বৈঠকত নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সঠিক স্থিতিক লৈ গভীৰ সন্তুষ্টি প্ৰকাশ কৰে৷ ভ্ৰমণকাৰী ৰাষ্ট্ৰপতিগৰাকীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ হৈ প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে, পূৰ্বনিৰ্ধাৰিত গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে শ্বেইখ হাছিনাই মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল৷ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আমন্ত্ৰণ আনন্দ মনেৰে স্বীকাৰ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অনাগত দিনত ভাৰতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব৷ ভাৰত আৰু বাংলাদেশৰ ক্ৰমবৰ্ধমান সম্পৰ্কক এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে জোৰ দিয়ে৷ ২০২০ত বাংলাবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী আৰু ২০২১ত বাংলাদেশৰ স্বাধীনতাৰ ৫০ বৰ্ষপূৰ্তি সফলতাৰে আয়োজনৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশ চৰকাৰৰ যুটীয়া প্ৰচেষ্টা সন্দৰ্ভতো নেতা দুগৰাকীয়ে আলোচনা কৰে৷

উল্লেখ্য যে, ৩০মে’ত ভাৰতৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহিছে৷ সন্মানীয় অতিথিয়েগৰাকীয়ে ইয়াৰ পূৰ্বে ২০১৪ৰ ডিচেম্বৰত ভাৰতৰ এখন ৰাজ্য ভ্ৰমণ কৰিছিল৷ তেওঁ ২০১৮ৰ মাৰ্চত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্ৰথমখন বৈঠকৰ বাবে পুনৰ ভাৰত ভ্ৰমণলৈ আহিছিল৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Inc hails 'bold' Budget with 'heavy dose of reforms' to boost consumption, create jobs

Media Coverage

India Inc hails 'bold' Budget with 'heavy dose of reforms' to boost consumption, create jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 ফেব্ৰুৱাৰী 2025
February 02, 2025

Appreciation for PM Modi's Visionary Leadership and Progressive Policies Driving India’s Growth