প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত ভাষণ প্ৰদান কৰিব। নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নিটী আয়োগে এই অনুষ্ঠান আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ১০০ ৰো অধিক জিলাৰ ব্যাপক ৰূপান্তৰৰ সৈতে জড়িত থকা ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মত-বিনিময় কৰিব৷
প্ৰধানমন্ত্ৰীৰ ‘নৱভাৰত ২০২২’ শীৰ্ষক পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত হ’বলগীয়া বিকাশশীল জিলাসমূহৰ ৰূপান্তৰ শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ নিৰ্দিষ্ট উন্নয়নমূলক দিশসমূহক মূল আধাৰ হিচাপে ৰাখি দেশৰ জিলাসমূহৰ ক্ষীপ্ৰ উন্নয়ণৰ বাবে এক গুৰুত্বপূৰ্ণ নীতি প্ৰস্তুত কৰিছে চৰকাৰে৷ এই জিলাসমূহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট উন্নয়নমূলক দিশসমূহক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাসমূহৰ মাজত যোগসূত্ৰ ৰক্ষাৰ বাবে অতিৰিক্ত সচিব আৰু যুটীয়া সচিব পদ অধিষ্ঠিত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক এই দায়িত্ব প্ৰদান কৰা হৈছে।