প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।

তেখেতে কয়, আজি ভাৰত হৈছে সুযোগৰ ভূমি আৰু সমগ্ৰ বিশ্বৰ চকু ভাৰতৰ ওপৰত আছে। ভাৰতৰপৰা প্ৰত্যাশা আছে আৰু এই বিশ্বাস আছে যে আমাৰ গ্ৰহটোৰ উন্নতিৰ অৰ্থে ভাৰতে বৰঙণি যোগাব। ইয়াক ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিয়াৰ সুবাদত, আমি ২০৪৭ ত স্বাধীনতাই শতবৰ্ষ গৰকাৰ শুভলগনত ইয়াৰ অৰ্থে আমাৰ দৃষ্টিৰ সংকল্পৰ পুনৰ্নিৰ্মাণ আৰু আমাৰ অনুপ্ৰেৰণাৰ উদযাপনৰ বাবে চেষ্টা কৰা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড মহামাৰীটোৰে ফলপ্ৰসূ মোকাবিলা এটা দল বা এজন ব্যক্তিৰ সফলতাৰ বিপৰীতে ৰাষ্ট্ৰখনৰেই সফলতা আৰু তেনেদৰে উদযাপন কৰা উচিত। ভাৰতে এনে এটা দিন প্ৰত্যক্ষ কৰি আহিছে, যিটো দিনত পলিঅ’, সৰু আইৰ প্ৰতি বিৰাট ভীতি আছিল। ভাৰতে কেতিয়া ভেকচিন লাভ কৰিব বা কিমান লোকে এয়া পাব সেয়া কোনেও জনা নাছিল। সেই দিনবোৰৰপৰা, শ্ৰী মোদীয়ে কয়, আমি এতিয়া এই স্থানত উপনীত হৈছোহি – য’ত আমাৰ ৰাষ্ট্ৰই বিশ্বখনৰ বাবে ভেকচিন প্ৰস্তুত কৰি আছে আৰু বিশ্বৰ সৰ্ববৃহৎ ভেকচিন কাৰ্যক্ৰম অব্যাহত ৰাখিছে। ই আমাৰ আত্ম-বিশ্বাস বৃদ্ধি কৰিছে। ক’ভিড-১৯ ৰ সময়ছোৱাই আমাৰ ফেডাৰেল গঠনৰ প্ৰতি নতুন শক্তি যোগালে আৰু সংঘবদ্ধ মৈত্ৰীতন্ত্ৰৰ উদ্দীপনা বঢ়াই তুলিলে বুলি তেখেতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় গণতন্ত্ৰক কৰা সমালোচনাৰ প্ৰসংগত কয় যে ভাৰতীয় গণতন্ত্ৰ পশ্চিমীয়া অনুষ্ঠান নহয়, ই হৈছে মানুহৰ অনুষ্ঠান। ভাৰতীয় দেশাত্মবোধৰ ওপৰত সকলো-ধৰণৰ আক্ৰমণ সন্দৰ্ভত দেশৰ জনতা সতৰ্ক হৈ থকাটো একান্ত প্ৰয়োজনীয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিতি প্ৰদান কৰি কয় যে ভাৰতীয় দেশাত্মবোধ ঠেক কিম্বা স্বাৰ্থপৰ কিম্বা আগ্ৰাসী একো নহয়। ই সত্যম, শিৱম, সুন্দৰমৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। “ভাৰত কেৱল বিশ্বখনৰ সৰ্ববৃহৎ গণতন্ত্ৰই নহয়। ভাৰত হৈছে ‘গণতন্ত্ৰৰ মাতৃ’ আৰু এয়াই আমাৰ নীতি। আমাৰ ৰাষ্ট্ৰৰ স্বভাৱ গণতান্ত্ৰিক”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

