QuoteIndia is one of the most investor-friendly economies in the world. Investors look for growth and macro-economic stability: PM Modi
QuoteIndia has emerged as a bright spot in the global economy which is driving global growth as well: PM Modi
QuoteGlobal confidence in India’s economy is rising: PM Modi From the point of a foreign investor, India counts as an extremely low risk political economy: PM Modi
QuoteGovernment has taken a number of steps to boost investment. We have simplified rules and regulations for businesses and undertaken bold reforms: PM Modi
QuoteWe have provided investors an environment which is efficient, transparent, reliable and predictable: PM
QuoteWe have liberalized the FDI regime. Today, most sectors are on automatic approval route: Prime Minister
QuoteGST is one of the most significant systemic reforms that our country has undergone. It works on the One Tax - One Nation principle: PM
QuoteIndia has jumped forty-two places in three years to enter the top hundred in the World Bank’s Ease of Doing Business Report 2018: PM
QuoteAgriculture is the lifeblood of the Indian economy. We are promoting investments in warehouses and cold chains, food processing, crop insurance & allied activities: PM Modi
QuoteA ‘New India’ is rising. It is an India that stands on the pillars of economic opportunity for all, knowledge economy, holistic development, and futuristic, resilient and digital infrastructure: PM

এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ অধ্যক্ষ

মঞ্চত উপবিষ্ট সুধীবৃন্দ,

ভাৰত আৰু বিদেশৰ পৰা অহা বিশিষ্ট প্রতিনিধিবৃন্দ,

উপস্থিত মোৰ আদৰৰ বন্ধুগণ, 

এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ তৃতীয় সাধাৰণ সভা উপলক্ষে আজি মুম্বাইত এনেদৰে উপস্থিত থকাৰ সুযোগ লাভ কৰি আমি আনন্দিত। এই বেংক আৰু ইয়াৰ সদস্যসকলৰ সৈতে আমাৰ সম্পর্কক অধিক গাঢ় কৰি তোলাৰ এই ধৰণৰ এক সুযোগ লাভৰ বাবেও আমি আনন্দিত। 

এআইআইবি-ৰ অর্থনৈতিক কাৰ্যসূচী সূচনা হৈছিল ২০১৬-ৰ জানুৱাৰী মাহত। তিনি বছৰতকৈও কম সময়ৰ ভিতৰত ইয়াৰ বর্তমানৰ সদস্য সংখ্যা হৈছেগৈ ৮৭। বেংকৰ প্ৰাৰম্ভিক মূলধনৰ পৰিমাণ বর্তমান ১০০ বিলিয়ন মার্কিন ডলাৰ। এছিয়াত এক গুৰুত্বপূর্ণ ভূমিকা পালনৰ লক্ষ্যৰে এই বেংক এতিয়া সম্পূৰ্ণ প্রস্তুত। 

|

বন্ধুসকল,

জনসাধাৰণৰ বাবে এক উন্নত ভৱিষ্যৎ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে এছিয়াৰ দেশসমূহৰ সন্মিলিত প্রচেষ্টাৰ ফচল হ’ল এই এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংক। উন্নয়নশীল দেশ হিচাপে আমি সকলোৱেই প্রায় একে ধৰণৰ প্ৰত্যাহ্বানৰ সমূখীন হ’ব লাগিব৷ ইয়াৰ ভিতৰত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে সহায় সম্পদৰ চাহিদা পূৰণ। এই কথা জানি মই অতিকৈ আনন্দিত যে এই বছৰৰ সভাৰ মূল বিষয়বস্তু বা আলোচ্য বিষয় হৈছে ‘আন্তঃগাঁথনি ক্ষেত্ৰত বিনিয়োগ : উদ্ভাৱন আৰু সহযোগিতা’। ধাৰাবাহিক আন্তঃগাঁথনি প্রক্রিয়াৰ স্বার্থত AIIB-ৰ বিনিয়োগ প্রচেষ্টাই কোটি কোটি জনসাধাৰণৰ জীৱনলৈ সুদিন মাতি আনিব পাৰে৷ 

