ফৰাচী প্ৰকাশন প্ৰতিষ্ঠান ‘লেছ ইক’ছ’ক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ভূমিকাক ‘গ্লোবেল ছাউথ’ আৰু পশ্চিমীয়া বিশ্বৰ মাজত এক সেতু বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে বৰ্তমান ‘বিশ্বৰ আটাইতকৈ জনবহুল দেশ’ ভাৰতে ইয়াৰ সঠিক স্থান পুনৰাই আহৰণ কৰিব লাগিব।
বিদেশী সংবাদ মাধ্যমৰ সৈতে হোৱা এই বিৰল সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভূমিকাক ‘গ্লোবেল ছাউথ’ আৰু পশ্চিমীয়া বিশ্বৰ মাজত এক সেতু বুলি অভিহিত কৰে। ‘গ্লোবেল ছাউথ’ৰ অধিকাৰসমূহক দীৰ্ঘদিন ধৰি অস্বীকাৰ কৰা হৈছে বুলি মোদীয়ে ‘লেছ ইক’ছ’ৰ আগত অভিমত ব্যক্ত কৰে। ইয়াৰ ফলস্বৰূপে, এই দেশসমূহৰ মাজত এক ক্ষোভৰ অনুভৱ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ‘ব্ৰেটন উডছৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ ব্যাপক পৰিৱৰ্তনৰ এক শক্তিশালী অধিবক্তা’ ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তেওঁৰ দেশ, যি এতিয়া ‘বিশ্বৰ আটাইতকৈ জনবহুল দেশ’-য়ে ইয়াৰ সঠিক স্থান পুনৰাই আহৰণ কৰিব লাগিব। এয়া কেৱল ‘ৰাষ্ট্ৰসংঘ’ৰ বাবেই কেৱল বিশ্বাসযোগ্যতাৰ বিষয় নহয় বুলি মোদীয়ে তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে। ‘ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ’-য়ে বাৰু কেনেকৈ বিশ্বৰ হৈ কথা ক’ব পাৰে বুলি দাবী কৰিব পাৰে, যি মুহূৰ্তত ‘বিশ্বৰ আটাইতকৈ জনবহুল দেশ’, তথা ইয়াৰ ‘সৰ্ববৃহৎ গণতন্ত্ৰখনে’ই পৰিষদৰ স্থায়ী সদস্য নহয়? এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কৌশলগত অংশীদাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰ উল্লেখৰে তেওঁ এই প্ৰশ্ন উথ্থাপন কৰে।
২০১৪ চনৰ পৰা মোদীয়ে আমাৰ স্বাধীনতাৰ ১০০ক সংখ্যক বাৰ্ষিকী ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত অৰ্থনীতিত পৰিণত কৰাৰ লক্ষ্যৰে বৃহৎ অৰ্থনৈতিক সংস্কাৰ সাধনৰ উদ্যোগ গ্ৰহণ কৰে। ভাৰত এতিয়া ‘বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি’ আৰু অচিৰেই ই ‘তৃতীয় সৰ্ববৃহৎ হোৱা’ৰ পথত আগবাঢ়িছে।
মোদীয়ে পশ্চিমীয়া মূল্যবোধৰ সাৰ্বজনীন আবেদন সন্দৰ্ভত সতৰ্কতা প্ৰকাশ কৰি কয় যে পৃথিৱীৰ প্ৰতিটো কোণৰ দৰ্শন বিবেচনা কৰিব লাগিব, আৰু বিশ্বই কেৱল তেতিয়াহে দ্ৰুত প্ৰগতি সম্ভৱ কৰিব পাৰিব, যেতিয়া ই ‘কালদোষগ্ৰস্ত’ আৰু ‘পুৰণিকলীয়া ধাৰণা’বোৰ এৰিবলৈ শিকিব। এখন পৃথিৱী আছে কিন্তু এটা দৰ্শন নাই, তেওঁ জোৰ দি কয়। মোদীয়ে চলচ্চিত্ৰ আৰু সংগীতৰ বিশ্বজোৰা প্ৰসাৰ, আয়ুৰ্বেদিক ঔষধৰ প্ৰতি নতুনকৈ সৃষ্টি হোৱা আগ্ৰহ আৰু আজিৰ তৰিখত এক ঘৰুৱা শব্দত পৰিণত হোৱা ‘যোগ’ৰ এগৰাকী অনুশীলনকাৰী হিচাপে ইয়াৰ সাৰ্বজনীন সাফল্যৰ উল্লেখৰে দেশৰ ‘ছফ্ট-পাৱাৰ’ প্ৰসংগকো আঙুলিয়াই দিয়ে।
ফৰাচী সংস্কৰণটোত সম্পাদন কৰা সাক্ষাৎকাৰটোৰ সম্পূৰ্ণ প্ৰতিলিপি তলত উল্লেখ কৰা হ’ল।
ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ উঠিছে। এই কথাটোৱে কেনেকৈ বিশ্বৰ ক্ষেত্ৰত দেশখনৰ স্থিতি সলনি কৰিব পাৰে?
ভাৰত এখন হাজাৰ হাজাৰ বছৰ পুৰণি সমৃদ্ধ সভ্যতাৰ দেশ। বৰ্তমান সময়ত ভাৰত হৈছে বিশ্বৰ আটাইতকৈ ‘যুৱ-ৰাষ্ট্ৰ’। ভাৰতৰ আটাইতকৈ শক্তিশালী সম্পদ হৈছে আমাৰ যুৱপ্ৰজন্ম। যি সময়ত পৃথিৱীৰ বহুতো দেশত বয়োজ্যেষ্ঠৰ হাৰ বঢ়াই নহয় তেওঁলোকৰ জনসংখ্যা হ্ৰাসো পাইছে, ভাৰতৰ যুৱ আৰু দক্ষ কৰ্মশক্তি অনাগত দশকবোৰত বিশ্বৰ বাবে এক সম্পদ হ'ব। অতুলনীয় কথাটো হ'ল যে এই কৰ্মশক্তি ‘মুক্ত মানসিকতা আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধত নিমজ্জিত, প্ৰযুক্তিক আদৰিবলৈ আগ্ৰহী, আৰু পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে খাপ খাবলৈ সাজু’।
আজিও, প্ৰবাসী ভাৰতীয়সকলে, তেওঁলোক য'তেই থাকক কিয়, তেওঁলোকৰ স্বদেশৰ সমৃদ্ধিৰ বাবে অৰিহণা যোগায়। মানৱতাৰ এক-ষষ্ঠাংশৰ অগ্ৰগতিয়ে বিশ্বক অধিক সমৃদ্ধ আৰু বহনক্ষম ভৱিষ্যত প্ৰদান কৰিব।
অতুলনীয় সামাজিক আৰু অৰ্থনৈতিক বৈচিত্ৰ্যৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে আমাৰ সাফল্যই গণতন্ত্ৰইযে সুফল প্ৰদান কৰে সেই কথাকে প্ৰদৰ্শন কৰিব। প্ৰতীয়মান কৰিব যে বৈচিত্ৰ্যৰ মাজত সম্প্ৰীতি থকাটো সম্ভৱ। একে সময়তে, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক সঠিক স্থান দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু প্ৰতিষ্ঠানসমূহত সালসলনিৰ স্বাভাৱিক প্ৰত্যাশাও নিশ্চয় থাকিব।
ভাৰতে বিশ্বত ইয়াৰ সঠিক স্থান লাভ কৰিছে বুলি কৈ আপুনি কি বুজাইছে, সেই বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?