শ্ৰী মোদীয়ে কয় যে ক’ৰোনাৰ সময়ত যেতিয়া আন ৰাষ্ট্ৰসমূহ বৈদেশিক বিনিয়োগক লৈ বঞ্চিত হৈছিল, তেতিয়া ভাৰতে অভিলেখ সংখ্যক বিনিয়োগ লাভ কৰে। শ্ৰী মোদীয়ে বৈদেশিক মুদ্ৰা, এফডিআই, ইন্টাৰনেট বিচক্ষণতা আৰু ডিজিটেল, আৰ্থিক অন্তৰ্ভুক্তি, টয়লেট ক’ভাৰেজৰ বিস্তৃতি, সাশ্ৰয়ী হাউছিং, এলপিজি ক’ভাৰেজ আৰু বিনামূলীয়া মেডিকেল ট্ৰিটমেন্টৰ ক্ষেত্ৰত লাভ কৰা বিশেষ অগ্ৰগতি সন্দৰ্ভত ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ২০১৪ ৰপৰা কৃষকসকলক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰখনে কৃষি খণ্ডটোত পৰিৱৰ্তনৰ সূচনা কৰিছিল। কৃষকৰ অধিক অনুকূল কৰি তুলিবলৈ ফচল বীমা আঁচনি পৰিৱৰ্তন কৰা যায়। পিএম-কিষাণ আঁচনিও প্ৰৱৰ্তন কৰা হয়। শ্ৰী মোদীয়ে গুৰুত্ব সহকাৰে কয় যে চৰকাৰখনে ক্ষুদ্ৰ কৃষকসকলৰ অৰ্থে কাম কৰি আছে। পিএমএফবিৱাই ৰ অধীনত কৃষকসকলে ৯০,০০০ কোটি টকাৰ স্বত্ব লাভ কৰিছে। তদুপৰি কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ড, ছইল হেল্থ কাৰ্ড আৰু সন্মান নিধিৰপৰা উপকৃত হৈছে। পিএম গ্ৰামীণ চড়ক যোজনাৰ অধীনত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন হোৱাৰ পৰিপ্ৰেক্ষিতত, কৃষকৰ উৎপাদিত ফচল দূৰৱৰ্তী অঞ্চল গৈ পোৱাটো সুচল হৈ উঠিছে। কিষাণ ৰেল আৰু কিষাণ উড়ানৰ জৰিয়তেও একে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ক্ষুদ্ৰ কৃষকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাটো সময়ৰ আহ্বান বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। দুগ্ধ খণ্ডৰ দৰে ব্যক্তিগত বা সমবায় খণ্ডৰ সৈতে কাম কৰাৰ স্বাধীনতা তেওঁলোকে কিয় লাভ কৰাটো উচিত নহ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

কৃষিৰ সমস্যাৰাজি সমাধান কৰাটো উচিত আৰু ইয়াৰ অৰ্থে কাম কৰাৰ আৱশ্যকতা আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ কল্যাণৰ দিশত আগুৱাই যাবলৈ সকলো দলকে আমন্ত্ৰণ জনায়। এমএছপি সন্দৰ্ভত, প্ৰধানমন্ত্ৰীগৰাকীয়ে দোহাৰে, “এমএছপি আছে, এমএছপি আছিল। ভৱিষ্যতেও এমএছপি থাকিব। দৰিদ্ৰ লোকসকলৰ অৰ্থে সাশ্ৰয়ী ৰেচন অব্যাহত থাকিব। মেণ্ডীৰ আধুনিকীকৰণ কৰা যাব।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনক অস্থিৰ কৰিবলৈ চেষ্টা চলাই থকা শক্তিসমূহৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে। তেখেতে কয়, শিখসকলৰ বৰঙণিক লৈ ভাৰতে অতিশয় গৌৰৱ অনুভৱ কৰে। এই সম্প্ৰদায়টোৱে দেশখনৰ অৰ্থে অধিক কৰিছে। গুৰু চাহিবৰ বাণী আৰু আশীৰ্বাদ মূলৱান। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ন দি কয় যে নগৰ-গাঁৱৰ বিভাজনৰ সেতুবন্ধনৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱ সমাজৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে আৰু কয় যে যুৱ সমাজক সুদৃঢ়কৰণৰ অৰ্থে প্ৰচেষ্টাৰাজিয়ে ৰাষ্ট্ৰখনৰ উজ্জ্বল ভৱিষ্যতৰ অৰ্থে সমৃদ্ধ লভ্যাংশ আগবঢ়াব। সমান্তৰালভাৱে, ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ প্ৰতি ক্ষীপ্ৰ গ্ৰহণযোগ্যতাৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু বিকাশৰ অৰ্থে এমএছএমই গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ বৃহৎ নিয়োগ সম্ভাৱনাও আছে। ইয়াৰ বাবেই ক’ৰোনা মাহামাৰীটোৰ সময়ত উদ্দীপনা অনুদানত এইসমূহে বিশেষ মনোযোগ লাভ কৰিছিল।

সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ ধাৰণাৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে নক্সাল অধ্যুষিত অঞ্চলসমূহ আৰু উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেখেতে কয়, ইয়াত পৰিস্থিতিৰ উন্নতি ঘটিছে আৰু নতুন সুযোগৰ উন্মেষ ঘটিছে। তেখেতে অনাগত দিনসমূহত দেশখনৰ উন্নয়নত পূবত অৱস্থিত অঞ্চলসমূহে এটা মূল ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • krishangopal sharma Bjp December 29, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • krishangopal sharma Bjp December 29, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • krishangopal sharma Bjp December 29, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • Reena chaurasia August 29, 2024

    बीजेपी
  • शिवकुमार गुप्ता February 23, 2022

    जय भारत
  • शिवकुमार गुप्ता February 23, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 23, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 23, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Terror Will Be Treated As War: PM Modi’s Clear Warning to Pakistan

Media Coverage

Terror Will Be Treated As War: PM Modi’s Clear Warning to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মে’ 2025
May 10, 2025

The Modi Government Ensuring Security, Strength and Sustainability for India