প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান(ইউএনএছজি) এণ্টনিঅ’ গুট্টেৰেছ মাজত আজি এক টেলিফোনিক বাৰ্তালাপ হয়৷

দুয়োগৰাকী নেতাই শেহতীয়াভাৱে কংগো গণতান্ত্ৰিক গণৰাজ্যত ৰাষ্ট্ৰসংঘৰ সুস্থিৰতা অভিযান(এমঅ’এনইউএছচিঅ’)ৰ সন্দৰ্ভত আলোচনা কৰে, য’ত দুগৰাকী ভাৰতীয় শান্তিৰক্ষী জোৱান শ্বহীদ হৈছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সচিবক ক্ষিপ্ৰ তদন্ত সুনিশ্চিত কৰি ইয়াৰ জৰিয়তে এই আক্ৰমণৰ অপৰাধীক আদালতৰ কাঠগৰালৈ আনিবলৈ আহ্বান জনায়। তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰতি ভাৰতৰ স্থায়ী প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি এতিয়ালৈকে ২,৫০,০০০ৰো অধিক ভাৰতীয় শান্তিৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত সেৱা আগবঢ়াইছে বুলি কয়। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সেৱা আগবঢ়োৱাৰ সময়ত ১৭৭গৰাকী ভাৰতীয় শান্তিৰক্ষীয়ে জীৱন আহুতি দিছে, যিটো যিকোনো দেশৰ সেৱা আগবঢ়োৱা বাহিনীৰ ভিতৰতে সৰ্ববৃহৎ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ শ্বহীদ জোৱান দুগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে ভাৰত চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ তেওঁ এমঅ’এনইউএছচিঅ’ৰ ওপৰত হোৱা আক্ৰমণৰ স্পষ্টভাষাৰে নিন্দা কৰাৰ লগতে ক্ষিপ্ৰ তদন্তৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কংগো গণতান্ত্ৰিক দেশৰ জনসাধাৰণৰ মাজত শান্তি আৰু সুস্থিৰতাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থনৰ কথা উল্লেখ কৰে, য’ত এমঅ’এনইউএছচিঅ’ত প্ৰায় ২০৪০গৰাকী ভাৰতীয় জোৱান নিয়োজিত কৰা হৈছে৷

 

  • Vijay maurya January 09, 2024

    जय हो
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 22, 2022

    🇮🇳🙏🏻🇮🇳🙏🏻🇮🇳🙏🏻
  • Hansaben Meghjibhai Bhaliya August 20, 2022

    જય હિન્દ
  • Laxman singh Rana August 10, 2022

    this foreign policy
  • Sanjay Kumar Singh August 07, 2022

    Jai Shri Ram
  • ranjeet kumar August 04, 2022

    nmo
  • Subir Talukdar August 04, 2022

    OUR BELOVED PM’s STATESMANSHIP IS LEGENDARY , WHICH HAS TRANSFORMED US INTO A STRONG AND PROUD NATION.
  • Suresh Nayi August 04, 2022

    विजयी विश्व तिरंगा प्यारा, झंडा ऊंचा रहे हमारा। 🇮🇳 'હર ઘર તિરંગા' પહેલ અંતર્ગત સુરત ખાતે મુખ્યમંત્રી શ્રી ભૂપેન્દ્રભાઈ પટેલ અને પ્રદેશ અધ્યક્ષ શ્રી સી આર પાટીલની ઉપસ્થિતિમાં ભવ્ય તિરંગા યાત્રા યોજાઈ.
  • शिवानन्द राजभर August 03, 2022

    युवा शक्ति की क्षमता अपार अब हो रहे सपने साकार
  • Suresh Nayi August 03, 2022

    માનનીય પ્રધાનમંત્રી શ્રી @narendramodi જીના નેતૃત્વમાં આપણો દેશ બની રહ્યો છે સશક્ત અને આત્મનિર્ભર
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Henley Passport Index: Indian passport jumps 8 spots up to 77th, visa-free access to 59 nations now

Media Coverage

Henley Passport Index: Indian passport jumps 8 spots up to 77th, visa-free access to 59 nations now
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2025
July 22, 2025

Citizens Appreciate Inclusive Development How PM Modi is Empowering Every Indian