মহামহিম ৰাষ্ট্ৰপতি ছ’লীহ,

মালদ্বীপৰ পৰা অহা অন্যান্য মন্ত্রীবৰ্গ তথা অতিথিবৃন্দ,

আপোনালোক সকলোকে ভাৰতলৈ আন্তৰিক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত। ৰিপাবলিক অফমালডিভ্‌ছ’ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে আপোনাক পুনৰ শুভেচ্ছা জনাইছো। কেৱল মালদ্বীপেইনহয়, সমগ্ৰ বিশ্বত আপোনাৰ গণতন্ত্রৰ বাবে সংগ্রাম আৰু সাফল্য প্রেৰণাৰ উৎস হৈ পৰিব। যোৱা মাহত আপোনাৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকিবলৈ পোৱাটো কেৱল মোৰ বাবেই নহয়,  ভাৰতৰ বাবেও ডাঙৰ সন্মানৰ বিষয় আছিল। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ এমাহৰ ভিতৰতে আুপনি বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছনি কৰে। আমাৰ বাবে এয়া ডাঙৰ সন্মান আৰু গৌৰৱৰ বিষয়। আপোনাৰ এই ভ্ৰমণ সেই সুদৃঢ় পাৰস্পৰিকভৰসা আৰু বন্ধুত্বৰ ভেঁটীৰ ওপৰত প্ৰতিষ্ঠিত। আমাৰ বন্ধুত্ব কেৱল ভৌগোলিক প্ৰতিৱেশীৰ ফলত নহয়, সাগৰৰঢৌৱে উভয় দেশৰ ইপাৰ–সিপাৰক একেলগ কৰিছে৷

আমাৰ ইতিহাস, সংস্কৃতি, ব্যৱসায় আৰু সামাজিক সম্পর্কও ক্ৰমান্বয়ে আৰু অধিক কাষ চাপিছে। উভয় দেশৰলোকসকলে আজি গণতন্ত্রৰ প্ৰতি নিজৰ আস্থা আৰু উন্নয়নৰ আকাংক্ষা লৈ পৰস্পৰৰ সৈতে জড়িত হৈছে৷ আপোনাৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ সম্পর্কৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।

বন্ধুসকল,

ৰাষ্ট্ৰপতি ছ’লীহ আৰু মোৰ মাজত আজি অতি সৌহাদ্যপূর্ণ আৰু বন্ধুতপূর্ণ পৰিৱেশত আলোচনা হৈছে। উভয়দেশৰ মাজত পৰম্পৰাগত শক্তিশালী আৰু মৈত্রীপূর্ণ সম্পর্ক আৰু অধিক নিবিড় কৰাৰ প্ৰতি আমি দৃঢ়তাৰে এইআলোচনাক আগুৱাই নিছো৷

মহামহিম ৰাষ্ট্ৰপতি,

আপোনাৰ চৰকাৰৰ জনতাকেন্দ্রিক উন্নয়নৰ লক্ষ্যক মই অনেক প্ৰশংসা জনাইছো। এক ঘনিষ্ঠ বন্ধু তথাপ্ৰতিৱেশী হিচাপে আমি মালদ্বীপৰ সফলতা কামনা কৰো। মালদ্বীপৰ জনগণৰ জীৱন সলনি কৰিবলৈ আপোনাৰ চৰকাৰৰ অভিলাসী প্ৰকল্পসমূহ বাস্তবায়িত কৰি মালদ্বীপৰ উন্নয়নৰ মানৱীয় ৰূপ আৰু অধিকউজ্জ্বল কৰি তুলিছে। ভাৰত সদায়েই আপোনাৰ সৈতে আছে।

মই আনন্দিত যে এই দায়বদ্ধতাৰ প্ৰত্যক্ষ অভিব্যক্তি ৰূপে মালদ্বীপৰ সামাজিক, আর্থিক উন্নয়নৰ বাবে আর্থিকসাহায্য, কাৰেন্সি সোৱাইপ আৰু ন্যূনতম সুদৰ হাৰত লাইন্‌ছ অৱ ক্রেডিট ৰূপত ভাৰতে মালদ্বীপক ১.৪বিলিয়ন মাৰ্কিন ডলাৰ আর্থিক সাহায্য প্ৰদান কৰিব।

উভয় দেশৰ মাজত যোগাযোগ ব্যৱস্থা উন্নয়নত ভাৰতে সম্পূর্ণ সহযোগিতা  আগবঢ়াব। উন্নত যোগাযোগব্যৱস্থাৰ জৰিয়তে সামগ্ৰী পৰিবহণ সেৱা, তথ্য, ভাৱনা, সংস্কৃতি আৰু জনগণৰ মাজত ভাৱৰ আদানপ্ৰদানকউৎসাহ যোগোৱা হ’ব। ৰাষ্ট্ৰপতি ছ’লীহক স্বাস্থ্য, মানৱসম্পদ উন্নয়ন, আন্তঃগাঁথনি, কৃষি, দক্ষতা আৰু সক্ষমতাবৃদ্ধি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা পর্যটনত আমাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্রুতি দিছো৷

