শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মৈত্ৰীপালা ছিৰিসেনাই নতুন দিল্লীত ৩০ মে’, ২০১৯ত আয়োজিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

আজি অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত ৰাষ্ট্ৰপতি ছিৰিসেনাই প্ৰধানমন্ত্ৰীক সদ্য অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত তেওঁৰ দলৰ অভূতপূৰ্ব বিজয়ৰ লগতে পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ বাবে অভিনন্দন জনায় আৰু দুয়োখন দেশ তথা অঞ্চলটোৰ শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে উভয়ে সহযোগিতাৰে কাম কৰি সম্পৰ্ক সুদৃঢ় কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ছিৰিসেনাক শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জনায়৷ তেওঁ শ্ৰীলংকাৰ সৈতে বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে দায়বদ্ধতা বজাই ৰাখিব বুলি সদৰি কৰে৷

দুয়োগৰাকী নেতাই উল্লেখ কৰে যে সন্ত্রাসবাদ আৰু উগ্ৰবাদ এতিয়াও মানৱতাৰ বাবে বিপদজনক আৰু দুয়োজনে দক্ষিণ এছিয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বার্থত দ্বিপাক্ষিক সহযোগিতাক অধিক সদৃঢ় কৰি তুলিব বুলি প্রতিশ্ৰুতিবদ্ধ হয়৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
FTA with UK adds strength to India's hand in other deals: Sunil Mittal

Media Coverage

FTA with UK adds strength to India's hand in other deals: Sunil Mittal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2025
July 24, 2025

Global Pride- How PM Modi’s Leadership Unites India and the World