QuotePM’s statement prior to his departure to Davos

ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তিৰ লিখিত ৰূপ তলত দিয়া হ’লঃ

“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক। 

সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা তথা বিশ্বৰ প্ৰশাসনিক আন্তঃগাঁথনিৰ বাবে সমগ্ৰ বিশ্বৰ নেতা, চৰকাৰ, নীতি নিৰ্ধাৰক, কৰ্পোৰেট আৰু সভ্য সামজে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

সাম্প্ৰতিক সময়ত বৰ্হিবিশ্বৰ লগত ভাৰতৰ অংশগ্ৰহণ ৰাজনৈতিক, অৰ্থনৈতিক, ব্যক্তিগত পৰ্যায়ত, সুৰক্ষাৰ দিশত আৰু আন আন ক্ষেত্ৰত অতি প্ৰভাৱশালী তথা বহুমূখী হৈছে।

ডাভোচত মই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে ভাৰতৰ ভৱিষ্যতৰ সম্পৰ্কৰ বিষয়ত বহু কথা আলোচনা কৰিম বুলি আশা কৰিছো।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ কাৰ্যক্ৰম সমূহৰ উপৰিও মই পৃথকে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি মাননীয় শ্ৰী এলেইন বেৰছেট আৰু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী ষ্টিফেন লফভেনৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম।  

মই নিশ্চিত যে  এই দ্বিপাক্ষিক বৈঠক ফলপ্ৰসূ হ’ব আৰু দুয়োখন দেশৰ ভৱিষ্যতৰ অৰ্থনৈতিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।

  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp December 05, 2023

    नमो नमो नमो नमो नमो नमो
  • Laxman singh Rana September 13, 2022

    नमो नमो 🇮🇳🌹🌹
  • Laxman singh Rana September 13, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana September 13, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav June 11, 2022

    G.shankar Srivastav
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Modi Government’s Resolute Pursuit for a Naxal-Free India

Media Coverage

Modi Government’s Resolute Pursuit for a Naxal-Free India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays tributes to former Prime Minister Shri Rajiv Gandhi on his death anniversary
May 21, 2025

The Prime Minister Shri Narendra Modi paid tributes to former Prime Minister Shri Rajiv Gandhi on his death anniversary today.

In a post on X, he wrote:

“On his death anniversary today, I pay my tributes to our former Prime Minister Shri Rajiv Gandhi Ji.”