প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ৩ জানুৱাৰী, শুকুৰবাৰে বাংগালুৰুৰ জিকেভিকেস্থিত ইউনিভাৰ্চিটী অৱ এগ্ৰিকালচাৰেল ছায়েন্সেছত ১০৭সংখ্যক ভাৰতীয় বিজ্ঞান সমাৰোহ উদ্বোধন কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী ভাষণ আগবঢ়োৱাৰ লগতে আই–ষ্টেম পৰ্টেলৰো শুভাৰম্ভ কৰিব৷ অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ. য়েডিউৰাপ্পা আৰু কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনকে ধৰি একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷
এই বছৰৰ ভাৰতীয় বিজ্ঞান সমাৰোহৰ বিষয়বস্তু হৈছে “বিজ্ঞান আৰু প্ৰযুক্তিঃ গ্ৰামোন্নয়ন”৷ অনুষ্ঠানত নৱেল বঁটা বিজয়ী, বিজ্ঞানী, বুদ্ধিজীৱি, শিক্ষাবিদ, নীতি নিৰ্মাতা, গৱেষক, শিক্ষাৰ্থী আৰু বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিকে ধৰি প্ৰায় ১৫,০০০ লোকে অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জানিবলৈ ‘ISC 2020 UASB’ মোবাইল এপযোগে চাব পাৰিব৷ এই এপটো গুগল প্লেষ্টোৰৰ নিম্নোলিখিত লিংকত উপলব্ধ
https://play.google.com/store/apps/details?id=com.indiansciencecongress&hl=en_IN.