প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আবু ধাবিৰ যুৱৰাজ আৰু ইউএইৰ সশস্ত্ৰ বাহিনীৰ উপ সৰ্বোচ্চ কমাণ্ডাৰ শ্বেখ মহম্মদ বিন জায়েদ আল নাহ্যনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। 

দুয়োগৰাকী নেতাই দেশ দুখনত কভিড মহামাৰীৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে আৰু এনে এক সংকটৰ সময়তো ভাৰত আৰু ইউএইৰ মাজত সহযোগিতা বন্ধ নোহোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। 

তেওঁলোকে কভিড মহামাৰীৰ পিছত বিশ্বত ভাৰত-ইউএইৰ মাজৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ঘনিষ্ঠ পৰামৰ্শ আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়। এই সন্দৰ্ভত তেওঁলোকে ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কক অধিক বিবিধ কৰাৰ সুযোগৰ বিষয়ে আলোচনা কৰে। 

প্ৰধানমন্ত্ৰীয়ে ইউএইত বসবাস কৰা ভাৰতীয়সকলৰ কল্যাণৰ বাবে মহম্মদ বিন জায়েদ আল নাহ্যনে গ্ৰহণ কৰা ব্যক্তিগত উদ্যোগ আৰু যত্নৰ বাবে বিশেষভাৱে প্ৰশংসা কৰে। 

দুয়োগৰাকী নেতাই আশা প্ৰকাশ কৰে যে কভিড সংকট সোনকালে দূৰ হ'ব আৰু অদূৰ ভৱিষ্যতে তেওঁলোকে ব্যক্তিভাৱে লগ পোৱাৰ বাবে অপেক্ষা কৰি আছে।

  • Chunibhay Mistry February 19, 2022

    વંદે માતરમ્ bhaart mata ki jay
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Apple and Samsung make 94% of India’s smartphone exports as Made in India mobile shipments grows 6% in 2024

Media Coverage

Apple and Samsung make 94% of India’s smartphone exports as Made in India mobile shipments grows 6% in 2024
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মাৰ্চ 2025
March 20, 2025

Citizen Appreciate PM Modi's Governance: Catalyzing Economic and Social Change