মই ইয়াক ইয়াৰ সঠিক স্থান ‘পুনৰাই আহৰণ কৰা’ বুলি ক'ম। অনাদিকালৰ পৰাই ভাৰতে বিশ্বৰ অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু মানৱ বিকাশত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আজি সমগ্ৰ বিশ্বতে আমি বহুতো সমস্যা আৰু প্ৰত্যাহ্বান দেখিছোঁ। মন্দাৱস্থা, খাদ্য সুৰক্ষা, মুদ্ৰাস্ফীতি, সামাজিক উত্তেজনা হৈছে তেনেবোৰ প্ৰত্যাহ্বানৰ কেতবোৰ নিদৰ্শন। এনে এক গোলকীয় পটভূমিত, মই আমাৰ লোকসকলৰ ওপৰত এক নতুন আত্মবিশ্বাস, ভৱিষ্যতৰ বিষয়ে এক আশাবাদ আৰু বিশ্বত ইয়াৰ সঠিক স্থান লোৱাৰ আগ্ৰহ দেখিবলৈ পাইছোঁ।
আমাৰ জনগাঁথনিগত লভ্যাংশ, গণতন্ত্ৰত আমাৰ গভীৰ পট্টন আৰু আমাৰ সভ্যতাগত ভাৱনাই ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ পথ তৈয়াৰ কৰিব। আমি বিশ্বজোৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰা, এক অধিক সংহত বিশ্ব গঢ়ি তোলা, দুৰ্বলসকলৰ আশা-আকাংক্ষাক লৈ মাত মাতিবলৈ আৰু বিশ্বশান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত আমাৰ দায়িত্বক স্বীকৃতি দিছোঁ। ভাৰতে বিশ্বজোৰা আলোচনাত নিজৰ অনন্য আৰু স্বকীয় দৃষ্টিভংগী আৰু কণ্ঠস্বৰ সাব্যস্ত কৰিছে - আৰু ই সদায় শান্তি, এক সুন্দৰ অৰ্থনৈতিক ব্যৱস্থা, দুৰ্বল ৰাষ্ট্ৰসমূহৰ উদ্বেগ আৰু আমাৰ উমৈহতীয়া প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত বিশ্বজোৰা সংহতিৰ পক্ষত থিয় হৈ আহিছে।
বহুপাক্ষিক কাৰ্যকাৰিতাত ভাৰত গভীৰভাৱে বিশ্বাসী। আন্তৰ্জাতিক সৌৰ মিত্ৰতা, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, ‘এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড’ উদ্যোগ, ভাৰতৰ ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় উদ্যোগে’ই হওক অথবা, ১০০ খনতকৈয়ো অধিক দেশৰ সৈতে আমাৰ ক’ভিড প্ৰতিষেধকৰ যোগানেই হওক, কিম্বা আমাৰ ‘মুক্ত উৎস ডিজিটেল প্লেটফৰ্ম’ ‘কোউইন’ আনৰ সৈতে মুকলিকৈ ‘শ্বেয়াৰ’ কৰাই হওক, এই সকলোবোৰেই এই পদ্ধতিৰ উদাহৰণ। গোলকীয় প্ৰেক্ষাপটত আজি এক বিশ্বজোৰা স্বীকৃতি আছে যে যি সময়ত বিশ্বত বিভাজনৰ আশংকাই চানি ধৰিছে, সেই সময়ত ভাৰত হৈছে ‘এক ভাল শক্তি আৰু বিশ্বজোৰা একতা, সংহতি, শান্তি আৰু সমৃদ্ধিৰ বাবে অপৰিহাৰ্য সংহতি’। ভাৰতৰ উন্নতি হোৱাৰ অৰ্থ হৈছে বিশ্ব কল্যাণৰ প্ৰতি আমাৰ অৱদান আৰু বৃদ্ধি পোৱা, আৰু আমাৰ সামৰ্থ্য আৰু সম্পদ মানৱতাৰ বৃহত্তৰ কল্যাণৰ দিশত নিৰ্দেশিত হৈ থকাহে, আনৰ বিৰুদ্ধে দাবী উত্থাপন বা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ বাবে নহয়।
আপোনাৰ দৃষ্টিত, ভাৰতৰ ছফ্ট পাৱাৰৰ স্তম্ভবোৰ কি?
এয়া হৈছে আমাৰ সভ্যতামূলক লোকাচাৰ আৰু ঐতিহ্য, যিয়ে ভাৰতৰ ‘ছফ্ট পাৱাৰ’ বুলি অভিহিত কৰাৰ আধাৰ প্ৰদান কৰে। আমি ইয়াক প্ৰচুৰ পৰিমাণে পাইছোঁ বুলি ধন্য মানোঁ। আমাৰ ৰপ্তানি কেতিয়াও যুদ্ধ আৰু বশ্যতা নহয়, বৰঞ্চ যোগ, আয়ুৰ্বেদ, আধ্যাত্মিকতা, বিজ্ঞান, গণিত আৰু জ্যোতিৰ্বিজ্ঞানহে। আমি সদায় বিশ্বজোৰা শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত এক অৱদানকাৰী হৈহে আহিছোঁ।
আমি বিশ্বাস কৰোঁ যে যেতিয়া আমি উন্নতি কৰোঁ আৰু এখন আধুনিক ৰাষ্ট্ৰ হিচাপে পৰিচিত হওঁ, আমি আমাৰ অতীতৰ পৰা গৌৰৱ আৰু অনুপ্ৰেৰণা লোৱা উচিত আৰু আমি কেৱল তেতিয়াহে উন্নতি কৰিব পাৰোঁ যেতিয়া আমি আন ৰাষ্ট্ৰসমূহৰ সৈতে একেলগে এইটো কৰোঁ। ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ প্ৰতি নতুনকৈ আগ্ৰহ বৃদ্ধি পোৱা কথাই আমাক বিশেষ সুযোগ প্ৰদান কৰিছে। ‘যোগ’ আজি এটা ঘৰুৱা শব্দত পৰিণত হৈছে। আমাৰ আয়ুৰ্বেদৰ পৰম্পৰাগত ঔষধে গ্ৰহণযোগ্যতা লাভ কৰিছে। সমগ্ৰ বিশ্বতে ভাৰতীয় চলচ্চিত্ৰ, ৰন্ধনপ্ৰণালী, সংগীত আৰু নৃত্যৰ আদৰ বাঢ়িছে।
প্ৰকৃতিৰ সৈতে আমাৰ সহাবস্থানে জলবায়ুৰ প্ৰতি আমাৰ কাৰ্যকলাপক উদগণি দিয়ে আৰু বহনক্ষম জীৱন-শৈলীৰ বাবে অনুপ্ৰাণিত কৰে। গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি থকা আমাৰ সহজাত বিশ্বাস আৰু আমাৰ জীৱন্ত গণতন্ত্ৰৰ সফলতাই আন্তৰ্জাতিক শাসনৰ এক অধিক দায়বদ্ধ, সামগ্ৰিক আৰু প্ৰতিনিধিত্বমূলক ব্যৱস্থা চাবলৈ, আৰু বহুতক আশা আৰু অনুপ্ৰেৰণা প্ৰদান কৰাৰ আকাংক্ষাক উচাহিত কৰে। শান্তি, মুক্ত মানসিকতা, সম্প্ৰীতি আৰু সহাৱস্থানৰ আমাৰ গভীৰ ভাৱে ধাৰণ কৰা মূল্যবোধ; আমাৰ জীৱন্ত গণতন্ত্ৰৰ সফলতা; আমাৰ সংস্কৃতি, পৰম্পৰা আৰু দৰ্শনৰ অসাধাৰণ সমৃদ্ধি; এক শান্তিপূৰ্ণ, নিৰপেক্ষ আৰু ন্যায়সঙ্গত পৃথিৱীৰ কাৰণে এক দৃঢ় কণ্ঠস্বৰ; আৰু, আন্তৰ্জাতিক আইন আৰু শান্তিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি হৈছে ভাৰতৰ উত্থানক আদৰণি জনোৱাৰ কাৰণ, বিশ্বত ভয়ৰ সৃষ্টিৰ বাবে নহয়। এইবোৰেই হৈছে ভাৰতীয় ‘ছফ্ট পাৱাৰ’-ৰ স্তম্ভ।
যোৱা কেইবছৰমানত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত এক অভূতপূৰ্ব উথ্থান দেখিবলৈ পোৱা গৈছে। এয়া এতিয়া কিয় হ’বলৈ ধৰিছে আৰু ইয়াৰ আঁৰত থকা ভাৰতৰ যুক্তি কি?
এইটো সঁচা যে শতিকাৰ আৰম্ভণিৰ পৰাই সম্পৰ্কটো ইতিবাচকভাৱে প্ৰগাঢ় হ’বলৈ ধৰিছে। ই যোৱা ৯টা বছৰত ত্বৰান্বিত হৈছে আৰু নতুন স্তৰত উপনীত হৈছেহি। চৰকাৰ, সংসদ, উদ্যোগ, শিক্ষা আৰু অৱশ্যে জনসাধাৰণেই হওঁক, দুয়োখন দেশৰ সকলো অংশীদাৰৰ পৰা আমাৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে ব্যাপক সমৰ্থন লাভ কৰিছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে আমাৰ সম্পৰ্ক উন্নত কৰাৰ বাবে ধাৰাবাহিকভাৱে দ্বিপক্ষীয় সমৰ্থন আগবঢ়াই আহিছে।
মই ব্যক্তিগতভাৱে যোৱা ৯টা বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ সৈতে দল-মত নিৰ্বিশেষে এক উৎকৃষ্ট সম্পৰ্ক উপভোগ কৰিছোঁ। জুন মাহত মোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেন আৰু মই বিশ্বৰ দুখন বৃহৎ গণতন্ত্ৰৰ মাজত জনসাধাৰণৰ মাজত বৰ্তী অহা অসাধাৰণ শক্তিশালী সম্পৰ্কৰ সৈতে আমাৰ অংশীদাৰিত্বক এই শতিকাৰ ফলপ্ৰসূ অংশীদাৰিত্ব হ'ব পাৰে বুলি সহমত প্ৰকাশ কৰিছিলোঁ। ইয়াৰ কাৰণ হৈছে এই অংশীদাৰিত্ব আমাৰ সময়ৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আৰু বিশ্বব্যাপী শৃংখলা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ উপায়েৰে অৰিহণা যোগোৱাৰ বাবে স্বাৰ্থ, দৃষ্টিভংগী, প্ৰতিশ্ৰুতি আৰু পৰিপূৰকতাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে গঢ়ি তোলা হৈছে।
যিহেতু আন্তৰ্জাতিক ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান বৃদ্ধি পাইছে, আমাৰ অংশীদাৰিত্বই অতি তাৎক্ষণিকভাৱে আৰু উদ্দেশ্যৰে সঁহাৰি জনাইছে। সম্পৰ্কত আস্থা, পাৰস্পৰিক আত্মবিশ্বাস আৰু বিশ্বাস হৈছে মুখ্য উপাদান। এক স্বাধীন, মুক্ত, সামগ্ৰিক আৰু সন্তুলিত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল আগবঢ়োৱাটো এক অংশীদাৰিত্বমূলক লক্ষ্য। আমি অঞ্চলটোৰ আন অংশীদাৰসকলৰ লগতে ইয়াৰ বাহিৰৰ অন্যান্য সকলৰ ক্ষেত্ৰতো এই কথা সাৰোগত কৰোঁ।
আমি গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, এক সফল সেউজ শক্তি ৰূপান্তৰণ, গুৰুত্বপূৰ্ণ খণ্ডসমূহত উৎপাদন অনুপ্ৰেৰিত কৰা, এক শক্তিশালী প্ৰতিৰক্ষা ঔদ্যোগিক অংশীদাৰিত্ব গঢ়ি তোলাকে ধৰি মানক আৰু নিয়মাৱলী আগবঢ়াবলৈ একেলগে কাম কৰি আছোঁ। আমি অঞ্চলটোৰ আন দেশসমূহৰ সৈতে একেলগে কাম কৰি আছোঁ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহক পুনৰুজ্জীৱিত কৰিছোঁ। এই সকলোবোৰ হৈছে গুৰুত্বপূৰ্ণ অংশীদাৰিত্বমূলক লক্ষ্য, যিয়ে সহযোগিতাক পৰিচালিত কৰি আছে। এনে বহুতো উপাদান আছে যিয়ে আমাৰ দুয়োখন ৰাষ্ট্ৰক একেলগে বান্ধি ৰাখে, আৰু আমাৰ সময়ৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত আৰু বিশ্ব-শৃংখলা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ উপায়েৰে অৱদান আগবঢ়োৱাত আমাক গঠনমূলক ভূমিকা পালন কৰিবলৈ অনুমতি প্ৰদান কৰি আহিছে।
ভাৰতক গোলকীয় দক্ষিণৰ প্ৰাকৃতিক নেতা বুলি আপুনি গণ্য কৰেনে?
বিশ্বনেতৃত্ব এক যথেষ্ট গধুৰ দায়িত্ব আৰু ভাৰতে এনে কোনো স্থিতি আঁজুৰি লোৱা বা গ্ৰহণ কৰা উচিত নহয় বুলি মই বিবেচনা কৰোঁ। আমাক সমগ্ৰ ‘গোলকীয় দক্ষিণ’ৰ বাবে সামূহিক শক্তি আৰু সামূহিক নেতৃত্বৰ প্ৰয়োজন, যাতে ইয়াৰ কণ্ঠস্বৰ অধিক শক্তিশালী হৈ উঠিব পাৰে আৰু যাতে সমগ্ৰ সম্প্ৰদায়টোৱেই নিজৰ নেতৃত্ব গ্ৰহণ কৰিব পাৰে, মই দৰাচলতে এনেদৰেহে কথাটো ভাবোঁ। এই ধৰণৰ সামূহিক নেতৃত্ব গঢ়ি তুলিবলৈ, মই নাভাবোঁ যে ভাৰতে এক নেতা হিচাপে নিজকে গণ্য কৰা উচিত বা আমি সেই অৰ্থত এই বিষয়ে চিন্তা কৰা উচিত।
এইটোও সঁচা যে ‘গোলকীয় দক্ষিণ’ৰ অধিকাৰ দীৰ্ঘদিন ধৰি অস্বীকাৰ কৰা হৈছে। ফলস্বৰূপে, ‘গ্লোবেল ছাউথ’ৰ সদস্যসকলৰ মাজত এক বেদনাৰ অনুভৱ হৈছে, যে তেওঁলোকক পদক্ষেপ ল'বলৈ বাধ্য কৰা হয় কিন্তু যেতিয়া সিদ্ধান্ত লোৱাৰ কথা আহে তেওঁলোকে নিজৰ বাবে কোনো স্থান বা মাত বিচাৰি নাপায়। ‘বিশ্ব দক্ষিণ’ৰ তুলনাত অন্যত্ৰত গণতন্ত্ৰৰ প্ৰকৃত চেতনাক সন্মান কৰা হোৱা নাই। মই অনুভৱ কৰোঁ যে যদি আমি গণতন্ত্ৰৰ প্ৰকৃত চেতনাৰে কাম কৰিলোহেঁতেন আৰু ‘বিশ্ব দক্ষিণ’ৰ প্ৰতিও একে সন্মান, একেই অধিকাৰ প্ৰদান কৰিলোহেঁতেন, তেনে পৰিস্থিতিত বিশ্ব অধিক শক্তিশালী, অধিক শক্তিশালী সম্প্ৰদায় হৈ উঠিব পাৰিলেহেঁতেন। আমি যেতিয়া বৃহৎ সংখ্যাগৰিষ্ঠলোকৰে গঠিত ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগবোৰ সমাধান কৰিব পাৰিম তেতিয়া আমাৰ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ ওপৰত বিশ্বাস পুনৰস্থাপন কৰাৰ সম্ভাৱনা অধিক হৈ উঠিব। আমি আমাৰ গোলকীয় প্ৰতিষ্ঠানসমূহক স্থিতিস্থাপক কৰি তুলিম।
দ্বিতীয়তে, ‘গোলকীয় দক্ষিণ’ত ভাৰতে নিজকে কেনেদৰে ভাবে চাওক। মই ভাৰতক ইমানেই শক্তিশালী কান্ধ হিচাপে প্ৰত্যক্ষ কৰিছোঁ যে ‘গ্লোবেল ছাউথ’-য়ে যদি ওখ-জাঁপ মাৰিব লগা হয়, তেন্তে তেনে পৰিস্থিতিত ভাৰতে ইয়াক সুন্দৰকৈ আগুৱাই নিব পৰাকৈ নিজৰ দায়িত্ব সুচাৰুৰূপে কান্ধ পাতি ল’ব পাৰিব। ‘গোলকীয় দক্ষিণ’ৰ বাবে ভাৰতে ‘গ্লোবেল নৰ্থ’ৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিব পাৰে। গতিকে, সেই অৰ্থত ‘এই কান্ধখন এক প্ৰকাৰৰ দলং’-ও হ'ব পাৰে। সেয়েহে, মই অনুভৱ কৰোঁ যে আমি এই কান্ধখন, এই দলংখন শক্তিশালী কৰাৰ প্ৰয়োজন আছে, যাতে উত্তৰ আৰু দক্ষিণৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব পাৰে আৰু ‘গোলকীয় দক্ষিণ’ নিজেই শক্তিশালী হৈ উঠিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত ‘গোলকীয় দক্ষিণ’ৰ মাত শুনা হোৱা নাছিল বুলি আপুনি বহুবাৰ কৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত ‘দক্ষিণ’ৰ উপস্থিতি বৃদ্ধি কৰাৰ বাবে আপোনাৰ পৰিকল্পনা কি?
২০২৩ চনৰ জানুৱাৰী মাহত ‘জি-২০’ৰ আমাৰ সভাপতিত্বৰ আৰম্ভণিতে মই ‘গ্লোবেল ছাউথ’ৰ এখন সন্মিলন আহ্বান কৰিছিলোঁ। এই সন্মিলনত ১২৫ খন দেশে অংশগ্ৰহণ কৰিছিল। সন্মিলনখনত ‘বিশ্ব দক্ষিণ’ৰ প্ৰসংগসমূহক ভাৰতে দৃঢ়তাৰে উপস্থাপন কৰিব লাগিব বুলি দৃঢ়তাৰে ঐকমত্য প্ৰকাশ কৰা হৈছিল।
আমাৰ ‘জি-২০’ অধ্যক্ষতাৰ সময়ত ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ বিষয়বস্তুৰ অধীনত আমি ‘বিশ্ব দক্ষিণৰ কণ্ঠস্বৰ হোৱা’ৰ বাবে এটা গুৰুত্বপূৰ্ণ লক্ষ্য তৈয়াৰ কৰিছোঁ। আমি ‘গোলকীয় দক্ষিণ’ৰ প্ৰাথমিকতা আৰু স্বাৰ্থক ‘জি-২০’ৰ আলোচনা আৰু সিদ্ধান্তৰ কেন্দ্ৰলৈ অনাৰ চেষ্টা কৰিছোঁ। মই ‘জি-২০’ত ‘আফ্ৰিকান ইউনিয়ন’ক স্থায়ী সদস্যতা প্ৰদানৰ প্ৰস্তাৱ দিছোঁ।
ক’বলৈ গ’লে, ‘গ্লোবেল ছাউথ’ৰ হৈ কথা পাতি আমি কিন্তু ‘উত্তৰ’ৰ সৈতে কোনোধৰণৰ বিৰোধী স্থিতিত অৱতীৰ্ণ হ’ব খোজা নাই। দৰাচলতে, এয়া হৈছে ‘এক বিশ্ব, এক ভৱিষ্যত’ক আগুৱাই নিয়াৰহে দৃষ্টিভংগী। আনটো বিকল্প হৈছে এনে এখন পৃথিৱী যি অপ্ৰত্যাশিত, যি অধিক খণ্ডিত, পশ্চিম বনাম আন প্ৰান্তৰ এখন পৃথিৱী, এনে এখন পৃথিৱী য'ত আমি তেওঁলোকক ঠাই দিওঁ যিসকলে আমাৰ বিশ্বদৃষ্টিভংগীক সাৰোগত নকৰে আৰু যিসকলে এক বিকল্প শৃংখলা গঢ়ি তুলিব বিচাৰে। মই ভাবোঁ ৰাষ্ট্ৰপতি মেক্ৰ'নে এই দৃষ্টিভংগীকে প্ৰকাশ কৰিছে। ‘নতুন গোলকীয় বিত্তীয় চুক্তি শীৰ্ষ সন্মিলন’ আয়োজন কৰাৰ আঁৰত এইটোৱেই ভাৱনা আছিল।
আপুনি ‘ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ’ত ভাৰতৰ ‘স্থায়ী সদস্য’পদৰ বাবে ওকালতি কৰি আহিছে। এই প্ৰেক্ষাপটত ‘ৰাষ্ট্ৰসংঘ’ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণা হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি?
বিষয়টো কেৱল বিশ্বাসযোগ্যতাৰে নহয়, বৰঞ্চ বহুত ডাঙৰ কিবাহে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন কৰা বহুপাক্ষিক শাসন গাঁথনি সন্দৰ্ভত বিশ্বই মুকলি আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই বিশ্বাস কৰোঁ।
প্ৰতিষ্ঠানসমূহ সৃষ্টি হোৱাৰ প্ৰায় আঠোটা দশকৰ পিছত পৃথিৱীখনৰ পৰিৱৰ্তন হৈছে। সদস্য দেশসমূহৰ সংখ্যা চাৰিগুণে বৃদ্ধি পাইছে। গোলকীয় অৰ্থনীতিৰ চৰিত্ৰ সলনি হৈছে। আমি নতুন প্ৰযুক্তিৰ যুগত বাস কৰোঁ। নতুন শক্তি বৃদ্ধি পাইছে, যাৰ ফলত গোলকীয় ভাৰসাম্যৰ আপেক্ষিক পৰিৱৰ্তন ঘটিছে। আমি জলবায়ু পৰিৱৰ্তন, চাইবাৰ নিৰাপত্তা, সন্ত্ৰাসবাদ, মহাকাশ সুৰক্ষা, মহামাৰীকে ধৰি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। মই পৰিৱৰ্তনসমূহৰ বিষয়ে দীঘলীয়া তালিকা প্ৰস্তুত কৰিব পাৰোঁ।
এই পৰিৱৰ্তিত পৃথিৱীখনত বহুতো প্ৰশ্ন উত্থাপিত হয় - এইসকল আজিৰ পৃথিৱীৰ প্ৰতিনিধি নে বাৰু? তেওঁলোকক যিবোৰ ভূমিকাৰ বাবে স্থাপন কৰা হৈছিল সেইবোৰ পালন কৰিবলৈ সক্ষম নে বাৰু? পৃথিৱীৰ বিভিন্ন দেশে অনুভৱ কৰে নে যে এই সংগঠনসমূহ গুৰুত্বপূৰ্ণ, বা প্ৰাসংগিক?