শিক্ষা, স্বাস্থ্য সেৱা, অৰ্থনৈতিক পৰিসেৱা আৰু ব্যৱহাৰিক দিশেৰে কর্মসংস্থানৰ সুযোগ সৃষ্টিৰ ক্ষেত্রত এছিয়াৰ দেশসমূহত এতিয়াও যথেষ্ট বিভেদ বৈষম্য আছে৷ 

AIIB ৰ দৰে আঞ্চলিক পর্যায়ৰ প্রতিষ্ঠানসমূহে সহায় সম্পদৰ প্রসাৰ তথা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ 

বিদ্যুৎ আৰু শক্তিখণ্ড, পৰিবহণ, টেলিকমিউনিকেশ্যন, গ্রামীণ আন্তঃগাঁথনি, কৃষি বিকাশ, জল সৰবৰাহ, স্বাস্থ্য ব্যৱস্থা, পৰিৱেশ সুৰক্ষা, নগৰ উন্নয়ন ইত্যাদিৰ দৰে ক্ষেত্রসমূহত দীর্ঘম্যাদী বিনিয়োগ ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে। এইক্ষেত্রত প্রদেয় সুদৰ হাৰ সুলভ আৰু স্থায়ী কৰি তুলিব লাগিব৷ 

|

অতি কম সময়ৰ ভিতৰতেই AIIB য়ে প্রায় ১২খন দেশত ২৫টা প্রকল্পৰ অনুমোদন দিছে। এই প্রকল্পসমূহত মুঠ ধন বিনিয়োগৰ পৰিমাণ হৈছে ৪ বিলিয়ন মার্কিন ডলাৰতকৈও অধিক। নিঃসন্দেহে এয়া হৈছে এক শুভাৰম্ভণি৷ 

এই প্রতিষ্ঠানৰ প্ৰাৰম্ভিক মূলধনী সাহায্যৰ পৰিমাণ যিদৰে ১০০ বিলিয়ন মার্কিন ডলাৰ, ঠিক তেনেদৰেই সদস্য ৰাষ্ট্রসমূহৰ আন্তঃগাঁথনিৰ চাহিদাও সিমানেই বিশাল। এনে পৰিস্থিতিত বিনিয়োগৰ পৰিমাণ ৪ বিলিয়ন মার্কিন ডলাৰৰ পৰা অনাগত ২০২০ চনৰ ভিতৰত ৪০ বিলিয়ন আৰু ২০২৫ চনৰ ভিতৰত সেয়া ১০০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ বাবে AIIB কর্তৃপক্ষক মই আহ্বান জনাইছো। 

ইয়াৰ বাবে প্রয়োজন সৰল প্রক্রিয়াকৰণ আৰু ক্ষীপ্ৰ অনুমোদন পদ্ধতি। কেৱল সেয়াই নহয়, ইয়াৰ বাবে প্রয়োজন হ’ব উন্নত মানৰ প্রকল্প তথা কাৰ্যক্ৰমণিকা প্রণয়ন আৰু বলিষ্ঠ প্রকল্প গঢ়ি তোলাৰ প্রস্তাৱ। 

ভাৰত আৰু AIIB উভয়েই অর্থনৈতিক অগ্রগতিক আৰু অধিক সৰ্বাঙ্গীন তথা ক্ৰমাগত কৰি তোলাৰ ক্ষেত্ৰত অঙ্গীকাৰবদ্ধ হৈছে বুলি আমাৰ বিশ্বাস। ভাৰতত আমি চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ মডেলসমূহ অনুসৰণ কৰি চলিছো। আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে আমি ইতিমধ্যেই আন্তঃগাঁথনি ঋণ তহবিল আৰু আন্তঃগাঁথনি বিনিয়োগ ট্রাষ্ট আৰম্ভ কৰিছো৷ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগৰ লক্ষ্যৰে ভাৰতে এনেদৰেই কিছু সম্পদ গঢ়ি তোলাৰ বাবে সচেষ্ট হৈছে, যিদৰে ভূমি অধিগ্রহণ আৰু পৰিৱেশ তথা অৰণ্য সংক্রান্ত অনুমতি পত্ৰ প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নাই বুলিলেও অত্যুক্তি কৰা নহ’ব৷ ইয়াৰ ফলত, এই ধৰণৰ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত পেঞ্চন, বীমা আৰু সার্বভৌম সম্পদ তহবিলৰ দিশেৰে প্রতিষ্ঠানিক বিনিয়োগৰ সম্ভাৱনা অনস্বীকার্য। 

