একেটা অনুষ্ঠানতে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২০১৯ৰ ডিচেম্বৰ-২০২০ৰ মাৰ্চৰ সময়ছোৱাত কৃষকে পাবলগীয়া ২০০০টকাৰ তৃতীয়টো কিস্তিও মুকলি কৰি দিব৷ ইয়ে প্ৰায় ৬কোটি উপভোক্তাক উপকৃত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপভোক্তাক প্ৰমাণপত্ৰ প্ৰদান কৰিব৷
প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমান্তৰালকৈ তামিলনাডুৰ নিৰ্বাচিত কৃষকলৈ গভীৰ সমুদ্ৰত মাছ মাৰিব পৰা জাহাজৰ চাবি আৰু মাছ ধৰিব পৰা উপকৰণ আগবঢ়াব৷
তেওঁ কৰ্ণাটকৰ নিৰ্বাচিত কৃষকৰ মাজত কিষাণ ক্ৰেডিট কাৰ্ড(কেচিচি)বিতৰণ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে এক প্ৰদৰ্শনী পৰিদৰ্শন কৰিব আৰু উপস্থিত জনতাক সম্বোধন কৰিব৷