প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীত উত্তৰ-প্ৰদেশৰ গ্ৰেটাৰ নইডাৰ ইণ্ডিয়া এক্সপ’ চেণ্টাৰত পেট্ৰ্’টেক-২০১৯ উদ্বোধন কৰিব৷ অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত তেওঁ ভাষণো আগবঢ়াব৷

পেট্ৰ’টেক-২০১৯ক ভাৰতৰ ধ্বজাবাহী হাইড্ৰ’কাৰ্বন সন্মিলন হিচাপে গণ্য কৰা হয়৷ ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে৷

১০ৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া তিনিদিনীয়া মেগা ইভেণ্টটোৱে ভাৰতৰ তেল আৰু গেছ খণ্ডৰ শেহতীয়া বজাৰ আৰু বিনিয়োগ-উপযোগী উন্নয়নক প্ৰদৰ্শন কৰিব৷ অংশীদাৰ দেশৰ প্ৰায় ৯৫গৰাকী শক্তি মন্ত্ৰী আৰু ৭০০০ প্ৰতিনিধিয়ে সন্মিলনত অংশ লোৱাৰ আশা কৰা হৈছে৷

সন্মিলনৰ সমান্তৰালকৈ অনুষ্ঠানত ২০,০০০ স্কোৱেৰ মিটাৰ ঠাই আগুৰি থকা এখন বৃহৎ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে৷ পেট্ৰ’টেক প্ৰদৰ্শনীত ১৩খন দেশৰ পেভিলিয়ন আৰু ৪০খন দেশৰ প্ৰায় ৭৫০ গৰাকী প্ৰদৰ্শনকাৰীয়ে অংশ লৈছে৷
প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ২০১৬ৰ ৫ ডিচেম্বৰত দ্বাদশ সংস্কৰণৰ পেট্ৰ’টেক উদ্বোধন কৰিছিল৷

তেওঁ আজি কয়, ‘ভাৰতৰ শক্তিখণ্ডৰ ভৱিষ্যতক লৈ মোৰ লক্ষ্যৰ চাৰিটা স্তম্ভ আছে—শক্তিৰ উপলব্ধতা, শক্তি উৎপাদনৰ দক্ষতা, শক্তিৰ সুস্থিৰতা আৰু শক্তিখণ্ডৰ সুৰক্ষা৷’

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Cabinet approves $2.7 billion outlay to locally make electronics components

Media Coverage

Cabinet approves $2.7 billion outlay to locally make electronics components
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2025
March 29, 2025

Citizens Appreciate Promises Kept: PM Modi’s Blueprint for Progress