আমাৰ হাতত থকা আন এক গুৰুত্বপূৰ্ণ উদ্যোগ – ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি বিধেয়কৰ লক্ষ্য হৈছে – দেশৰ নিজস্ব আৰু বিদেশী সহায়-সম্পদক আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা। বিনিয়োগৰ ক্ষেত্ৰত AIIB য়ে ২০০ মিলিয়ন মার্কিন ডলাৰৰ প্রতিশ্রুতি প্ৰদানৰ ফলশ্ৰুতিত এই বিধেয়কখন এতিয়া আৰু অধিক শক্তিশালী হৈ উঠাৰ দৰে অৱস্থাত উপনীত হৈছে৷ 

|

মোৰ আদৰৰ সুধীবৃন্দ, 

বিশ্বৰ সকলো দেশেই অধীৰ অপেক্ষাৰে কৰা বিনিয়োগ-বান্ধৱ অর্থনীতিৰ অন্যতম হ’ল ভাৰত। অর্থনৈতিক সমৃদ্ধি আৰু বৃহদায়তন অর্থনীতিৰ স্থিতিশীলতাৰ দিশে লক্ষ্য ৰাখিয়েই বিনিয়োগকর্তাসকলে ইয়াৰ বাবে অতি আগ্রহী হৈ পৰিছে। সেই সংক্ৰান্তত, তেওঁলোকৰ প্রয়োজন হৈছে ৰাজনৈতিক স্থিতি আৰু সহযোগিতামূলক নিয়ন্ত্রক আন্তঃগাঁথনি, যাতে তেওঁলোকৰ বিনিয়োগ সর্বদাই সুৰক্ষিত হৈ থাকে। বৃহদাকাৰৰ কর্মপ্রচেষ্টা আৰু অধিকতম মূল্য সংযোজনৰ দিশেৰে এক বৃহৎ বিপণন ব্যৱস্থা, দক্ষ শ্রমিক আৰু অতি উন্নত ধৰণৰ ব্যৱহাৰিক আন্তঃগাঁথনিয়ে বিনিয়োগকাৰীসকলক আকৃষ্ট কৰে। ইয়াৰ আটাইকেইটি দিশেৰে ভাৰতৰ অৱস্থান কিন্তু অনুকূল তথা ইতিবাচক। কেৱল সেয়াই নহয়, এইক্ষেত্রত ভাৰতৰ সাফল্যও অনস্বীকাৰ্য। আমাৰ অভিজ্ঞতা আৰু লাভ কৰা সাফল্যৰ কিছু দিশ মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিছো৷ 

বিশ্ব অর্থনীতিৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে ভাৰতৰ আৱির্ভাৱে সমগ্ৰ বিশ্বৰ অগ্রগতিমূলক বিকাশকো সঠিক দিশেৰে পৰিচালনা কৰিছে৷ আমাৰ দেশত বর্তমান বিনিয়োগৰ পৰিমাণ ২.৮ ট্রিলিয়ন মার্কিন ডলাৰ। এইক্ষেত্রত বিশ্বত ভাৰতৰ স্থান বৰ্তমান সপ্তম। আনহাতে ক্রয় ক্ষমতাৰ দিশেৰেও ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম দেশ। ২০১৭ বৰ্ষৰ চতুর্থ ত্ৰিমাসিকত আমাৰ দেশত বৃদ্ধিৰ হাৰ হৈছে ৭.৭ শতাংশ। আনফালে, ২০১৮ বৰ্ষত ভাৰতে ইয়াৰ বিকাশৰ হাৰ ৭.৪ শতাংশ হিচাপে ধৰি ৰাখিবলৈ সক্ষম হ’ব বুলি মই যথেষ্ট আশাবাদী৷ 

