QuoteLet our motto be Yoga for peace, harmony and progress: PM Modi
QuoteYoga transcends the barriers of age, colour, caste, community, thought, sect, rich or poor, state and border: PM Modi
QuoteYoga is both ancient and modern. It is constant and evolving: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচীত আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে এক বিশাল যোগচৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

যোগাভ্যাসৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে ‘‘আমাৰ যোগৰ মূলমন্ত্ৰ হওক শান্তি, সদভাৱ তথা উন্নতি৷’’

অনুষ্ঠানটোত সকলো সম্ভাষণ জনাই তেওঁ সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াই যোগাভ্যাসক প্ৰচাৰ কৰাত আগবঢ়োৱা অৱদানৰ শলাগ লয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আধুনিক যোগক চহৰৰ পৰা গাঁৱলৈ, দৰিদ্ৰ তথা জনজাতিৰ কাষলৈ লৈ যাব বিচাৰে৷ দৰিদ্ৰ আৰু জনজাতিসকলৰ বাবে যোগ জীৱনৰ অভিন্ন অংশ হিচাপে গ্ৰহণ কৰাত তেওঁ গুৰুত্ব প্ৰদান কৰি কয় যে কিয়নো তেওঁলোকে ৰোগত আক্ৰান্ত হ’লে অধিক লোকচান হয়৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰিৱৰ্তিত সময়ত আমি ৰোগ প্ৰতিৰোধৰ উপৰিও কল্যাণৰ ফালেও গুৰুত্ব প্ৰদান কৰিব লাগে৷ তেওঁ কয় যে যোগে আমাক শক্তি প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ মানে কেৱল আমি মজিয়াত অথবা মেটৰ ওপৰত কৰা কাৰ্যসূচীয়েই নহয়৷ তেওঁ কয় যে যোগ মানে অনুশাসন, উৎসৰ্গা তথা ইয়াক আমি দৈনন্দিন অভ্যাস কৰিব লাগে৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ বয়স, বৰ্ণ, জাতি, ধনী, দুখীয়া, ৰাজ্য, সীমা আদিৰ সকলোৰে ঊৰ্ধত৷ তেওঁ কয় যে যোগ সকলোৰে বাবে৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি শোৱনি কক্ষৰ পৰা ব’ৰ্ড কক্ষ, পাৰ্কৰ পৰা ক্ৰীড়াংগন, পথৰ পৰা কল্যাণ কেন্দ্ৰলৈ, সকলোতে যোগে আধিপত্য বিস্তাৰ কৰিছে৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি শোৱনি কক্ষৰ পৰা ব’ৰ্ড কক্ষ, পাৰ্কৰ পৰা ক্ৰীড়াংগন, পথৰ পৰা কল্যাণ কেন্দ্ৰলৈ, সকলোতে যোগে আধিপত্য বিস্তাৰ কৰিছে৷

|

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগ প্ৰাচীনো তথা ই আধুনিকো৷ ই ধ্ৰুৱকো আৰু ই পৰিৱৰ্তনশীলো৷

|

শতিকাজুৰি যোগ একেই আছে, ই আমাৰ শৰীৰ স্বাস্থ্যৱান কৰি ৰাখে, একতাৰ ভাৱ জগাই তোলে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ কয় যে যোগ হ’ল জ্ঞান, কৰ্ম আৰু ভক্তিভাৱৰ সংমিশ্ৰণ৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই যোগক আকোৱালি লোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্বন্ধীয় গৱেষণাসমূহত আমি গুৰুত্ব দিয়া উচিত৷ যোগক চিকিৎসা, ফিজিঅ’থেৰাপী আৰু কৃত্ৰিম বুদ্ধিমতা আদি বিষয়সমূহৰ সৈতে সংযুক্ত কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷

Click here to read full text speech

  • Babla sengupta January 03, 2024

    Babla sengupta
  • Laxman singh Rana June 21, 2022

    नमो नमो 🇮🇳🌷🌹
  • Laxman singh Rana June 21, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana June 21, 2022

    नमो नमो 🇮🇳
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman

Media Coverage

Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2025
March 09, 2025

Appreciation for PM Modi’s Efforts Ensuring More Opportunities for All