আমি অহা পাঁচ বছৰত মালদ্বীপৰ নাগৰিকসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু সক্ষমতা বৃদ্ধিৰ বাবে অতিৰিক্ত ১,০০০খন আসন প্ৰদানৰো সিদ্ধান্ত লৈছো। আমাৰ নাগৰিকসকলৰ মাজ সৌহার্দ্র্য আমাৰ পাৰস্পৰিকসম্পর্কক নতুন মাত্রা দিছে। সেইবাবে আজি আমি নতুন ভিছা চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱক আজৰণি জনাইছো।আমি পাৰস্পৰিক বাণিজ্যিক সম্পর্কৰ উন্নতি তথা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব বিচাৰো। এয়া উভয় দেশৰবাবে লাভজনক।

মালদ্বীপত স্বচ্ছ, জবাবদিহিতা আৰু আইনী প্ৰশাসনৰ লক্ষ্যৰে ভাৰতীয় ব্যৱসায়ীসকলৰ এক আদৰণি বার্তাপ্ৰদান কৰে। ৰাষ্ট্ৰপতি ডাঙৰীয়া, আমাৰ প্ৰতিৱেশী আৰু মিত্ৰ দেশ মালদ্বীপ ‘এলভিচি’ শ্রেণীৰ পৰা উন্নীত হৈএতিয়া মধ্যবিত্ত গোষ্ঠীৰ দেশ হৈ উঠাৰ দৃষ্টান্ত প্ৰতিষ্ঠা কৰাত আমি ভাৰতবাসী গৌৰবান্বিত। দীর্ঘস্থায়ী সুদূৰপ্ৰসাৰীউন্নয়ন আৰু পৰিৱেশ পৰিৱর্তনৰ কঠিন প্ৰত্যাহ্বান মোকাবিলা কৰি মালদ্বীপে এই সাফল্য লাভ কৰিছে। এইবোৰসমস্যাৰ মোকাবিলা আৰ সমুদ্ৰ–সম্পদৰ সুদূৰপ্ৰসাৰী উন্নয়নত মালদ্বীপৰ ভূমিকা বিশ্বত গুৰুত্বপূর্ণ হৈ পৰিব।সেয়েহে ভাৰত আৰু মালদ্বীপৰ মাজত সামুদ্রিক সহযোগিতাৰ বিবিধ মাত্রাত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰবাবে আমি সহমত প্ৰকাশ কৰিছো।

মহামহিম,

আপোনালোকে পুনৰ কমনৱেল্‌থৰ সৈতে যুক্ত হোৱাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। আমি ইয়াক সমর্থনকৰিম। আমি ভাৰত মহাসাগৰ ৰিম এছোচিয়েচন (আইঅ’আৰএ) পৰিয়াললৈও আপোনাক স্বাগতম জনাইছো।ৰাষ্ট্ৰপতি ছ’লীহ আৰু মই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছো যে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰুনিৰাপত্তা বজাই ৰাখিবলৈ পাৰস্পৰিক সহযোগিতা আৰু নিবিড় কৰাৰ প্ৰয়োজন আছে। উভয় দেশৰ নিৰাপত্তাপৰস্পৰৰ স্বার্থ জড়িত হৈ আছে। এই অঞ্চলৰ স্থিতিশীলতা বজাই ৰাখিবলৈ পৰস্পৰৰ হিতাৰ্থে সদায় সজাগ হৈ থকাৰ ক্ষেত্রতো আমি একমতত উপনীত হৈছো।

ইয়াৰ সমান্তৰালভাৱে এনে কোনো গতিবিধি আমি নিজৰ দেশত হ’বলৈ নিদিও, যি আনৰ ক্ষতি কৰিব পাৰে। এইঅঞ্চলৰ উন্নয়ন আৰু সুস্থিৰতাৰ ক্ষেত্রত ভাৰত আৰু মালদ্বীপৰ অংশীদাৰিত্ব সমান থাকিব। সেইবাবে মইৰাষ্ট্ৰপতি ছ’লীহৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰাৰ ক্ষেত্রত সহমত প্ৰকাশ কৰিছো যাতে দুয়োখন দেশৰ সম্পর্কৰঅসীম সম্ভাৱনা বিকশিত হয় আৰু উভয় দেশৰ জনতাৰ ইয়াৰ দ্বাৰা উপকৃত হয়।

সকলোকে বহুত বহুত ধন্যবাদ।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Waqf Law Has No Place In The Constitution, Says PM Modi

Media Coverage

Waqf Law Has No Place In The Constitution, Says PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to participate in ‘Odisha Parba 2024’ on 24 November
November 24, 2024

Prime Minister Shri Narendra Modi will participate in the ‘Odisha Parba 2024’ programme on 24 November at around 5:30 PM at Jawaharlal Nehru Stadium, New Delhi. He will also address the gathering on the occasion.

Odisha Parba is a flagship event conducted by Odia Samaj, a trust in New Delhi. Through it, they have been engaged in providing valuable support towards preservation and promotion of Odia heritage. Continuing with the tradition, this year Odisha Parba is being organised from 22nd to 24th November. It will showcase the rich heritage of Odisha displaying colourful cultural forms and will exhibit the vibrant social, cultural and political ethos of the State. A National Seminar or Conclave led by prominent experts and distinguished professionals across various domains will also be conducted.