স্থিতিশীল মূল্যৰ পৰিস্থিতি আৰু এক বলিষ্ঠ আন্তর্জাতিক সম্পর্কৰ লগতে দেশৰ আর্থিক পৰিস্থিতিও সুন্দৰভাৱে নিয়ন্ত্রণাধীন হৈ আছে৷ এইকাৰণে আমাৰ বৃহদায়তন অর্থনীতি বর্তমান এক শক্তিশালী অৱস্থাত আছে৷ তেলৰ মূল্য বৃদ্ধি হোৱা সত্ত্বেও মুদ্রাস্ফীতি নিয়ন্ত্রণাধীন হৈছে৷ আর্থিক সংহতি প্রতিষ্ঠাৰ লক্ষ্যৰে আমাৰ চৰকাৰ দৃঢ় প্ৰতিজ্ঞাবদ্ধ। দেশৰ মুঠ ঘৰুৱা উৎপাদন অর্থাৎ জিডিপি যিদৰে বিকশিত হৈছে, ঠিক তেনেদৰে চৰকাৰী ঋণৰ বোজাও হ্রাস পাবলৈ ধৰিছে৷ দীর্ঘদিনীয়া অপেক্ষাৰ অন্তত ৰেটিংৰ দিশেৰেও ভাৰতৰ বর্তমান অৱস্থান যথেষ্ট উন্নত হৈছে৷ 

বিদেশৰ সৈতে আমি এক ঘনিষ্ঠ সম্পর্ক গঢ়ি তুলিবলৈ সক্ষম হৈছো৷ আমাৰ হাতত থকা ৪০০ বিলিয়ন মার্কিন ডলাৰতকৈও অধিক বিদেশী মূদ্রাৰ ভাণ্ডাৰে এতিয়া আমাক কিছু স্বাচ্ছন্দ্য প্ৰদান কৰিছে৷ ভাৰতীয় অর্থনীতিৰ ওপৰত সমগ্ৰ বিশ্বৰে আস্থা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ প্রত্যক্ষ বিদেশী বিনিয়োগৰ মাত্রাও অপ্রতিহতভাৱে বৃদ্ধি পাইছে। বিগত চাৰি বছৰে আমি লাভ কৰিছো ২২২ বিলিয়ন মার্কিন ডলাৰতকৈও অধিক ধন৷ এংকটাডেৰ বিশ্ব বিনিয়োগ প্রতিবেদন অনুসৰি প্রত্যক্ষ বিদেশী বিনিয়োগৰ এক গুৰুত্বপূৰ্ণ স্থল হিচাপে ভাৰতে এতিয়া বিশ্বৰ শীর্ষ দেশসমূহৰ মাজত স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ 

|

মোৰ আদৰৰ সুধীবৃন্দ, 

বিদেশী বিনিয়োগকর্তাসকলে মন কৰিব যে, ভাৰতৰ ৰাজনৈতিক অর্থব্যৱস্থাত ঋণৰ হাৰ প্রায় নগণ্য। বিনিয়োগ প্রচেষ্টাক উৎসাহ দিবলৈ চৰকাৰে যথেষ্ট পদক্ষেপ গ্রহণ কৰিছে। বাণিজ্যিক কাম-কাজৰ স্বাৰ্থত নিয়মনীতিসমূহ আমি যথেষ্টখিনি সৰল কৰে তুলিছো। আনকি বিনিয়োগকাৰীসকলৰ বাবে আমি গঢ়ি তুলিছো এক দক্ষ, নির্ভৰযোগ্য, স্বচ্ছ আৰু সহজেই অনুমেয় পৰিৱেশ-পৰিস্থিতি। 

প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিৱেশক আমি যথেষ্টখিনি উদাৰ কৰি তুলিছো। বর্তমানে অধিকাংশ ক্ষেত্রতেই অনুমোদন সম্পৰ্কীয় প্রক্রিয়াকৰণৰ কাম-কাজ পৰিচালিত হৈছে স্বয়ংক্রিয় পদ্ধতিৰে। 