বিশেষকৈ, ‘ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ’-য়ে এই অসন্তুষ্টিক উপস্থাপন কৰিছে। যেতিয়া আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ সমগ্ৰ মহাদেশকেইখনকে উপেক্ষা কৰা হয়, তেতিয়া আমি বাৰু কেনেকৈ ইয়াক এক ‘গোলকীয় সংস্থাৰ প্ৰাথমিক অংগ’ বুলি অভিহিত কৰিব পাৰোঁ? যেতিয়া ‘বিশ্বৰ আটাইতকৈ জনবহুল দেশ’, আৰু ইয়াৰ ‘সৰ্ববৃহৎ গণতন্ত্ৰ’খনেই স্থায়ী সদস্য নহয় তেতিয়া বাৰু ই কেনেকৈ বিশ্বৰ হৈ কথা ক’ব পাৰে বুলি দাবী কৰিব পাৰে? আৰু ইয়াৰ বিষম সদস্যতাই স্বচ্ছতাহীন সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক আগবঢ়াই নিয়ে, যিয়ে আজিৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখী হোৱাৰ ক্ষেত্ৰত ইয়াৰ অসহায়তাক অধিক কৰি তোলে।
‘ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ’ত কি পৰিৱৰ্তন হোৱা উচিত, ভাৰতে কেনে ভূমিকা পালন কৰা উচিত, সেই ক্ষেত্ৰত বেছিভাগ দেশৰ দৃষ্টিভংগী স্পষ্ট বুলি মই ভাবোঁ। আমি কেৱল তেওঁলোকৰ মাত শুনিব লাগিব আৰু তেওঁলোকৰ পৰামৰ্শক মনোযোগ দিব লাগিব। মই এই ক্ষেত্ৰত ফ্ৰান্সে গ্ৰহণ কৰা স্পষ্ট আৰু নিৰবিচ্ছিন্ন স্থিতিৰ প্ৰশংসা কৰিব বিচাৰিম।
২০৪৭ চনত ভাৰতৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কি? ‘গোলকীয় ভাৰসাম্য’ৰ বাবে ভাৰতৰ অৱদানক আপুনি কেনেদৰে প্ৰত্যক্ষ কৰে?
আমি আমাৰ স্বাধীনতাৰ ১০০ সংখ্যক বাৰ্ষিকী ২০৪৭ চনৰ বাবে এক স্পষ্ট দৃষ্টিভংগীৰে কাম কৰি আছোঁ। আমি ২০৪৭ চনত ভাৰতক এখন উন্নত দেশ হোৱাটো চাব বিচাৰোঁ। এক উন্নত অৰ্থনীতি, যিয়ে ইয়াৰ সকলো লোকৰ শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু সুযোগৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।
ভাৰত এক ‘জীৱন্ত আৰু অংশগ্ৰহণকাৰী যুক্তৰাষ্ট্ৰীয় গণতন্ত্ৰ’ হৈয়ে থাকিব, য'ত সকলো নাগৰিকেই তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰত সুৰক্ষিত, দেশত তেওঁলোকৰ স্থানৰ ক্ষেত্ৰত আত্মবিশ্বাসী আৰু তেওঁলোকৰ ভৱিষ্যতক লৈ আশাবাদী।
ভাৰত উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক গোলকীয় নেতা হ'ব। বহনক্ষম জীৱনশৈলী, পৰিষ্কাৰ নদী, নীলা আকাশ আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ আৰু বন্যপ্ৰাণীৰে ভৰপূৰ অৰণ্য থকা এখন ৰাষ্ট্ৰ। আমাৰ অৰ্থনীতি হ'ব সুযোগৰ কেন্দ্ৰ, বিশ্বৰ বিকাশৰ এক ‘ইঞ্জিন’ আৰু ইয়াৰ দক্ষতা আৰু প্ৰতিভাৰ উৎস। ভাৰত গণতন্ত্ৰৰ শক্তিৰ এক শক্তিশালী সাক্ষ্য হ'ব। আমি আন্তঃৰাষ্ট্ৰীয় আইনত আৱদ্ধ আৰু বহুপাক্ষিকতাৰ অনুশাসনৰ দ্বাৰা সমৰ্থিত এক অধিক সন্তুলিত ‘বহু মেৰুবিশিষ্ট’ বিশ্বক আগুৱাই নিয়াত সহায় কৰিম।
পশ্চিমীয়া মূল্যবোধৰ এতিয়াও এক সাৰ্বজনীন মাত্ৰা আছে বা আন দেশসমূহে তেওঁলোকৰ নিজৰ পথ বিচাৰি উলিওৱা উচিত বুলি আপুনি বিবেচনা কৰেনে?
মই অনুভৱ কৰোঁ যে যেতিয়া আমি পৃথিৱীখন ক'ত আছে, পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা চিন্তা প্ৰক্ৰিয়া, পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা প্ৰচেষ্টা, পৃথিৱীৰ প্ৰতিটো কোণৰ দৰ্শনৰ তেওঁলোকৰ সময়কালত তেওঁলোকৰ প্ৰাসংগিকতা আছে আৰু আমাক একত্ৰিত কৰিছে য'ত আজি পৃথিৱীখন আছে। কিন্তু পৃথিৱীখনে কেৱল তেতিয়াহে দ্ৰুত প্ৰগতি কৰিব যেতিয়া ই ‘কালদোষগ্ৰস্ত’ আৰু ‘পুৰণি ধাৰণা’বোৰ এৰিবলৈ শিকিব। আমি যিমানে পুৰণি ধাৰণাবোৰ এৰি দিম, সিমানে আমি নতুন বস্তু গ্ৰহণ কৰিব পাৰিম।
গতিকে, মই পশ্চিম নে পূব ভাল কথাবোৰ তেনেকৈ চোৱা নাই, এটা চিন্তা প্ৰক্ৰিয়া আনটোতকৈ ভাল হয় নে নহয় তেনেকৈহে চাব খুজিছোঁ। হাজাৰ হাজাৰ বছৰ আগতে লিখা আমাৰ ‘বেদ’সমূহে সকলো মহৎ চিন্তা-ধাৰাক সকলো দিশৰ পৰাই আহিবলৈ দিয়াৰ কথা কৈছিল। আমি নিজকে বন্ধ নকৰোঁ। পৃথিৱীয়ে ভাল বোলা কথাবোৰক আমাৰ প্ৰশংসা কৰাৰ, আদৰণি জনোৱাৰ আৰু গ্ৰহণ কৰাৰ ক্ষমতা থাকিব লাগে। সেয়েহে যদি আপুনি আমাৰ ‘জি-২০ বিষয়বস্তু- বসুধৈৱ কুটুম্বকম’, ‘এক পৃথিৱী, এটা পৰিয়াল, এক ভৱিষ্যত’-লৈ চাই, আমি কিন্তু এটা দৰ্শনৰ কথাকে কোৱা নাই।
২০১৪ চনৰ পৰা আপুনি বহুতো অৰ্থনৈতিক সংস্কাৰ কাৰ্যকৰী কৰিছে। আপুনি অৰ্থনীতিৰ বিকাশক কেনেদৰে আগবঢ়াই নিব বিচাৰে?
