প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্স যোগে সৌৰাষ্ট্ৰ পেটেল সাংস্কৃতিক সমাজৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে৷ এই বৰ্ষত সৌৰাষ্ট্ৰ পেটেল সাংস্কৃতিক সমাজৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত অনুষ্ঠিত হৈছে৷

প্ৰৱাসী ভাৰতীয়সকলৰ বিশেষকৈ সৌৰাষ্ট্ৰ পেটেল সমাজৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰি কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতক গৌৰম্বান্বিত কৰিছে৷ তেওঁ কয় যে তেওঁলোকৰ প্ৰয়াসে ভাৰতীয় সকলৰ সন্মান সকলো স্থানতে বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ বিভিন্ন আঁচনি যেনে স্বচ্ছ ভাৰতে দেশৰ পৰ্যটন উদ্যোগ বিকশিত কৰিছে৷ তাৰোপৰি তেওঁ প্ৰৱাসী ভাৰতীয় সমাজক অতি কমেও পাঁচটা বিদেশী পৰিয়ালত প্ৰতি বছৰে ভাৰত দৰ্শনৰ বাবে উৎসাহিত কৰিবলৈ অনুৰোধ জনায়৷ ইয়াৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযান সাফল্যমণ্ডিত কৰাত সহায় হ’ব আৰু ভাৰতৰ পৰ্যটন উদ্যোগত বৃহৎ বৰঙণি হিচাপে বিবেচিত হ’ব৷ তাৰোপৰি তেওঁ কিদৰে প্ৰৱাসী ভাৰতীয়সকলে মহাত্মা গান্ধীৰ সপোন, স্বচ্ছ ভাৰত সফল কৰি তুলিব পাৰিব সেই বিষয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২ অক্টোবৰৰ পৰা ভাৰতে মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী পালন কৰিব৷ লগতে তেওঁ কয় যে ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ সোঁৱৰণত নৰ্মদা নদীৰ তীৰত এটা ঐক্যৰ অতিকায় মূৰ্তি স্থাপন হ’ব আৰু এয়া ২০১৮ চনৰ ৩১ অক্টোবৰত সম্পূৰ্ণ হ’ব৷ এই মূৰ্তি সম্পূৰ্ণ হোৱাৰ পিছত ই বিশ্বৰ সবাতোকৈ ওখ ঐক্যৰ মূৰ্তি হিচাপে প্ৰসিদ্ধ হ’ব৷

জনসমুদ্ৰক সম্বোন্ধি নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে এতিয়া বিশ্বত ভোটা তৰাৰ দৰে উজ্বলি উঠিছে৷ তেওঁ কয় যে আজি ভাৰত ক্ষীপ্ৰ অৰ্থনৈতিক বিকাশ আৰু সততা, স্বচ্ছ চৰকাৰৰ সৈতে জড়িত হৈছে৷ জিএছটিৰ দৰে পদক্ষেপ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপে জনসাধাৰণক সততাৰে ব্যৱসায় কৰাত উদগনি জগাইছে৷ এই পদক্ষেপসমূহৰ জৰিয়তে বিগত চাৰিটা বৰ্ষত ভাৰত ইজ অৱ ডুইং বিজনেছত ৪২ তম স্থানলৈ আহিছে বুলি তেওঁ দোহাৰে৷

প্ৰধানমন্ত্ৰী প্ৰৱাসী ভাৰতীয় সমাজক নতুন ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়৷ 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's liberal FDI policy offers major investment opportunities: Deloitte

Media Coverage

India's liberal FDI policy offers major investment opportunities: Deloitte
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles the passing of Ms. KV Rabiya
May 05, 2025

The Prime Minister Shri Narendra Modi today condoled the passing of Padma Shri awardee Ms. KV Rabiya.

He wrote in separate posts on X:

“Pained by the passing away of Padma Shri awardee, KV Rabiya Ji. Her pioneering work in improving literacy will always be remembered. Her courage and determination, particularly the manner in which she battled polio, was also very inspiring. My thoughts are with her family and admirers in this hour of grief.”

“പത്മശ്രീ പുരസ്കാരജേതാവായ കെ വി റാബിയ-ജിയുടെ വിയോഗത്തിൽ വേദനയുണ്ട്. സാക്ഷരത മെച്ചപ്പെടുത്തുന്നതിൽ മാർഗദീപമേകിയ അവരുടെ പ്രവർത്തനങ്ങൾ എന്നും ഓർമിക്കപ്പെടും. അവരുടെ ധൈര്യവും ദൃഢനിശ്ചയവും, പ്രത്യേകിച്ച്, പോളിയയോട് അവർ പോരാടിയ രീതിയും ഏറെ പ്രചോദനാത്മകമാണ്. ദുഃഖത്തിന്റെ ഈ വേളയിൽ അവരുടെ കുടുംബത്തോടും ആരാധകരോടും ഒപ്പമാണ് എന്റെ ചിന്തകൾ.”