প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবু ঢাবিৰ ৰাজকুমাৰ আৰু ইউএইৰ সশস্ত্ৰ বাহিনীৰ ডেপুটী ছুপ্ৰিম ক’মাণ্ডাৰ শ্ৰীমান ছেইখ মহম্মদ বিন জায়েড অল-নাহিয়ানৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷
নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সহযোগিতাৰ সৰ্বাংগীন বিকাশক লৈ সন্তুষ্টি ব্যক্ত কৰে৷
দ্বিপাক্ষিক বিস্তৃত কৌশলগত অংশীদাৰিত্ব অধিক সম্প্ৰসাৰিত কৰিবলৈ দেশ দুখনে গ্ৰহণ কৰা সংকল্পৰ কথা তেওঁলোকে আজি পুনৰ এবাৰ সোঁৱৰণ কৰে৷
চলিত মাহৰ আৰম্ভণিতে আবু ঢাবিত অনুষ্ঠিত আইঅ’চি বৈদেশিক মন্ত্ৰীৰ বৈঠকলৈ ভাৰতক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আবু ঢাবিৰ ৰাজকুমাৰগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতৰ এই ঐতিহাসিক অংশগ্ৰহণে শান্তি আৰু সমৃদ্ধিৰ দিশত এক উল্লেখনীয় ভূমিকা পালন কৰিব৷