প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ আমেথিৰ কৌহাৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁকালাছনিকভ এছল্ট ৰাইফল উৎপাদনৰ বাবে ভাৰত–ৰাছিয়া ৰাইফল প্রাইভেট লিমিটেড শীৰ্ষক যৌথ উদ্যোগদেশবাসীৰ নামত উচর্গা কৰে৷

 

আমেথিত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামতো উচৰ্গা কৰে৷

 

এই উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰি শুনায় প্ৰতিৰক্ষা মন্ত্রী নির্মলা সীতাৰমনে৷বার্তাটোত ৰাষ্ট্ৰপতি পুটিনে কয়, “ৰাছিয়া–ভাৰতৰ নতুন এই যৌথ উদ্যোগৰ জৰিয়তে অত্যাধূনিক ২০০ ছিৰিজৰবিশ্ববিখ্যাত কালাছনিকভ এছল্ট ৰাইফল  নিৰ্মাণ কৰা হ’ব৷ থলুৱা প্ৰযুক্তিৰে ইয়াৰ উৎপাদন হ’বলৈ গৈ আছে৷ এইউদ্যোগৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্রত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাহিদা পূৰণ কৰাটো সম্ভৱহৈ পৰিব৷ একেদৰে, ৰাছিয়াৰ আধুনিক প্ৰযুক্তিৰ ভিত্তিত সৰু জোখৰ অস্ত্ৰ–শস্ত্ৰও নিৰ্মাণ কৰা হ’ব৷”

|

এই উপলক্ষে আয়োজিত সভাত সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্রীয়ে এই যৌথ উদ্যোগৰ বাবে ৰাষ্ট্ৰপতিপুটিনক ধন্যবাদ জনায়৷ তেওঁ কয় যে আমেথিৰ এই কাৰখানাৰ পৰা লাখ লাখ ৰাইফল নিৰ্মাণ কৰা হ’ব, যি দেশৰনিৰাপত্তা বাহিনীসমূহক আৰু অধিক শক্তিশালী কৰিব৷

 

প্ৰধানমন্ত্রীয়ে লগতে কয় যে এই উদ্যোগ বিভিন্ন কাৰণত বিলম্ব হৈছিল৷ দেশৰ সেনাবাহিনীৰ বাবে আধুনিকৰাইফলৰ উৎপাদনত বিলম্ব কৰাটো প্ৰকৃতাৰ্থত জোৱানসকলৰ প্ৰতি কৰা এক চৰম অন্যায়৷ ২০০৯তজোৱানসকলৰ বাবে বুলেট প্রুফ জেকেটৰ প্ৰয়োজনীয়তাৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪লৈকেএই ধৰণৰ জেকেট সংগ্ৰহ কৰাই হোৱা নাছিল৷ বর্তমান কেন্দ্রীয় চৰকাৰে জোৱানসকলৰ এই চাহিদা পূৰণকৰিছে৷ তেওঁ লগতে কয় যে পূৰ্বতে বহু ক্ষেত্রত গুৰুত্বপূর্ণ অস্ত্ৰ–শস্ত্ৰ আৰু সা–সৰঞ্জাম সংগ্ৰহতো এনে ধৰণৰপলম কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে ৰাফেল যুদ্ধ বিমানৰ কথা উল্লেখ কৰি কয় যে অহা কেইমাহ মানৰভিতৰতে বায়ু সেনাবাহিনীত অত্যাধুনিক এই যুদ্ধ বিমান অন্তৰ্ভূক্ত কৰা হ’ব৷ বর্তমান কেন্দ্রীয় চৰকাৰৰ আন্তৰিকপ্ৰচেষ্টাৰ ফলতেই এই সফলতা লাভ কৰা বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

|
|
|

আমেথিত একাধিক উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই প্ৰকল্পসমূহ ৰূপায়ণৰক্ষেত্রত বিভিন্ন বাধা–বিঘিনিয়ে দেখা দিছিল৷ এতিয়া এই সমস্যাসমূহ দূৰ কৰা হৈছে যাতে এইবোৰৰ দ্ৰতগতিতৰূপায়ণ কৰিব পৰা যায়৷ প্ৰকল্পসমূহ কাৰ্যকৰী হ’লে ব্যাপক হাৰত কর্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব৷প্ৰধানমন্ত্রীয়ে কয় যে আমেথিত প্ৰধানমন্ত্রী আবাস যোজনা, উজ্জ্বলা যোজনা, সৌভাগ্য যোজনা আৰু শৌচাগাৰনির্মাণৰ ফলত সাধাৰণ লোকসকলৰ জীৱনধাৰণৰ মান উন্নত কৰিছে৷

|

কেন্দ্রীয় চৰকাৰে দৰিদ্ৰ লোকসকলক সবলীকৰণ আৰু দাৰিদ্র্যতা দূৰীকৰণৰ কাম কৰিছে বুলি উল্লেখ কৰিপ্ৰধানমন্ত্রীয়ে কয় যে কৃষক সমাজৰ কল্যাণৰ ক্ষেত্ৰতো একে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ প্ৰসংগক্ৰমে তেওঁপ্ৰধানমন্ত্রী কিষাণ সন্মান নিধি শুভাৰম্ভ কৰাৰ কথাও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰজৰিয়তে অহা ১০ বছৰত কৃষকসকলে ৭.৫০হাজাৰ কোটি  টকা লাভ কৰিব৷


|

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders