৫০সংখ্যক ‘বিজয় দিৱস’ত মুক্তিযোদ্ধা, বীৰাংগণা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শৌৰ্য তথা ত্যাগৰ গাঁথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে ৰাষ্ট্ৰপতি জী ঢাকাত উপস্থিত থকা কথাই প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই বিশেষ তাত্পৰ্য বহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“৫০সংখ্যক বিজয় দিৱসত মই মুক্তিযোদ্ধা, বীৰাংগণা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰযোদ্ধাসকলৰ শৌৰ্য আৰু ত্যাগৰ গাঁথা স্মৰণ কৰিছো। আমি একেলগে যুঁজিছিলো আৰু দমনকাৰী শক্তিক পৰাভূত কৰিছিলো। ঢাকাত ৰাষ্ট্ৰপতি জীৰ উপস্থিতিয়ে প্ৰতিগৰাকী ভাৰতীয় বাবে বিশেষ তাত্পৰ্য বহণ কৰিছে”।
On the 50th Vijay Diwas, I recall the great valour and sacrifice by the Muktijoddhas, Biranganas and bravehearts of the Indian Armed Forces. Together, we fought and defeated oppressive forces. Rashtrapati Ji’s presence in Dhaka is of special significance to every Indian.
— Narendra Modi (@narendramodi) December 16, 2021