প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ বৰিপাড়া ভ্ৰমণ কৰে৷
তেওঁ ৰাশিকা ৰে’ মন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ বাবে ডিজিটেল ফলক উন্মোচন কৰে৷
তেওঁ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷
তেওঁ ৰাষ্ট্ৰলৈ বুলি আইঅ’চিএলৰ পাৰাদ্বীপ–হালদিয়া–দুৰ্গাপুৰ এলপিজি পাইপলাইনৰ অংশ বালাছোড়–হালদিয়া–দুৰ্গাপুৰ উচৰ্গা কৰে৷ তাৰোপৰি তেওঁ বালাছোড়ত মাল্টি–মোডাল লজিষ্টিক পাৰ্ক আৰু ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰও মুকলি কৰে৷
তেওঁ টাটানগৰৰ পৰা বাদামপাহাৰলৈ দ্বিতীয় যাত্ৰীবাহী ৰে’লৰ ফ্লে’গ অফ কৰে৷
![](https://cdn.narendramodi.in/cmsuploads/0.91148800_1546690472_684-1-pm-modi-in-barapuda.jpg)
উপস্থিত জনতাক সম্বোন্ধি তেওঁ কয় যে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৪০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷
তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ জীৱনলৈ মৌলিক পৰিৱৰ্তন আনিব পৰা বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ প্ৰতি লক্ষ্য নিৰূপণ কৰিছে৷
তেওঁ কয় যে বালাছোড়–হালদিয়া–দুৰ্গাপুৰ এলপিজি পাইপলাইনে উৰিষ্যা আৰু পশ্চিমবংগত পৰিবহণ ব্যয় আৰু সময় হ্ৰাস কৰি এলপিজি প্ৰদানৰ নিশ্চিতি প্ৰদান কৰিব৷
![](https://cdn.narendramodi.in/cmsuploads/0.84590800_1546690522_684-2-pm-modi-in-barapuda.jpg)
তেওঁ একবিংশ শতিকাৰ যোগাযোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ আধুনিক আন্তঃগাঁথনিত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰা হৈছে৷ তেওঁ উৰিষ্যাৰ পথ, ৰে’ল আৰু বায়ু যোগাযোগৰ উন্নীতকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে বৰ্ধিত ৰে’ল সংযোগে জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা উন্নীতকৰণ কৰাৰ লগতে খনিজ সম্পদসমূহ উদ্যোগলৈ প্ৰেৰণ কৰাত পথ প্ৰশস্ত হ’ব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ধিত আন্তঃগাঁথনিৰ দ্বাৰা দেশৰ মধ্যবিত্তসকল আৰু মজলীয়া উদ্যোগসমূহ বাৰুকৈয়ে লাভান্বিত হ’ব৷ তেওঁ কয় যে আধুনিক পথ, পৰিষ্কাৰ ৰে’ল আৰু ব্যয়সাধ্য বিমান যাত্ৰাই মধ্যবিত্তসকলৰ জীৱন সহজ কৰি তুলিব৷
![](https://cdn.narendramodi.in/cmsuploads/0.40611700_1546690542_684-3-pm-modi-in-barapuda.jpg)
প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে জনতাৰ বাবে পাৰপত্ৰ লাভৰ প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ কৰি তুলিছে৷ তেওঁ কয় যে আজি মুকলি হোৱা ছয়টা পাৰপত্ৰ সেৱা কেন্দ্ৰৰ জৰিয়তে এই পদক্ষেপক গতি প্ৰদান কৰিব৷ তেওঁ ইয়াক ‘ইজ অব্ লিভিং’ বুলি অভিহিত কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ ঐতিহ্য সংৰক্ষণৰ দিশতো প্ৰয়াস কৰিছে৷ তেওঁ কয় যি বিশ্বাস, আধ্যাত্মিকতা আৰু ইতিহাসৰ সৈতে জড়িত তথা যোগ আৰু আয়ুৰ্বেদৰ জ্ঞানক ৰাজহুৱাভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷ এই সন্দৰ্ভত তেওঁ ৰাশিকা ৰে’ মন্দিৰ আৰু প্ৰাচীন দূৰ্গ হৰিপুৰগড়ত উদ্ধাৰ হোৱা কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ তথা উন্নয়নৰ কামৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰৰ এই প্ৰয়াসসমূহে পৰ্যটন বৃদ্ধিতো সহায় কৰিব৷
विकास, सबका विकास, तेज़ विकास और संपूर्ण विकास- ये केंद्र सरकार के संस्कार हैं।
— narendramodi_in (@narendramodi_in) January 5, 2019
बीते साढ़े 4 वर्षों से सरकार ने ऐसे विकास का रास्ता चुना है, जिस पर नए भारत की भव्य और दिव्य इमारत का निर्माण हो सके: PM @narendramodi
आज हम 21वीं सदी के उस पड़ाव पर हैं, जब कनेक्टिविटी पर बहुत ज्यादा काम किए जाने की आवश्यकता है। इसलिए हमारी सरकार पूरे देश में कनेक्टिविटी बढ़ाने पर निरंतर जोर दे रही है। इसमें भी पूर्वी भारत, उत्तर पूर्वी भारत पर विशेष ध्यान दिया जा रहा है: PM @narendramodi
— narendramodi_in (@narendramodi_in) January 5, 2019
रेलवे के साथ-साथ हमारे नेशनल हाईवे भी कनेक्टिविटी का मज़बूत आधार रहे हैं। केंद्र सरकार का ये निरंतर प्रयास है कि गांव से लेकर शहर तक पक्की और अच्छी सड़कों का जाल बिछाया जाए: PM @narendramodi
— narendramodi_in (@narendramodi_in) January 5, 2019
जब आधुनिक सड़कें होती हैं, बेहतर साफ-सुथरी ट्रेनें होती हैं, हवाई जहाज का किराया कम होता है, तो मध्यम वर्ग के लोगों की Ease of Living भी बढ़ती है: PM @narendramodi
— narendramodi_in (@narendramodi_in) January 5, 2019
सामान्य मानवी का सिस्टम से संघर्ष कम हो, जिन सुविधाओं का वो हकदार है, वो उसे आसानी से मिलें, सरकारी सेवाओं के लिए उसे दफ्तरों के चक्कर ना लगाने पड़े, इस दिशा में हम आगे बढ़ रहे हैं और नई व्यवस्थाएं तैयार कर रहे हैं: PM @narendramodi
— narendramodi_in (@narendramodi_in) January 5, 2019