আমাৰ দেশত সৰ্বত্ৰ গুৰুত্বপূর্ণ আন এক পদ্ধতিগত সংস্কাৰৰ প্রচেষ্টা হ’ল পণ্য আৰু সেৱা কৰ বা জিএছটিৰ প্রচলন। ‘এক জাতি – অভিন্ন কৰ’ এই নীতি অনুসৰণ কৰিয়েই সেয়া আৰম্ভ কৰা হৈছে। ইয়াৰ ফলত, কৰ বৃদ্ধিৰ প্রৱণতাক যিদৰে নিয়ন্ত্রণ কৰা হৈছে, আনফালে তেনেদৰেই কাম-কাজত স্বচ্ছতাও বৃদ্ধি পাইছে৷ ইয়াৰ ফলশ্রুতিতেই সার্বিক দক্ষতাও নিশ্চিত কৰা সম্ভব হৈছে। সেয়ে, ভাৰতৰ সৈতে ব্যৱসায়-বাণিজ্য চলাই যোৱা বিষয়টো এতিয়া বিনিয়োগকাৰীসকলৰ সমূখত যথেষ্টখিনি সহজ হৈ উঠিছে। 

বিশ্বৰ অন্যান্য দেশসমূহেও আমাৰ এই সমগ্ৰ পৰিবর্তন লক্ষ্য কৰিছে। বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ প্রসঙ্গত বিশ্ব বেংকৰ ২০১৮ বৰ্ষৰ প্রতিবেদন অনুসৰি ৪২ টা স্থান অতিক্রম কৰি ভাৰতৰ অৱস্থান এতিয়া শীর্ষস্থানীয় ১০০খন দেশৰ মাজত আছে৷ 

ভাৰতীয় বজাৰৰ আকাৰ আৰু আয়তন যথেষ্ট সম্ভাৱনাপূর্ণ। ভাৰতে জনমুৰি আয় বিগত ১০ বছৰত দুগুণ বৃদ্ধি কৰিছে৷ মধ্যবিত্ত ক্রেতাৰ সংখ্যাও বর্তমানে দেশত ৩০ কোটিতকৈও অধিক৷ এই সংখ্যা আগন্তুক ১০ বছৰত আৰু দ্বিগুণ হৈ পৰিব বুলি আশা কৰি হৈছে৷ ভাৰতৰ চাহিদা আৰু প্রয়োজন বর্তমানে ইমানেই বৃহৎ পৰিসৰৰ যে বিনিয়োগকাৰীসকলে এইদেশৰ অর্থনীতিৰ অতিৰিক্ত সা-সুবিধাসমূহ কামত লগাব পাৰিব৷ যেনে – ভাৰতত বাসস্থান নির্মাণ কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ চহৰাঞ্চল সমূহত ১ কোটি বাসস্থান নির্মাণ কৰা। বিশ্বৰ ভালেমান দেশৰ এই সম্পৰ্কীয় চাহিদাসমূহ একেলগ কৰিলেও সেয়া ভাৰতৰ চাহিদাৰ সৈতে কোনোধৰণে তুলনাই নহয়। সেয়েহে, ভাৰতত বিনিয়োগ কৰিবলৈ আগ্রহী হ’লে বাসস্থান নির্মাণৰ ক্ষেত্রত ন ন প্রযুক্তিৰ প্রয়োগ আৰু ব্যৱহাৰৰ সুযোগ সৃষ্টি হ’ব৷ 

এই ক্ষেত্রত আন এক উদাহৰণ হৈছে ভাৰতৰ পুনর্নবীকৰণযোগ্য বিদ্যুৎশক্তি উৎপাদন কাৰ্যসূচী৷ আগন্তুক ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট পুনর্নবীকৰণযোগ্য বিদ্যুৎশক্তি উৎপাদনৰ লক্ষ্য আমি স্থিৰ কৰি লৈছো। ইয়াৰ মাজতে সৌৰ শক্তি উৎপাদনৰ পৰিমাণে চুবগৈ ১০০ গিগাৱাটৰ সীমা। এই লক্ষ্য অতিক্রম কৰাৰ বাবেও আমি সচেষ্ট হৈ আছো৷ ২০১৭ চনত আমি প্রচলিত আৰু পুনর্নবীকৰণযোগ্য বিদ্যুৎ শক্তি পৰিমাণ বৃদ্ধি কৰিছো। আন্তর্জাতিক সৌৰ বুজাবুজি গঠনৰ মাজেৰে সৌৰশক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আমি গুৰুত্ব প্ৰদান কৰিছো৷ এই মঞ্চ প্রতিষ্ঠাৰ প্রথম সন্মিলনখন অনুষ্ঠিত হয় এই বছৰ নতুন দিল্লীত। ১ ট্রিলিয়ন মার্কিন ডলাৰ ধন বিনিয়োগৰ মাধ্যমেৰে আগন্তুক ২০৩০ চনৰ ভিতৰত ১ হাজাৰ গিগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে এই মঞ্চতে। 

