প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামান্য মাতেমেলা চিৰিল ৰামাফোছাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।

 

দুয়োগৰাকী নেতাই কভিড-১৯ মহামাৰীৰ দ্বাৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে আৰু এই সন্দৰ্ভত নিজ নিজ দেশত গ্ৰহণ কৰা টিকাকৰণ অভিযানৰ বিষয়ে আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক পুনৰ কয় যে ফাৰ্মাচিউটিকেল আৰু ভেকছিনৰ বাবে ভাৰতৰ উল্লেখযোগ্য উৎপাদনশীল ক্ষমতাই আফ্ৰিকাকে ধৰি সকলো দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰি যাব। 

 

দুয়োগৰাকী নেতাই ভেকছিন আৰু ঔষধৰ উপলব্ধতা আৰু সামৰ্থ্যতা সহজতৰ কৰিবলৈ বিভিন্ন আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে।

 

দুয়োখন দেশৰ বিষয়াসকলে আগন্তুক দিনবোৰত অভিজ্ঞতা বিনিময় কৰিবলৈ আৰু মহামাৰীৰ বিৰুদ্ধে সহযোগিতামূলক প্ৰচেষ্টাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ যোগাযোগত থাকিব বুলি দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Data centres to attract ₹1.6-trn investment in next five years: Report

Media Coverage

Data centres to attract ₹1.6-trn investment in next five years: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুলাই 2025
July 10, 2025

From Gaganyaan to UPI – PM Modi’s India Redefines Global Innovation and Cooperation