প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰৰ সৈতে বিহাৰত চম্পাৰণ সত্যাগ্ৰহ শতবাৰ্ষিকীৰ সমাপ্তি সমাৰোহত অংশগ্ৰহণ কৰিব৷
তেওঁ ২০,০০০ স্বচ্ছগ্ৰাহী অথবা স্বচ্ছতাৰ ৰাষ্ট্ৰদূতসকলক উদ্দেশ্যি এই সমাৰোহ উপলক্ষে মতিহাৰীত বক্তৃতা প্ৰদান কৰিব৷ গ্ৰামীণ পৰ্যায়ত অনাময় ব্যৱস্থা প্ৰণয়নৰ বাবে স্বচ্ছগ্ৰাহীসকল হ’ল ‘পদাতিক সৈন্য’ তথা পথ প্ৰদৰ্শকস্বৰূপ৷ ৰাষ্ট্ৰক মুক্ত মলত্যাগৰ পৰা মুক্ত কৰিবলৈ স্বচ্ছগ্ৰাহীসকলে প্ৰধান ভূমিকা পালন কৰি আহিছে৷
মহাত্মা গান্ধীয়ে এক শতিকা পূৰ্বে ১৯১৭ চনৰ ১০ এপ্ৰিলত ব্ৰিটিছসকলে ইণ্ডিগ’ কৃষিপদ্ধতি প্ৰণয়ন কৰিবলৈ বাধ্য কৰোৱা কৃষকসকলৰ হকে যুঁজ দিবলৈ এই চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল৷ ২০১৮ চনৰ এপ্ৰিলৰ ১০ তাৰিখে চম্পাৰণ সত্যাগ্ৰহৰ এটা শতিকা সম্পূৰ্ণ হ’ব আৰু ইয়াক ‘সত্যাগ্ৰহ সে স্বচ্ছগ্ৰহ’ৰ শিবিৰৰ জৰিয়তে উদযাপন কৰা হ’ব৷
এই সমাৰোহ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে সদৰী কৰিব৷ যেনে-
· মতিঝীল প্ৰকল্প; এএমআৰইউটিৰ অন্তৰ্গত বেটিয়াহ নগৰ পৰিষদ পানী যোগান আঁচনি; ১১১১.৫৬ কোটি টকাৰ চাৰিটা নৰ্দমা প্ৰকল্প, যি নমামি গংগাৰ অধীনত প্ৰতিদিনে পাটনাৰ বাবে ৬০ মিলিয়ন লিটাৰ মল সামৰ্থৰ ধাৰণ ক্ষমতাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে; মুজাফ্ফৰপুৰ আৰু ছাগাৱালি তথা ছাগাৱলি আৰু বাল্মিকীনগৰৰ মাজত দ্বৈত ৰে’লপথ; মতিহাৰী-আম্বেলখাং অইল পাইপ লাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন অথবা মুকলি
- ৰাষ্ট্ৰলৈ মাধেপুৰ বৈদ্যুতিক লক’ম’টিভ কাৰখানাৰ প্ৰথম পৰ্যায়ৰ উচৰ্গা৷
- প্ৰথম ১২০০০ এইচপি মালবাহী বৈদ্যুতিক লক’ম’টিভ আৰু চম্পাৰণ হামচফৰ এক্সপ্ৰেছৰ ফ্লেগিং অফ৷
প্ৰধানমন্ত্ৰীয়ে চম্পাৰণ স্বচ্ছগ্ৰাহীসকলক পুৰস্কাৰো বিতৰণ কৰিব৷