আমাৰ অৰ্থনৈতিক বিকাশ সদায় এক জনকেন্দ্ৰিক দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ আহিছে। আমি আটাইতকৈ সুবিধাবঞ্চিত লোকসকলক লগত লৈ যোৱা সিদ্ধান্তসমূহক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছোঁ। ‘অন্তিম মাইলৰ সংযোগ’ত, প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। অত্যন্ত সফলো হৈছোঁ। ‘ডিজিটেল প্ৰযুক্তি’ ব্যৱহাৰ কৰাটো এই ক্ষেত্ৰত এটা মুখ্য উপাদান হৈ আহিছে।
আমি সামাজিক আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তি আৰু সৱলীকৰণৰ এক অভূতপূৰ্ব স্তৰক উত্সাহিত কৰিছোঁ। এতিয়ালৈকে, আমি দৰিদ্ৰ লোকসকলৰ বাবে ৪০ নিযুততকৈয়ো অধিক ঘৰ আৰু সঠিক অনাময়ৰ বাবে ১১০ নিযুত শৌচালয় নিৰ্মাণ কৰিছোঁ। আমি প্ৰায় ৫০০ নিযুত লোকৰ বাবে ‘বেংক একাউণ্ট’ খুলিছোঁ আৰু ৪০০ নিযুত ‘মাইক্ৰ'ক্ৰেডিট ঋণ’ প্ৰদান কৰিছোঁ। আমি ৯০ নিযুত পৰিয়ালক ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছোঁ আৰু ৫০০ নিযুত লোকে বিনামূলীয়া স্বাস্থ্য বীমা সুৰক্ষা কৱচ লাভ কৰিছে।
‘ডিজিটেল প্ৰযুক্তি’ৰ ব্যৱহাৰ আৰু ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’ নিৰ্মাণত ভাৰতৰ বিপ্লৱে ভাৰতত সাৰ্বজনীন বেংকিং সম্ভৱ কৰি তুলিছে। ই লোকসকলক ৩০০ বিলিয়ন ইউৰোৰো অধিক পৰিমাণৰ প্ৰত্যক্ষ লাভ বিতৰণ কৰাত সহায় কৰিছে, ক’ভিড আৰম্ভ হোৱাৰ পৰা ৮০০ নিযুত লোকক এক পৰিমাণৰ বিনামূলীয়া খাদ্য প্ৰদান কৰাত সহায় কৰিছে। আজিৰ তাৰিখত বিশ্বৰ ৪৬% বাস্তৱ সময়ৰ ‘ডিজিটেল পৰিশোধ’ ভাৰতত সম্পন্ন হৈছে।
প্ৰতিগৰাকী ব্যক্তিৰ সম্ভাৱনা উন্মুক্ত কৰাৰ লক্ষ্য আগত ৰাখি ২০১৪ চনৰ পৰা আমি অৰ্থনৈতিক সংস্কাৰ কাৰ্যকৰী কৰি আছোঁ। আমি স্বাচ্ছন্দ্যৰে কৰ্ম সম্পাদন কৰিব পৰা বাতাবৰণ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছোঁ, আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ উদ্যোগীধাৰাক উৎসাহিত কৰিছোঁ। আমি উদ্ভাৱন আৰু ‘ষ্টাৰ্টআপ’ক উত্সাহিত কৰাৰ দিহা কৰিছোঁ। ভাৰত এতিয়া ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ’।
আমি বিনিয়োগকাৰীসকলক সহায় কৰিবলৈ এক অনুমানযোগ্য, স্বচ্ছ আৰু স্থিৰ নীতিব্যৱস্থা নিশ্চিত কৰি আছো। আমি প্ৰযুক্তি আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ, যি হৈছে দীৰ্ঘম্যাদী বিকাশ আৰু বিকাশৰ আধাৰশিলা। আমি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশ্বনেতা হোৱাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। ভাৰতক ‘এআই’, ‘কোৱাণ্টাম কম্পিউটিং’, ‘অৰ্ধপৰিবাহী’, মহাকাশ, প্ৰতিৰক্ষা ক্ষেত্ৰত আগশাৰীৰ ‘খেলুৱৈ’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ।
আমি আন্তঃগাঁথনি উন্নয়নৰ প্ৰতিও যথেষ্ট মনোযোগ দিছোঁ। পৰিৱৰ্তনৰ গতি আৰু পৰিমাপ, সেয়া লাগিলে স্থলপথ, ৰে’লপথ, বিমানবন্দৰ, বন্দৰ, ‘পাইপলাইন’ বা বিদ্যুৎ কেন্দ্ৰই হওঁক, সকলো ক্ষেত্ৰতে অভুপূৰ্ব প্ৰগতি সম্ভৱ হৈছে। ‘গতি-শক্তি’ কাৰ্যসূচীয়ে ‘লজিষ্টিক’ৰ ব্যয় হ্ৰাস কৰিছে আৰু পৰিকল্পিত উন্নয়নৰ সুবিধা প্ৰদান কৰিছে। উৎপাদন সংযোজিত উদগণি আঁচনি আৰু ‘ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইন প্ৰকল্প’ৰ দৰে পদক্ষেপে ভাৰতত উৎপাদন ব্যাপক হাৰত বৃদ্ধি কৰিছে। আমাৰ অৰ্থনীতি এতিয়া ‘পৃথিৱীৰ পঞ্চম সৰ্ববৃহৎ’, আৰু অতি সোনকালেই ই ‘তৃতীয় সৰ্ববৃহৎ’ হোৱাৰ পথত আগবাঢ়িছে।
বিশ্বৰ সৈতে সম্পৰ্ক আমাৰ অৰ্থনৈতিক ৰণকৌশলৰ এক গুৰুত্বপূৰ্ণ অংশ। আমাৰ দৃষ্টিভংগী- ‘মে’ক ইন ইণ্ডিয়া’ৰ লক্ষ্য ভাৰতক বিশ্বৰ পৰা আঁতৰাই ৰখাৰ লক্ষ্য নহয়। আমিয়েই একমাত্ৰ ‘জি-২০’ দেশ যি ২০৩০ চনৰ ৯টা বছৰ আগতেই জলবায়ু সন্দৰ্ভত পেৰিছ-প্ৰতিশ্ৰুতিত উপনীত হৈছিলোঁ। আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
চীনে ইয়াৰ প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন ঢালি আছে। ই অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে নেকি?
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমাৰ আগ্ৰহ বিশাল, আৰু আমাৰ ব্যস্ততা গভীৰ। মই এই অঞ্চলটোৰ প্ৰতি আমাৰ দৃষ্টিভংগী এটা শব্দৰে বৰ্ণনা কৰিব বিচাৰিছো – ‘সাগৰ’, যি হৈছে অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু বিকাশ। যদিও আমি গঢ়িব বিচৰা ভৱিষ্যতৰ বাবে শান্তি প্ৰয়োজনীয়, ই পিচে নিশ্চিতিৰ পৰা বহু দূৰত অৱস্থান কৰিছে।
ভাৰতে সদায় আলোচনা আৰু কূটনীতিৰ জৰিয়তে মতভেদ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে, আৰু সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক সন্মান জনোৱাৰ বাবে থিয় দি আহিছে। পাৰস্পৰিক আস্থা আৰু বিশ্বাস বৰ্তাই ৰখাৰ বাবে এইটো আগতকৈয়ো অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। আমি বিশ্বাস কৰোঁ যে ইয়াৰ জৰিয়তে আঞ্চলিক আৰু গোলকীয় স্থায়ী শান্তি আৰু স্থিৰতাৰ দিশত এক ইতিবাচক অৱদান আগবঢ়াব পাৰি।
অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতকে ধৰি বহুতো দেশে আক্ৰমণাত্মক চীনে সৃষ্টি কৰা সমস্যাৰ সন্মুখীন হৈছে। চীনৰ সৈতে এই স্থিতিত কৌশলগত সমৰ্থনৰ ক্ষেত্ৰত আপুনি ফ্ৰান্সৰ পৰা কি আশা কৰে?
ভাৰত আৰু ফ্ৰান্সৰ এক বিস্তৃত পৰিসৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে য'ত ৰাজনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, অৰ্থনৈতিক, মানৱ কেন্দ্ৰিক উন্নয়ন আৰু স্থিৰতা সহযোগিতা অন্তৰ্ভুক্ত আছে। যেতিয়া একে ধৰণৰ দৃষ্টিভংগী আৰু মূল্যবোধ থকা দেশসমূহে একেলগে কাম কৰে, দ্বিপাক্ষিকভাৱে, প্ৰশংসনীয় ব্যৱস্থাত বা আঞ্চলিক প্ৰতিষ্ঠানত, তেওঁলোকে যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে। ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল’কে ধৰি আমাৰ অংশীদাৰিত্ব কোনো দেশৰ বিৰুদ্ধে বা ব্যয় নিৰ্দেশিত নহয়। আমাৰ লক্ষ্য হৈছে আমাৰ অৰ্থনৈতিক আৰু নিৰাপত্তাৰ স্বাৰ্থ সুৰক্ষিত কৰা, নৌ-চলাচল আৰু বাণিজ্যৰ স্বাধীনতা নিশ্চিত কৰা, অঞ্চলটোত আন্তঃৰাষ্ট্ৰীয় আইনৰ শাসনক আগুৱাই নিয়া। আমি আন দেশৰ সৈতে তেওঁলোকৰ সামৰ্থ্য বিকাশ আৰু মুক্ত সাৰ্বভৌম পচন্দৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ কাম কৰোঁ। অধিক বিস্তৃতভাৱে, আমি অঞ্চলটোত শান্তি আৰু স্থিৰতা আগবঢ়োৱাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ।
ছেপ্টেম্বৰ মাহত আপুনি ব্লাদিমিৰ পুটিনক কৈছিল যে আজি যুদ্ধৰ যুগ নহয়। যুদ্ধখনক এতিয়া দীঘলীয়া কৰি থকা হৈছে আৰু ‘গ্লোবেল ছাউথ’ৰ ওপৰত বিষম পৰিণাম দেখিবলৈ পোৱা গৈছে। ভাৰতে ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত নিজৰ স্থিতি দৃঢ় কৰিব নেকি?
