প্ৰদৰ্শনীৰ সঘন সাল-সলনি কৰাৰ বাবে অত্যাধূনিক প্ৰযুক্তিভিত্তিক ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে৷ সংগ্ৰহালয়ত হ’ল’গ্ৰাম, ভাৰ্চুৱেল বাস্তৱতা, উদ্দীপ্ত বাস্তৱতা, মাল্টি টাচ, মাল্টিমিডিয়া, ইণ্টাৰেক্টিভ কিয়স্ক, কম্পিউটাৰাইজড কাইনেটিক ভাস্কৰ্য, স্মাৰ্টফোন এপ্লিকেশ্যন, ইণ্টাৰেক্টিভ স্ক্ৰীণ, ব্যৱহাৰিক সুবিধা ইত্যাদিয়ে প্ৰদৰ্শনীৰ সকলো দিশ অধিক অন্তৰংগ আৰু আকৰ্ষণীয় কৰিব তুলিছে৷

সংগ্ৰহালয়ত মুঠ ৪৩টা গেলাৰী আছে৷ মুক্তিযোদ্ধাসকলৰ পৰা আৰম্ভ কৰি সংবিধান প্ৰণেতাসকললৈকে ফটো সন্নিৱিষ্ট কৰা সংগ্ৰহালয়ে আমাৰ প্ৰধানমন্ত্ৰীসকলে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো কিদৰে দেশখনক মাৰ্গদৰ্শন কৰাৰ লগতে দেশৰ সামগ্ৰিক প্ৰগতি সুনিশ্চিত কৰিছিল, তাৰ এক কাহিনী উপস্থাপন কৰা হৈছে৷

 

  • Babla sengupta January 23, 2024

    Babla sengupta
  • G.shankar Srivastav May 28, 2022

    नमो
  • Sanjay Kumar Singh May 14, 2022

    Jai Shri Laxmi Narsimh
  • ranjeet kumar May 10, 2022

    omm
  • Vivek Kumar Gupta May 06, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta May 06, 2022

    नमो नमो.
  • Vivek Kumar Gupta May 06, 2022

    जयश्रीराम
  • Vivek Kumar Gupta May 06, 2022

    नमो नमो
  • Vivek Kumar Gupta May 06, 2022

    नमो
  • Vigneshwar reddy Challa April 27, 2022

    Desh ke gaurava hai MODI ji aap ko abhinandan khar raha hu ji
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Terror Will Be Treated As War: PM Modi’s Clear Warning to Pakistan

Media Coverage

Terror Will Be Treated As War: PM Modi’s Clear Warning to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi extends greetings on National Technology Day
May 11, 2025

The Prime Minister, Shri Narendra Modi today extended his greetings on the occasion of National Technology Day. Shri Modi also expressed pride and gratitude to our scientists and remembered the 1998 Pokhran tests. He has also reaffirmed commitment to empowering future generations through science and research.

In a X post, the Prime Minister wrote;

"Best wishes on National Technology Day! This is a day to express pride and gratitude to our scientists and remember the 1998 Pokhran tests. They were a landmark event in our nation’s growth trajectory, especially in our quest towards self-reliance.

Powered by our people, India is emerging as a global leader in different aspects of technology, be it space, AI, digital innovation, green technology and more. We reaffirm our commitment to empowering future generations through science and research. May technology uplift humanity, secure our nation and drive futuristic growth."