Quoteসমাজ আৰু ৰাইজে মাইক্ৰ'ৰিটেনচন জ’ন সৃষ্টিৰ বাবে উদ্যোগ ল'ব লাগিব: প্ৰধানমন্ত্ৰী
Quoteআমি ভেকচিনৰ শুন্য অপচয়ৰ দিশে আগবাঢ়িব লাগিব: প্ৰধানমন্ত্ৰী
Quoteব্যক্তিগত, সামাজিক আৰু প্ৰশাসনিক পৰ্যায়ত 'টিকা উৎসৱ'ৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক: প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসীসকল,

আজি ১১ এপ্ৰিল অৰ্থাৎ জ্যোতিবা ফুলেৰ জয়ন্তীৰ সৈতে আমি দেশবাসীয়ে ‘টীকা উৎসৱ’ৰ শুভাৰম্ভ কৰিছো৷ এই ‘টীকা উৎসৱ’ ১৪ এপ্ৰিল অৰ্থাৎ বাবা চাহেব আম্বেদকাৰ জয়ন্তীলৈ চলিব৷

এই উৎসৱ এক প্ৰকাৰে ক’ৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুদ্ধৰ আৰম্ভণি৷ ইয়াত আমি ব্যক্তিগত স্বাস্থ্যবিধিৰ লগতে সামাজিক স্বাস্থ্যবিধিতো বিশেষ গুৰুত্ব প্ৰদান কৰিম৷

আমি এই চাৰিটা কথা নিশ্চিতভাৱে মনত ৰাখিব লাগিব৷

Each One- Vaccinate One, অৰ্থাৎ যিসকল নিৰক্ষৰ, বয়সস্থ, যি নিজে গৈ টীকা লগাব নোৱাৰে তেওঁলোকক সহায় কৰিব লাগিব৷

Each One- Treat One, অৰ্থাৎ যিসকল লোকৰ ওচৰত সাধনৰ অভাৱ, যাৰ তথ্যৰ অভাৱ, তেওঁলোকক ক’ৰোনাৰ চিকিৎসাত সহায় কৰিব লাগিব৷

Each One- Save One, অৰ্থাৎ মই নিজেও মাস্ক পৰিধান কৰিম, নিজকে সুৰক্ষিত ৰাখিম আৰু আনকো সুৰক্ষিত ৰাখিম৷ ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগিব৷

আৰু চতুৰ্থটো গুৰুত্বপূৰ্ণ কথা, ক’ৰবাত ক’ৰোনাই দেখা দিলে সেই স্থানক ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ হিচাপে ঘোষণা কৰাৰ নেতৃত্ব সমাজৰ লোকে কৰিব লাগিব৷ য’তেই এজনো যদি ক’ৰোনা পজিটিভ কেছ দেখা পোৱা যায় তাতেই পৰিয়ালৰ লোকে, সমাজৰ লোকে ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ গঢ়ি তুলিব লাগিব৷

ভাৰতৰ দৰে ঘন জনবসতিপূৰ্ণ আমাৰ দেশত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ এক গুৰুত্বপূৰ্ণ প্ৰয়াস৷ এটাও পজিটিভ কেছ দেখা পালে আমি সকলোৱে সজাগ হৈ থকা, আন লোকৰ পৰীক্ষণ কৰোৱাটো অতিশয় আৱশ্যক৷ ইয়াৰ সৈতে টীকাৰ হিতাধিকাৰীসকলে যাতে টীকা গ্ৰহণ কৰিব পাৰে তাৰ সম্পূৰ্ণ প্ৰয়াস আমি সমাজে কৰিব লাগিব, প্ৰশাসনেও কৰিব লাগিব৷

এটা প্ৰতিষেধকো যাতে অথলে নাযায় এয়া আমি সুনিশ্চিত কৰিব লাগিব৷ আমি শূন্য প্ৰতিষেধক পৰীক্ষণৰ দিশে আগবাঢ়িব লাগিব৷ এই সময়ছোৱাত আমি দেশৰ প্ৰতিষেধক ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰকৰণৰ দিশত আগবাঢ়িব লাগিব৷ এয়াও আমাৰ ক্ষমতা বৃদ্ধি কৰাৰ এটা প্ৰক্ৰিয়া৷

আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে ‘মাইক্ৰ’ কণ্টেইনমেণ্ট অঞ্চল’ৰ প্ৰতি আমি কিমান সজাগ৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে বিনা প্ৰয়োজনত যাতে আমি ঘৰৰ পৰা বাহিৰ নহও৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে যি টীকাৰ হিতাধিকাৰী, তেওঁ যাতে টীকা গ্ৰহণ কৰিব পাৰে৷ আমাৰ সফলতা এইটো কথাৰ পৰা নিশ্চিত হ’ব যে আমি যাতে মাস্ক পৰিধান কৰো আৰু অন্য নিয়মসমূহো পালন কৰো৷

বন্ধুসকল,

এই চাৰিটা দিনত ব্যক্তিগত পৰ্যায়ত, সামাজিক পৰ্যায়ত আৰু প্ৰশাসনিক পৰ্যায়ত আমি আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু এয়া প্ৰাপ্ত কৰাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিব লাগিব৷ মোৰ সম্পূৰ্ণ বিশ্বাস, এই ধৰণৰ সহযোগিতাৰে, সজাগ হৈ থাকি, নিজৰ দায়িত্ব পালন কৰি আমি পুনৰ ক’ৰোনাক নিয়ন্ত্ৰিত কৰাত সফল হ’ম৷

মনত ৰাখিব, ঔষধো আৰু নিয়মানুৱৰ্তিতাও৷

ধন্যবাদ!

আপোনালোকৰ,

নৰেন্দ্ৰ মোদী 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PMI data: India's manufacturing growth hits 10-month high in April

Media Coverage

PMI data: India's manufacturing growth hits 10-month high in April
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Jammu & Kashmir Chief Minister meets Prime Minister
May 03, 2025

The Chief Minister of Jammu & Kashmir, Shri Omar Abdullah met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi.”