প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত শিখ সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে৷ সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক উষ্ম সম্ভাষণ জনায়৷

|

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত শিখ সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে৷ সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক উষ্ম সম্ভাষণ জনায়৷

এই সাক্ষাৎকাৰৰ সময়ত সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক দেশ আৰু শিখ সম্প্ৰদায়ৰ উন্নতিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপসমূহৰ প্ৰশংসা কৰে৷

‘‘হাউষ্টনত শিখ সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মোৰ সুন্দৰ কথা-বাৰ্তা হ’ল৷ ভাৰতত উন্নতিৰ বাবে তেওঁলোকৰ আগ্ৰহ দেখি মই সন্তোষিত হ’লো!’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত ডাউড়ি ব’হৰা সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়৷

সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক হাউষ্টনত উষ্ম সম্ভাষণ জনায়৷ এই সাক্ষাৎকাৰৰ সময়ত ডাউড়ি ব’হৰা সম্প্ৰদায়ৰ সদস্যসকলে ছেইদনা ছাহিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ সংযোগৰ বিষয়ে আলোকপাত কৰে৷ যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে ইন্দোৰত সম্প্ৰদায়টোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিষয়েও তেওঁলোকে উল্লেখ কৰে৷

|

উক্ত সাক্ষাৎকাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে, ‘‘ডাউড়ি ব’হৰা সম্প্ৰদায়টোৱে বিশ্বত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ হাউষ্টনত মই তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছো আৰু বিভিন্ন বিষয়ৰ আলোচনা কৰিছো৷’’

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হাউষ্টনত কাশ্মীৰি পণ্ডিতৰ এক প্ৰতিনিধিবৰ্গৰ সৈতে সাক্ষাৎ কৰে৷

এই সাক্ষাৎকাৰৰ সময়ত সম্প্ৰদায়টোৰ সদস্যসকলে প্ৰধানমন্ত্ৰী প্ৰতিজন ভাৰতীয়ৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শক্তিশালী সমৰ্থন প্ৰকাশ কৰে৷

|

 

‘‘হাউষ্টনত কাশ্মীৰি পণ্ডিতসকলৰ সৈতে মই বিশেষ আলোচনাত মিলিত হ’লো’’, এই সাক্ষাৎকাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷

  • Babla sengupta December 30, 2023

    Babla sengupta
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 24, 2022

    🇮🇳🇮🇳
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad June 24, 2022

    🇮🇳
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
A chance for India’s creative ecosystem to make waves

Media Coverage

A chance for India’s creative ecosystem to make waves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Nuh, Haryana
April 26, 2025

Prime Minister, Shri Narendra Modi, today condoled the loss of lives in an accident in Nuh, Haryana. "The state government is making every possible effort for relief and rescue", Shri Modi said.

The Prime Minister' Office posted on X :

"हरियाणा के नूंह में हुआ हादसा अत्यंत हृदयविदारक है। मेरी संवेदनाएं शोक-संतप्त परिजनों के साथ हैं। ईश्वर उन्हें इस कठिन समय में संबल प्रदान करे। इसके साथ ही मैं हादसे में घायल लोगों के शीघ्र स्वस्थ होने की कामना करता हूं। राज्य सरकार राहत और बचाव के हरसंभव प्रयास में जुटी है: PM @narendramodi"