প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷
তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতীয় ৰাজনীতিৰ এক গৌৰৱময় অধ্যায়ৰ পৰিসমাপ্তি ঘটিল৷ সমাজ সেৱা আৰু দৰিদ্ৰৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ নামত জীৱন উৎসৰ্গা কৰা এগৰাকী অসাধাৰণ নেত্ৰীক হেৰুৱাই সমগ্ৰ দেশ আজি ম্ৰিয়মান৷ সুষমা স্বৰাজজী আছিল কোটি কোটি লোকৰ প্ৰেৰণাৰ উৎস৷’
তেওঁ এগৰাকী দুৰ্দান্ত বক্তা আৰু অসাধাৰণ সাংসদ আছিল৷ দল নিৰ্বিশেষে তেওঁ সকলোৰে জনপ্ৰিয় নেতা আছিল৷ বিজেপিৰ আদৰ্শ আৰু স্বাৰ্থৰ বিষয়ত তেওঁ আপোচবিহীন আছিল৷ বিজেপিৰ উত্থানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷
এগৰাকী দক্ষ প্ৰশাসক সুষমা জীয়ে কাৰ্যনিৰ্বাহ কৰা প্ৰতিটো মন্ত্ৰালয়তে এক উচ্চ মানদণ্ড প্ৰতিষ্ঠা কৰিছিল৷ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰাত তেওঁ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷ বিশ্বৰ যিকোনো প্ৰান্তত বিপদৰ সন্মুখীন হোৱা ভাৰতীয় লোকক তেওঁ সহায় কৰিছিল আৰু এইদৰে আমি তেওঁৰ দয়ালু স্বভাৱো দেখিবলৈ পাইছিলো৷
যোৱা পাঁচ বছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে বিৰামবিহীনভাৱে কৰি যোৱা তেওঁৰ পৰিশ্ৰমক মই কেতিয়াও পাহৰিব নোৱাৰো৷ স্বাস্থ্য ভাল নোহোৱা স্বত্তেও তেওঁ সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰি নিজৰ মন্ত্ৰালয়ৰ কাম-কাজ আগুৱাই নিছিল৷ সুষমাজীৰ উদ্যম আৰু দায়বদ্ধতা অতুলনীয় আছিল৷
তেওঁৰ মৃত্যু এক ব্যক্তিগত ক্ষতি৷ ভাৰতবৰ্ষৰ বাবে তেওঁ যিখিনি কৰি গ’ল, তাৰ বাবে সুষমাজীক সকলোৱে মনত ৰাখিব৷ তেওঁৰ পৰিয়াল, সমৰ্থক আৰু অনুগামীৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷”.
প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে যোৱা নিশা নতুন দিল্লীত শেষ নিশ্বাহ ত্যাগ কৰে৷