প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ অক্টোবৰ, ২০২০ৰ বিয়লি ৪.৪৫ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ‘সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত’ শীৰ্ষক সতৰ্কতা আৰু দুৰ্নীতি বিৰোধীতাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব৷

এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ এই লিংকযোগে https://pmindiawebcast.nic.in/ চাব পাৰিব৷

পটভূমিঃ

প্ৰতি বছৰৰ ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ পালন কৰা ‘সতৰ্কতা সজাগতা সপ্তাহ’ৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা, চিবিআয়ে এই ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে৷ এই সন্মিলনৰ কাম–কাজত সতৰ্কতা সম্পৰ্কীয় বিষয়ত ধ্যান দিয়া হ’ব, য’ত জনসাধাৰণক সজাগ কৰা আৰু নাগৰিকসকলৰ সহযোগিতাৰে ৰাজহুৱা জীৱনত ঐক্যবদ্ধতা আৰু সত্যনিষ্ঠাৰে ভাৰতৰ সংকল্পক পুনৰ নিশ্চিত কৰা৷

এই তিনিদিনীয়া সন্মিলনত বিদেশত আইনী ক্ষেত্ৰৰ প্ৰত্যাহ্বান, ভষ্ট্ৰাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধমূলক সতৰ্কতাৰে পদ্ধতিগতভাৱে নিয়ন্ত্ৰণ কৰা, বিত্তীয় অন্তৰ্ভূক্তিৰ পৰ্যাক্ৰমে সংস্কাৰ সাধন আৰু বেংকসমূহৰ জাতিয়াতি ৰোধ কৰা, বিকাশৰ ইঞ্জিন হিচাপে ফলপ্ৰসূ গণনাৰ বিচাৰ কৰা, সক্ষমতা গঢ় দিয়া আৰু প্ৰশিক্ষণ, ত্বৰান্বিত আৰু অধিক ফলপ্ৰসূ অনুসন্ধানৰ বাবে এজেন্সিসমূহক বহুপাক্ষিক সমন্বয় সাধন কৰা, আৰ্থিক অপৰাধৰ বৰ্ধিত গতি, চাইবাৰ অপৰাধ আৰু অপৰাধ অনুসন্ধান সংস্থাসমূহৰ মাজত অনুসন্ধান আৰু অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা নিয়মসমূহ শ্বেয়াৰ কৰা ইত্যাদি দিশবোৰ আলোচনা কৰা হ’ব৷

এই সন্মিলনত নীতি নিৰ্ধাৰক আৰু এই ধৰণৰ আইনৰ ক্ষেত্ৰত কাম কৰি থকা বৃত্তিধাৰকসকলক এক সমান মঞ্চ প্ৰদান কৰা হ’ব, যাতে তেওঁলোকে পদ্ধতিগত সংস্কাসমূহৰ সৈতে যুঁজ দিব পাৰে আৰু ইয়াৰ জৰিয়তে সুশাসন তথা জবাবদিহি প্ৰশাসন ব্যৱস্থাত উদ্গনি লাভ কৰিব৷ এয়া ভাৰতত ব্যৱসায় কৰাৰ ক্ষেত্ৰত সৰলীকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব৷

কেন্দ্ৰীয় উত্তৰ–পূৰ্বাঞ্চল উন্নয়ন দপ্তৰ(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও এই উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াব৷

এই সন্মিলনত দুৰ্নীতি বিৰোধী ব্যুৰ’ৰ শীৰ্ষ অধিকাৰী, সতৰ্কতা ব্যুৰ’, অৰ্থনৈতিক অপৰাধ বিভাগ/ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চিআইডি বিষয়া, মুখ্য সৰ্তকতা বিষয়া, চিবিআইৰ বিষয়াবৰ্গৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ লগতে আৰক্ষীৰ সঞ্চালক প্ৰধানসকলেও অংশগ্ৰহণ কৰিব৷

 

  • Reena chaurasia August 29, 2024

    मोदी
  • शिवकुमार गुप्ता February 01, 2022

    जय भारत
  • शिवकुमार गुप्ता February 01, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 01, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 01, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India Semiconductor Mission: How India plans to become the world’s next chip powerhouse

Media Coverage

India Semiconductor Mission: How India plans to become the world’s next chip powerhouse
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
মাওবাদী প্ৰভাৱিত এলেকাত শান্তি প্ৰতিষ্ঠাৰ বাবে আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
May 14, 2025

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় আমাৰ নিৰাপত্তা বাহিনীৰ সফলতাই এইটো দেখুৱাইছে যে মাওবাদক শিপাৰে সৈতে উভালি পেলোৱাত আমাৰ অভিযান সঠিক দিশত অগ্ৰসৰ হৈছে। শ্ৰী মোদীয়ে লগতে কয় “মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ মূলসুঁতিৰ সৈতে সংযোগ স্থাপনৰ বাবে আমি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পোষ্টত সঁহাৰি জনাই এক্সত প্ৰধানমন্ত্ৰীয়ে কয়;

“নিৰাপত্তা বাহিনীৰ এই সফলতাই দেখুৱাইছে যে মাওবাদক শিপাৰে সৈতে উভালি পেলোৱাত আমাৰ অভিযান সঠিক দিশত আগবাঢ়িছে। আমি মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়নৰ মূলসুঁতিৰ সৈতে সংযোগ কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”