বৈদ্যুতিন পদ্ধতি আৰু প্রচেষ্টাৰ ওপৰত আমি এতিয়া বিভিন্ন কাম কৰি আছো৷ কাজ কৰে চলেছি। আমাৰ বাবে এতিয়া এক বৃহৎ প্ৰত্যাহ্বান হৈছে প্রযুক্তিৰ এক ভাণ্ডাৰ গঢ়ি তোলা। এই বছৰতেই এই সম্পৰ্কীয় এক সন্মিলনৰো আহ্বান কৰিছো আমি৷ এই প্রচেষ্টাই আমাক বহুদূৰ আগুৱাই যোৱাত সহায় কৰিব বুলি আমি আশাবাদী৷ 

|

বন্ধুগণ, 

ভাৰতৰ সংযোগ আৰু যোগাযোগ ব্যৱস্থাক আমি সর্বস্তৰতে যথেষ্ট উন্নত কৰি তুলিছো। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাজপথ নির্মাণৰ মাধ্যমেৰে পথ সংযোগক আৰু উন্নত কৰি তুলিবলৈ ৰূপায়িত হৈছে ভাৰতমালা কাৰ্যসূচী। আনফালে, বন্দৰসমূহৰ সৈতে যোগাযোগ, বন্দৰ আধুনিকীকৰণ আৰু বন্দৰ-ভিত্তিক শিল্প প্রচেষ্টাৰ কামসমূহক উৎসাহিত কৰিবলৈ আমি গ্রহণ কৰিছো সাগৰমালা প্রকল্প। দেশৰ ৰে’ল নেটৱর্কক সমস্যামুক্ত কৰিবলৈ নিৰ্মাণ হৈছে ডেডিকেটেড ফ্রেইট কৰিডৰ। অন্তর্দেশীয় জল পৰিবহণৰ মাধ্যমেৰে আভ্যন্তৰীণ ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ বাবে ৰাষ্ট্ৰীয় জলপথসমূহৰ পৰিবহণ ক্ষমতা বৃদ্ধি কৰিবলৈ ৰূপায়িত হৈছে জল মার্গ বিকাশ প্রকল্প। আকাশপথেৰে যোগাযোগ ব্যৱস্থাক আৰু অধিক সৰল আৰু উন্নত কৰি তুলিবলৈ আৰু আঞ্চলিক বিমানবন্দৰসমূহক উন্নত কৰি তোলাৰ লক্ষ্যৰে আমি আৰম্ভ কৰিছো উড়ান কাৰ্যসূচী। পৰিবহণ আৰু পণ্যসামগ্ৰী চলাচলৰ বাবে ভাৰতৰ যি দীর্ঘ উপকূলী ৰেখা আছে, তাৰ সম্ভাৱনীয়তাক কামে-কাজে লগোৱা বিষয়টো এতিয়াও বাকী আছে৷ এই দিশেটোৰ প্ৰতিও গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে৷ 