মই ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে কেইবাবাৰো কথা পাতিছোঁ। মই হিৰোছিমাত ৰাষ্ট্ৰপতি জেলেনস্কিক লগ পাইছিলোঁ। শেহতীয়াকৈ, মই ৰাষ্ট্ৰপতি পুটিনৰ সৈতে পুনৰ কথা পাতিছিলোঁ। ভাৰতৰ স্থিতি স্পষ্ট, স্বচ্ছ আৰু সুস্থিৰ। মই কৈছোঁ যে এইটো যুদ্ধৰ যুগ নহয়। আমি দুয়োপক্ষক আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান জনাইছোঁ। মই তেওঁলোকক কৈছিলো যে ভাৰতে সকলো আন্তৰিক প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সাজু যি এই বিবাদৰ সমাপ্তি ঘটাত সহায় কৰিব পাৰে।
আমি বিশ্বাস কৰোঁ যে আন দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাক সন্মান কৰা, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা আৰু ৰাষ্ট্ৰসংঘৰ চনদ মানি চলাৰ দায়বদ্ধতা সকলো দেশৰে আছে।
আমি বহল বিশ্ব, বিশেষকৈ গোলকীয় দক্ষিণৰ ওপৰত পৰা সংঘৰ্ষৰ প্ৰভাৱৰ বিষয়েও গভীৰভাৱে চিন্তিত। ইতিমধ্যে কভিড মহামাৰীৰ প্ৰভাৱত বপৰ্যস্ত দেশসমূহে এতিয়া শক্তি, খাদ্য আৰু স্বাস্থ্য সংকট, অৰ্থনৈতিক মন্দাৱস্থা, মুদ্ৰাস্ফীতি আৰু বৰ্ধিত ঋণৰ বোজাৰ সন্মুখীন হৈছে। বিবাদৰ সামৰণি পৰিব লাগিব। আমি দক্ষিণৰ দেশসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব লাগিব।
এই বছৰ ফ্ৰান্স আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্য বাৰ্ষিকী। আপুনি দুয়োখন দেশৰ মাজৰ সম্পৰ্কক কেনেদৰে বৰ্ণনা কৰিব?
প্ৰথমতে, ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ মই ফ্ৰান্স, ইয়াৰ চৰকাৰ আৰু ব্যক্তিগতভাৱে ৰাষ্ট্ৰপতি মেক্ৰনক ১৪ জুলাইৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত ভাৰতক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো। এই উপলক্ষে ফ্ৰান্স ভ্ৰমণ কৰি মই কৃতজ্ঞ অনুভৱ কৰিছোঁ। এইটো এটা বিশেষ বছৰ কিয়নো এইটো বছৰ আমাৰ কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্য বাৰ্ষিকীৰ বছৰ। ই ভাৰতৰ বাবে এক সন্মান আৰু ভাৰত-ফ্ৰান্স বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।
কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰৰ বিষয়ে মই অনুভৱ কৰোঁ যে আমি এতিয়া এটা মোঁৰত উপস্থিত হৈছোঁ। যদি আমি মহামাৰীৰ পিছৰ গোলকীয় শৃংখলা আৰু ই গ্ৰহণ কৰি থকা আকৃতিটো চাওঁ, মই ভাবো আমাৰ কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক অভিজ্ঞতা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সেয়েহে, আমি কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী ২৫টা বছৰৰ বাবে এক পথ-মানচিত্ৰ তৈয়াৰ কৰাৰ বাবে আশাবাদী, যিটো মই সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ।
আমাৰ সম্পৰ্ক উৎকৃষ্ট অৱস্থাত আছে। ই শক্তিশালী, বিশ্বাসী, সামঞ্জস্যপূৰ্ণ। আন্ধাৰ ধুমুহাৰ ক্ষেত্ৰত এইটো স্থিৰ আৰু স্থিতিস্থাপক হৈ আছে। সুযোগ বিচাৰি উলিওৱাটো সাহসী আৰু উচ্চাকাংক্ষী বুলিয়ে বিবেচিত হৈ আহিছে।
আমি বনিময় কৰা পাৰস্পৰিক আস্থা আৰু আত্মবিশ্বাসৰ স্তৰ অতুলনীয়। এয়া অংসীদাৰিত্ব কৰা মূল্যবোধ আৰু দৃষ্টিৰ পৰা উদ্ভৱ হৈছে। আমি কৌশলগত স্বায়ত্তশাসনৰ এক শক্তিশালী অনুভূতি বিনিময় কৰোঁ। দুয়োৰে আন্তৰ্জাতিক আইনৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতি আছে। আমি দুয়োৱে এখন ‘বহু মেৰুযুক্ত’ পৃথিৱী বিচাৰো। আমি দুয়োৱে বহুপাক্ষিকতাত এক অটল আস্থা পোষণ কৰোঁ।
মহাকাশ আৰু প্ৰতিৰক্ষাৰ দৰে সংবেদনশীল ক্ষেত্ৰত আমাৰ অংশীদাৰিত্ব পাঁচ দশকৰো অধিক সময়লৈ ঘূৰি যায়। এয়া এনে এটা পৰ্যায় আছিল যেতিয়া ভাৰতৰ প্ৰতি পশ্চিমৰ বন্ধুত্বপূৰ্ণ মনোভাৱ নাছিল। সেয়েহে, এইটো আচৰিত নহয় যে ফ্ৰান্স হৈছে প্ৰথম পশ্চিমীয়া দেশ যাৰ সৈতে আমি কৌশলগত অংশীদাৰিত্ব ঘোষণা কৰিছিলোঁ। সেয়া ভাৰতকে ধৰি সমগ্ৰ পৃথিৱীখনৰ বাবেই এক কঠিন সময় আছিল। তেতিয়াৰ পৰা আমাৰ সম্পৰ্ক এক অংশীদাৰিত্বলৈ ৰূপান্তৰিত হৈছে, যি কেৱল আমাৰ দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ সামগ্ৰিক ভাবে ভূ-ৰাজনৈতিক পৰিণামৰ বাবেও।
২০১৪ চনত চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত মই ফ্ৰান্সৰ সৈতে আমাৰ কৌশলগত অংশীদাৰিত্বত বিশেষ গুৰুত্ব আৰোপ কৰিছিলো। কাৰ্যালয়ত প্ৰৱেশ কৰাৰ এবছৰৰ ভিতৰতে মই ২০১৫ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰ ফ্ৰান্স ভ্ৰমণ কৰিছিলো। ফ্ৰান্সত স্বাধীনতা আৰু শান্তি ৰক্ষাৰ বাবে প্ৰথম বিশ্বযুদ্ধত যুঁজ দিয়া ১,৪০,০০০ ভাৰতীয় সৈনিকৰ সেৱাক ফ্ৰান্সৰ জনসাধাৰণে যিধৰণে সন্মান জনাইছে তাক মই যথেষ্ট সন্মান জনাইছো। ফ্ৰান্সৰ ১৬৩টা সমাধিক্ষেত্ৰত ৯০০০ ভাৰতীয়ৰ স্মৃতি কেনেদৰে জীয়াই ৰখা হৈছে সেয়া চাবলৈ ই আগবাঢ়িছে। মই ২০১৫ চনত ‘নিউৱে-চেপেল’ৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলো। মই ফৰাচী নেতৃত্বৰ সৈতে, বিশেষকৈ ৰাষ্ট্ৰপতি মেক্ৰন নিৰ্বাচিত হোৱাৰ পিছৰে পৰা এই অংশীদাৰিত্ব বিকাশৰ বাবে, কেৱল দ্বিপাক্ষিক পৰিকাঠামোতে নহয়, বিশ্বজোৰা কল্যাণৰ বাবেও ঘনিষ্ঠভাৱে কাম কৰিছোঁ।
কোনবোৰ ক্ষেত্ৰত ফ্ৰান্সৰ সৈতে সহযোগিতা শক্তিশালী কৰাৰ কথা বিবেচনা কৰি আছে?
