চীনৰ ৰাষ্ট্ৰপতি চি জিনপিনৰ অধ্যক্ষতাত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে ২৩-২৪ জুন, ২০২২ত অনুষ্ঠিত ‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অংশগ্ৰহণ কৰে ভাৰতে। ২৩ জুনৰ সন্মিলনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰো, ৰাছীয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটীন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চীৰিল ৰামাফোছাইয়ো অংশগ্ৰহণ কৰে। ২৪ জুনৰ সন্মিলনত গোলকীয় প্ৰেক্ষাপটত সম্পন্ন হৈ থকা ঘটনা-প্ৰবাহৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অনা-‘ব্ৰিকছ’ দেশসমূহৰ সৈতে সম্পৰ্ক স্থাপন সম্পৰ্কীয় প্ৰসংগটো অধিৱেশন অনুষ্ঠিত হয়।

২৩ জুনৰ সন্মিলনত নেতাসকলে সন্ত্ৰাসবাদ প্ৰতিৰোধ, বাণিজ্য, স্বাস্থ্য, পৰম্পৰাগত ঔষধ, পৰ্যাবৰণ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, কৃষি, কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা তথা প্ৰশিক্ষণৰ লগতে বহুপক্ষীয় সংস্থাৰ  সংস্কাৰ, ক’ভিড-১৯ মহামাৰী, গোলকীয় অৰ্থনৈতিক পুনৰুথ্থানকে ধৰি অন্যান্য গোলকীয় প্ৰেক্ষাপটৰ গুৰুত্ব থকা বিষয়সমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ‘ব্ৰিকছ’ৰ স্থিতি শক্তিশালী কৰি তোলাৰ লগতে ‘ব্ৰিকছ’ সম্পৰ্কীয় নথি-পত্ৰৰ প্ৰস্তাৱিত ‘অনলাইন তথ্যভাণ্ডাৰ’ স্থাপন, ‘ব্ৰিকছ ৰে’লৱে’ৰ গৱেষণা নেটৱৰ্ক’ আৰু ‘এমএছএমই’সমূহৰ মাজৰ সহযোগিতা প্ৰগাঢ় কৰাৰ আহ্বান জনায়। ভাৰতে ‘বিৰ্কছ’ দেশসমূহৰ ‘ষ্টাৰ্টআপ’সমূহৰ মাজত সম্পৰ্ক গাঢ় কৰি তোলাৰ লক্ষ্যৰে এইবছৰ ‘ব্ৰিকছ’ দেশৰ ষ্টাৰ্টআপসমূহৰ এক কাৰ্যক্ৰম অনুষ্ঠিত কৰিব। তেওঁ ‘ব্ৰিকছ’ দেশসমূহৰ নিৰাপত্তা প্ৰসংগও বিশেষ ভাবে উল্লেখ কৰি ‘ব্ৰিকছ’ৰ সদস্য দেশসমূহে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি এনে সংকট মষিমূৰ কৰিবলৈ পৰস্পৰে সহযোগিতৰ হাত আগবঢ়োৱাৰ লগতে সন্ত্ৰাবাদীক এঘৰীয়া কৰাৰ দৰে প্ৰসংগক লৈ ৰাজনীতি নকৰি, বৰঞ্চ এনে পদক্ষেপ গ্ৰহণত একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণৰ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। শীৰ্ষ সন্মিলনৰ সামৰণিত ‘ব্ৰিকছ’-ৰ নেতৃবৃন্দই সৰ্বসন্মতিক্ৰমে ‘বেইজিং ঘোষণাপত্ৰ’খন আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে।

২৪ জুনৰ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকা, মধ্য এছীয়া, দক্ষিণ-পূব এছীয়া আৰু প্ৰশান্ত মহাসাগৰৰ পৰা কেৰিবীয়ান সাগৰলৈকে অঞ্চলসমূহৰে ভাৰতৰ বৰ্দ্ধিত সম্পৰ্ক;  ভাৰতে গুৰুত্ব প্ৰদান কৰা স্বাধীন, মুক্ত, সমাৱেশী আৰু বিধি-আধাৰিত সমুদ্ৰক্ষেত্ৰ;  ভাৰত মহাসাগৰীয় অঞ্চলৰ পৰা প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সাৰ্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ প্ৰতি সন্মান; আৰু যিহেতু গোলকীয় সিদ্ধান্তগ্ৰহণকাৰী সংস্থাত এছীয়াৰ বৃহদাংশৰ লগতে সামগ্ৰিক ভাবে আফ্ৰিকা আৰু লেটিন আমেৰিকা আদি অঞ্চলৰ কোনো মাত মাতোতা নাই সেয়ে সংশ্লিষ্ট সংস্থাসমূহৰ সংস্কাৰৰ প্ৰসংগটো ভাৰতৰ স্থিতি বিশেষ ভাবে অৱগত কৰে।

ইয়াৰ আগতে যোৱা ২২ জুনত অনুষ্ঠিত ‘ব্ৰিকছ বাণিজ্য মঞ্চ’ৰ উদ্বোধনী অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ মাজতো ‘ব্ৰিকছ বাণিজ্য পৰিষদ’ আৰু ‘ব্ৰিকছ মহিলা মৰ্চা’ই অব্যাহত ৰখা কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ ‘ব্ৰিকছ’ দেশৰ বাণিজ্যিক সমুদায়ক সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ লগতে ‘ষ্টাৰ্টআপ’ আৰু ‘এমএছএমই’সমূহৰ সমস্যাৱলী সমাধাৰ ক্ষেত্ৰত প্ৰযুক্তি-ভিত্তিক সমাধানৰ অন্বেষণত মনোনিৱেশ কৰাৰ আহ্বান জনায়।

 

  • Vipin kummarr singh October 22, 2024

    membar kard
  • रीना चौरसिया September 13, 2024

    sita rqm
  • रीना चौरसिया September 13, 2024

    namo
  • Laxman singh Rana September 15, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav August 09, 2022

    Jai Hind
  • Ashvin Patel July 29, 2022

    Good
  • Vivek Kumar Gupta July 27, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta July 27, 2022

    नमो नमो.
  • Vivek Kumar Gupta July 27, 2022

    जयश्रीराम
  • Vivek Kumar Gupta July 27, 2022

    नमो नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's apparel exports clock double digit growth amid global headwinds

Media Coverage

India's apparel exports clock double digit growth amid global headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights potential for bilateral technology cooperation in conversation with Elon Musk
April 18, 2025

The Prime Minister Shri Narendra Modi engaged in a constructive conversation today with Mr. Elon Musk, delving into a range of issues of mutual interest. The discussion revisited topics covered during their meeting in Washington DC earlier this year, underscoring the shared vision for technological advancement.

The Prime Minister highlighted the immense potential for collaboration between India and the United States in the domains of technology and innovation. He reaffirmed India's steadfast commitment to advancing partnerships in these areas.

He wrote in a post on X:

“Spoke to @elonmusk and talked about various issues, including the topics we covered during our meeting in Washington DC earlier this year. We discussed the immense potential for collaboration in the areas of technology and innovation. India remains committed to advancing our partnerships with the US in these domains.”