প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব জৈৱ ইন্ধন দিৱস-২০১৮ উপলক্ষে ১০ আগষ্ট, ২০১৮ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।
এই উপলক্ষে তেওঁ সমবেত বিভিন্ন ক্ষেত্ৰ, বিশেষকৈ কৃষক, বিজ্ঞান, উদ্যোগী, শিক্ষাৰ্থী, চৰকাৰী বিষয়াবৰ্গৰ লগতে বিধানপালিকাৰ লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব।
জৈৱ ইন্ধনে খাৰুৱা তেলৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিব। সেইবোৰে এক পৰিষ্কাৰ পৰিৱেশৰ বৰঙণি যোগোব, কৃষকসকলৰ বাবে অতিৰিক্ত উপাৰ্জন বৃদ্ধি কৰাৰ লগতে গ্ৰামাঞ্চলত সংস্থাপনৰ সৃষ্টি কৰিব। সেইবাবে কৃষকৰ আয় আৰু স্বচ্ছ ভাৰতকে ধৰি চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাসমূহৰ সৈতে জৈৱ ইন্ধনৰ এক সম্বন্ধ আছে।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে, ২০১৩-১৪ৰ পৰা বছৰি ইথানল মিহলি পেট্ৰ’লৰ যোগান পৰিমাণ ৩৮ কোটি লিটাৰলৈ বৃদ্ধি পাইছে আৰু ২০১৭-১৮ বৰ্ষত এই পৰিমাণ ১২১ কোটি লিটাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰে ২০১৮ৰ জুন মাহত জৈৱ ইন্ধনৰ ৰাষ্ট্ৰীয় নীতিত অনুমোদন জনাইছে।