দুয়োখন দেশৰ মাজত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্ব প্ৰগাঢ় হৈছে। ২০১৪ চনৰ পৰা আমাৰ বাণিজ্যৰ পৰিসৰ প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। মাত্ৰ এই বছৰ, দুটা ভাৰতীয় বিমান পৰিবাহকে প্ৰতিষ্ঠানে ‘এয়াৰবাছ’-ক ৭৫০ খনতকৈয়ো অধিক বিমানৰ ফৰমাইচ দিছে। দুয়োখন দেশে ৰাজহুৱা কল্যাণৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ব্যৱহাৰৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ অধিক ঘনিষ্ঠভাৱে কাম কৰি আছে। সৌৰ, বায়ু আৰু ‘পৰিষ্কাৰ হাইড্ৰজেন’কে ধৰি পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত শক্তিশালী সহযোগিতা বৰ্তি আহিছে।
ৰাষ্ট্ৰপতি মেক্ৰ'নে আমাৰ সহযোগিতা গভীৰ কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। যোৱাটো বছৰত, ২০২২ চনত ফ্ৰান্সত অনুষ্ঠিত ‘পেৰিছ গ্ৰন্থমেলা’, ‘কান চলচ্চিত্ৰ মহোৎসৱ’, ‘ভিভাটেক’, ‘পেৰিছ ইনফ্ৰা সপ্তাহ’ আৰু ‘আন্তৰ্জাতিক চিটেক সপ্তাহ’ত বছৰটোৰ দেশ আছিল ভাৰত। আমাৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা দ্ৰুতগতিত আগবাঢ়িছে। আমি এক প্ৰকৃত ঔদ্যোগিক অংশীদাৰিত্ব আৰম্ভ কৰিছোঁ, যাৰ ভিতৰত আছে ‘সহ-আৰ্হি’ আৰু ‘সহ-বিকাশ’, কেৱল নিজৰ বাবেই নহয়, আন দেশৰ বাবেও।
আমি আন্তৰ্জাতিক মঞ্চসমূহত অধিক ঘনিষ্ঠভাৱে সহযোগিতা আৰু সমন্বয় স্থাপন কৰোঁ। আমি একেলগে আন্তৰ্জাতিক সৌৰ মিত্ৰতা আৰম্ভ কৰিছোঁ। আমি এতিয়া জৈৱ বৈচিত্ৰ্য, একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিৰ্মূল, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি নিৰ্মাণ আৰু সাগৰীয় সম্পদ সংৰক্ষণৰ ক্ষেত্ৰতো একেলগে কাম কৰি আছোঁ।
ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া বা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বিশেষভাৱে শক্তিশালী হৈ উঠিছে। অতি সম্প্ৰতি, আমি ৰাষ্ট্ৰপতি মেক্ৰ'নৰ নতুন গোলকীয় বিত্তীয় চুক্তি সন্মিলনত ঘনিষ্ঠভাৱে কাম কৰিছোঁ। সন্ত্ৰাসবাদীক বিত্তীয় যোগানৰ নিদিয়াৰ উদ্যোগত আমি দুয়োৱে নেতৃত্ব গ্ৰহণ কৰিছোঁ।
ৰাষ্ট্ৰপতি মেক্ৰনৰ চিন্তাধাৰা সঁচাকৈয়ে আমাৰ সৈতে মিল খোৱা বুলি মই অনুভৱ কৰোঁ। আৰু সেয়েহে আমি একেলগে কাম কৰিবলৈ স্বাচ্ছন্দ্য অনুভৱ কৰোঁ। আৰু ইয়াৰ বাবে তেওঁৰ প্ৰতি মোৰ আটাইতকৈ বেছি কৃতজ্ঞতা আছে। আমাৰ অংশীদাৰিত্ব ভাৰত-প্ৰশান্তমহাসাগৰীয় অঞ্চলত শান্তি আৰু স্থিৰতাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি ফ্ৰান্সক আমাৰ অন্যতম বিশ্ব অংশীদাৰ হিচাপে গণ্য কৰোঁ।
‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত ফ্ৰান্স ভাৰতৰ চুবুৰীয়া দেশ। ভাৰত আৰু ফ্ৰান্সে অঞ্চলটোত কেনে ধৰণৰ সহযোগিতাৰ বাবে অপেক্ষা কৰিছে?
মই ইতিমধ্যে কোৱাৰ দৰে, ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ গতিপথ প্ৰভাৱিত কৰাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব। আমি ভাৰত মহাসাগৰ অঞ্চলৰ দুখন প্ৰধান শক্তিধৰ বাসিন্দা।
আমাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে এক স্বাধীন, মুক্ত, সামগ্ৰিক, সুৰক্ষিত আৰু সুস্থিৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক আগুৱাই নিয়া, একেলগে কাম কৰা আৰু আমাৰ দৃষ্টিভংগী ভাগ বাটোৱাৰা কৰা অঞ্চলটোৰ আন সকলৰ সৈতে কাম কৰা। এটা শক্তিশালী প্ৰতিৰক্ষা আৰু সুৰক্ষা উপাদান আছে যি সাগৰৰ তলৰ পৰা মহাকাশলৈকে বিস্তৃত। ই অঞ্চলটোৰ আন দেশসমূহক সহায় কৰিব বিচাৰে আৰু নিৰাপত্তা সহযোগিতা আৰু নিয়ম নিৰ্ধাৰণৰ বাবে আঞ্চলিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব বিচাৰে।
আমি কেৱল যে ভাৰতৰ প্ৰতিৰক্ষা ঔদ্যোগিক আধাৰ আৰু আমাৰ যুটীয়া কাৰ্যকৰী ক্ষমতা শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি আছোঁ এনে নহয়। আমি প্ৰতিৰক্ষা সঁজুলিকে ধৰি অন্যান্য দেশৰ নিৰাপত্তাৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰাৰ বাবেও সহযোগিতা আগবঢ়াই যাম। কেৱল এয়াই নহয়, ইয়াৰ বিস্তৃতি ইয়াৰো বাহিৰত। ইয়াত অৰ্থনৈতিক, সংযোগ, মানৱ উন্নয়ন আৰু স্থিৰতাৰ পদক্ষেপৰ সম্পূৰ্ণ পৰিসৰেই অন্তৰ্ভুক্ত হৈ আছে। এইবোৰে আন দেশসমূহক সমৃদ্ধি আৰু শান্তিৰ অংশীদাৰী প্ৰচেষ্টালৈ আকৰ্ষিত কৰিব। এই অংশীদাৰিত্বই আঞ্চলিক সহযোগিতাৰ বাবে বৃহৎ সম্ভাৱনা মুকলি কৰিব। লগতে, ভাৰত মহাসাগৰীয় অঞ্চলৰ বাহিৰেও আমি প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো ক্ৰমান্বয়ে সমন্বয় আৰু সহযোগিতা আগবঢ়াম। আমাৰ অংশীদাৰিত্বত ‘ইউৰোপীয় ইউনিয়ন’-ও অন্তৰ্ভুক্ত থাকিব, যাৰ নিজা ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰণনীতি’ আছে। ‘ইউৰোপীয় ইউনিয়ন’ৰ সৈতে আমাৰ ইতিমধ্যেই ‘ইউৰোপীয় ইউনিয়ন-ভাৰত সংযোগ’ৰ অংশীদাৰিত্ব আছে।