QuoteToday women are excelling in every sphere: PM Modi
QuoteIt is important to recognise the talent of women and provide them with the right opportunities: PM Modi
QuoteSelf Help Groups have immensely benefitted people in rural areas, especially women: PM Modi
QuoteTo strengthen the network of Self Help Groups across the country, Government is helping them economically as well as by providing training: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ সদস্যসমূহ তথা দীন দয়াল অন্তোদয়া যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰে৷ এই বাৰ্তালাপত বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় এক কোটি মহিলাই অংশগ্ৰহণ কৰে৷ এইটোকে ধৰি প্ৰধানমন্ত্ৰীয়ে নৱমবাৰলৈ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷

বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে বাৰ্তালাপত সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী সদস্যই সংকল্প, সামূহিক প্ৰয়াস আৰু উদ্যমিতাৰ অনন্য উদাহৰণ৷ তেওঁ কয় যে মহিলাসকল উদ্যমশীল হোৱাৰ লগতে প্ৰতিকূল পৰিৱেশত আন্তনিৰ্ভৰশীলতাৰ বাবে ব্যাপকভাৱে অন্তঃকৰণে শক্তিশালী৷ প্ৰদৰ্শন কৰিবলৈ তেওঁলোকক কেৱল এটা সুযোগৰ প্ৰয়োজন৷ তেওঁ লগতে কয় যে বিভিন্ন ক্ষেত্ৰ যেনে কৃষি আৰু দুগ্ধপাম আদি মহিলাসকলৰ অৱদান অবিহনে কল্পনা কৰিব নোৱাৰি৷ এয়াই হ’ল সমগ্ৰ দেশৰ বাবে মহিলা সৱলীকৰণৰ প্ৰকৃত কৰ্মশক্তি৷

বাৰ্তালাপৰ সময়চোৱাত নৰেন্দ্ৰ মোদীয়ে কয় যে দীন দয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে৷ তেওঁ কয় যে এই আঁচনিটোৰ উদ্দেশ্য হ’ল ২.৫ লাখ গাঁও পঞ্চায়তৰ কোটি কোটি দুখীয়া পৰিয়ালক স্পৰ্শ কৰা আৰু তেওঁলোকক বহনক্ষম জীৱিকাৰ সুবিধা প্ৰদান কৰা৷ এই আঁচনি সফলতাৰে ৰূপায়ণ কৰাৰ বাবে তেওঁ সকলো ৰাজ্য আৰু বিষয়াবৰ্গক অভিনন্দন জ্ঞাপন কৰে৷

আত্মসহায়ক গোটসমূহৰ বিষয়ে সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মসহায়ক গোটসমূহে সমাজৰ বিশেষকৈ মহিলা আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক উত্তৰণ আৰু সামাজিক বিকাশত অৰিহণা যোগায়৷ তেওঁ কয় যে ২০১১-২০১৪ৰ তুলনাত বিগত চাৰিটা বৰ্ষত আত্মসহায়ক গোটৰ সংখ্যা চাৰিগুণ বৃদ্ধি হৈছে আৰু ই গ্ৰামাঞ্চলত নিয়োজন তথা উদ্যমিতা সৃষ্টিত সফল হৈছে৷ ২০১১চনৰ পৰা ২০১৪ চনলৈ এই তিনি বছৰত কেৱল ৫ লাখ আত্মসহায়ক গোট গঠন হৈছিল যিয়ে ৫২ লাখ পৰিয়াল সামৰি লৈছিল৷ আনহাতে ২০১৪ চনৰ পৰা ২.২৫ কোটি পৰিয়ালক সামৰি ২০ লাখ আত্মসহায়ক গোট গঠন হৈছে৷

চৰকাৰেও সমগ্ৰ দেশতে আত্মসহায়ক গোটসমূহৰ উত্তৰণৰ বাবে প্ৰশিক্ষণ, বিত্তীয় সাহায্য আৰু সুবিধা প্ৰদান কৰিছে৷ মহিলা কৃষক সশক্তিকৰণ পৰিযোজনাৰ জৰিয়তে প্ৰায় ৩৩ লাখ মহিলা কৃষকক প্ৰশিক্ষণ দিয়া হৈছে৷ বৰ্তমানে সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমগ্ৰ ভাৰততে ৪৫ লাখ আত্মসহায়ক গোটত ৫ কোটি মহিলা আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দীন দয়াল অন্তোদয়া যোজনাৰ জৰিয়তে গ্ৰামাঞ্চলৰ যুৱ সমাজক দক্ষতা বিকাশৰ বাবে বিশেষ মনোযোগ প্ৰদান কৰা হৈছে৷ প্ৰশিক্ষণৰ লগতে নিয়োজন তথা স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰি উন্নত জীৱনশৈলীৰ প্ৰত্যাশা পূৰণৰ বাবে যুৱ সমাজক সুবিধা প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে ৬০০টা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ অনুষ্ঠানৰ জৰিয়তে প্ৰায় ২৮ লাখ যুৱ সম্প্ৰদায়ক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু তাৰে প্ৰায় ১৯ লাখে কৰ্ম নিয়োজন লাভ কৰিছে৷

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মূল্য সংযোজন আৰু মূল্য শৃংখল আগ্ৰহৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে৷ তেওঁ প্ৰতিটো আত্মসহায়ক গোটক তেওঁলোকৰ সামগ্ৰীৰ বিপণনৰ বাবে চৰকাৰৰ ই-মাৰ্কেট স্থান (জিইএম)ত পঞ্জীভূক্ত হ’বলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতা তথা আত্মসহায়ক গোটৰ সৈতে জড়িত সফলতাৰ খতিয়ানসমূহ বৰ্ণনা কৰে৷ দুখীয়া মহিলাসকলে যিধৰণে তেওঁলোকৰ আত্মবিশ্বাসৰ জৰিয়তে সকলো ধৰণৰ প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈছে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰে৷ মহিলা হিতাধিকাৰীসকলৰ জীৱনলৈ আত্মসহায়ক গোটসমূহে কিদৰে ধনাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে সেই সম্পৰ্কে তেওঁলোকে ভাৱ-বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক তেওঁলোকৰ সাফল্যৰ কাহিনী আলোকচিত্ৰৰ সৈতে তথা তেওঁলোকৰ বিচাৰধাৰাসমূহ নৰেন্দ্ৰ মোদী এপত বিনিময় কৰিবলৈ আহ্বান জনায়৷

Click here to read full text speech

  • G.shankar Srivastav August 11, 2022

    नमस्ते
  • Jayanta Kumar Bhadra May 31, 2022

    Jay Jay Krishna
  • Jayanta Kumar Bhadra May 31, 2022

    Jai Sree Ram
  • Jayanta Kumar Bhadra May 31, 2022

    Jay Ganesh
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷🌹
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav April 09, 2022

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's liberal FDI policy offers major investment opportunities: Deloitte

Media Coverage

India's liberal FDI policy offers major investment opportunities: Deloitte
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 মে’ 2025
May 05, 2025

PM Modi's People-centric Policies Continue Winning Hearts Across Sectors