ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ—
“আছিয়ান-ইণ্ডিয়া আৰু ইষ্ট এছিয়া সন্মিনত ভাগ লোৱাৰ বাবে মই ১৪-১৫ নৱেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰি আছো৷ ইয়াৰ উপৰি মই ৰিজঅ’নেল কম্প্ৰিহেনছিভ ইক’নমিক পাৰ্টনাৰ্টশ্বিপ লিডাৰ্ছৰ বৈঠকত অংশগ্ৰহণ কৰিম৷
এই বৈঠকসমূহত মোৰ অংশগ্ৰহণে আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু ইণ্ডো-পেচিফিক অঞ্চলৰ সৈতে আমাৰ সম্পৰ্ক উন্নত কৰাৰ সংকল্পক প্ৰতিফলিত কৰিব৷ আছিয়ান আৰু ইষ্ট এছিয়া সন্মিলনত ভাগ লোৱা নেতাসকলৰ সৈতে হ’বলগীয়া বাৰ্তালাপক লৈ মই আগ্ৰহী৷
১৪ নৱেম্বৰত মই ছিংগাপুৰ ফিনটেক মহোৎসৱত চৰকাৰৰ প্ৰথমগৰাকী মূৰব্বী হিচাপে মূল ভাষণ ৰখাৰ সুযোগ লাভ কৰিম৷ বিত্তীয় প্ৰযুক্তিৰ দিশত বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে এই মহোৎসৱ হ’ল ভাৰতৰ দ্ৰুত বিকশিত অৰ্থনীতি প্ৰদৰ্শনৰ উপযুক্ত মঞ্চ৷
এই ভ্ৰমণৰ সময়ছোৱাত মই ভাৰত-ছিংগাপুৰ যুটীয়া হেকাথনৰ অংশগ্ৰহণকাৰী আৰু বিজয়ীসকলকো সাক্ষাতৰ সুযোগ লাভ কৰিম৷ এয়া মোৰ দৃঢ় বিশ্বাস যে যদি আমি আমাৰ যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধান দিও, তেন্তে আমাৰ যুৱ প্ৰজন্মৰ মাজত গোলকীয় প্ৰত্যাহ্বানৰ সমাধান দিব পৰাকৈ বিশ্ব নেতা হোৱাৰ দক্ষতা আছে৷
মই আশা কৰো যে মোৰ ছিংগাপুৰ ভ্ৰমণে আছিয়ান আৰু ইষ্ট এছিয়া সন্মিলনৰ দেশৰ মাজত আমাৰ ক্ৰমবৰ্ধিত সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিব৷
এই বছৰ সফলতাৰে আছিয়ানক অধ্যক্ষতা কৰাৰ বাবে মই ছিংগাপুৰক অভিনন্দন জনাব বিচাৰো আৰু সন্মিলনৰ সফল আয়োজনৰ বাবে শুভকামনা জনাইছো৷”.
I will be in Singapore tomorrow and the day after to take part in the ASEAN-India, East Asia Summits as well as the Regional Comprehensive Economic Partnership (RCEP) Leaders' Meeting. India strongly values the close ties with ASEAN nations. This augurs well for our citizens.
— Narendra Modi (@narendramodi) November 13, 2018
At 7:45 AM IST tomorrow, I will be delivering the keynote address at the Singapore Fintech Festival. I would be talking about various issues relating to the sector. India’s prowess in the Fintech Sector will also be showcased during the festival. https://t.co/G5r5jKozlX
— Narendra Modi (@narendramodi) November 13, 2018
I will also interact with the participants and winners of the first ever joint India-Singapore Hackathon. This is a stupendous effort to promote a spirit of innovation among our youngsters and empower them to solve the major problems our planet faces.
— Narendra Modi (@narendramodi) November 13, 2018