আন্তঃগাঁথনি সম্পর্কে প্রচলিত ধ্যান-ধাৰণাৰ লগতে আধুনিক যুগৰ উপযোগী কিছু আন্তঃগাঁথনি সম্পর্কেও কাম আৰম্ভ হৈ গৈছে আমাৰ দেশত। ভাৰত নেটৰ মাধ্যমেৰে দেশৰ অন্তিমটো প্ৰান্তকো সংযোজিত কৰা হ’ব ইন্টাৰনেট ব্যৱস্থাৰ জৰিয়তে৷ বর্তমান ভাৰতত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা হৈছেগৈ ৪৬ কোটি। আনফালে, দেশত মোবাইল ফোন ব্যৱহাৰৰ সংখ্যা বৃদ্ধি পাইছে ১.২ বিলিয়নলৈ। ডিজিটাল পদ্ধতিত লেনদেনৰ বিষয়টোক আমি উৎসাহিত কৰিছো। ভীম এপ্প আৰু ৰুপে’ কার্ডৰ জড়িয়তে আমাৰ ইউনাইটেড পেইমেন্টছ ইন্টাৰফেচ ছিষ্টেম অর্থাৎ ইউপিআই ডিজিটেল অর্থনীতিৰ প্রকৃত সম্ভাৱনাৰ সফল প্রয়োগক ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিছে৷ আনফালে উমঙ্গ এপ্প আৰু মোবাইল ফোন ব্যৱহাৰ কৰি ১০০টা চৰকাৰী সেৱা লাভৰ সুযোগ গ্রহণ কৰিবলৈ লৈছে দেশৰ জনসাধাৰণে৷ দেশৰ গাওঁ আৰু চহৰাঞ্চলৰ মাজত ডিজিটেল প্রযুক্তিৰ ক্ষেত্রত যি ব্যৱধান ৰৈ গৈছে, সেয়া পূৰণ কৰাই হৈছে আমাৰ ডিজিটেল ইণ্ডিয়া মিশ্যনৰ লক্ষ্য আৰু উদ্দেশ্য। 

কৃষি হৈছে ভাৰতীয় অর্থনীতিৰ এক জীৱনৰেখা। সেয়ে, গুদামঘৰ আৰু কোল্ডচেইন গঢ়ি তোলা, খাদ্য সংসাধন আৰু শস্য বীমাৰ দৰে প্রচেষ্টা আৰু সংশ্লিষ্ট অন্যান্য কাম-কাজৰ ক্ষেত্রতো আমি এতিয়া বিনিয়োগৰ প্রসাৰ আনিবলৈ সক্ষম হৈছো। পানীৰ সর্বোচ্চ ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগে লগে উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যৰে আমি এতিয়া অতি ক্ষুদ্র ব্যৱস্থাসমূহকো উৎসাহিত কৰিছো। সম্ভাৱনাময় এই ক্ষেত্রসমূহত বিনিয়োগৰ সুযোগ গ্রহণ কৰি আমাৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ বাবে মই AIIB কো আহ্বান জনাইছো৷ 

শৌচাগাৰ, পানী আৰু বিদ্যুতৰ সা-সুবিধাসহ একক স্থানতে প্ৰদান কৰি বাসস্থানৰ সুযোগ প্ৰদান কৰিবলৈ বিচাৰিছো দেশৰ প্রতিটো দৰিদ্র তথা গৃহহীন পৰিয়ালক। আৱৰ্জনা ব্যৱস্থাপনা সফল কৰে তোলাৰ ক্ষেত্ৰতো বিভিন্ন কৌশল অৱলম্বনৰ আমি পক্ষপাতী। 

সম্প্রতি আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা মিছন আয়ুষ্মান ভাৰতৰ সূচনা হৈছে। দেশৰ ১০০ মিলিয়ন দৰিদ্র আৰু অসহায় পৰিয়াললৈ বছৰি ৭ হাজাৰ ডলাৰৰ চিকিৎসা সহযোগিতাৰ সুযোগ প্ৰদান কৰিব এই প্রকল্পটোৱে। স্বাস্থ্য সেৱাৰ সুযোগ প্রসাৰৰ লগতে এই ক্ষেত্রটোত কর্মসংস্থাপনৰ প্রচুৰ সুযোগ সৃষ্টি হ’ব। এই প্রচেষ্টাক সাৰোগত কৰিয়েই উন্নতমানৰ ঔষধ আৰু সংশ্লিষ্ট ব্যৱহার্য আৰু চিকিৎসা প্রযুক্তিৰ সা-সৰঞ্জাম উৎপাদনতো প্রসাৰ লাভ কৰিব। কল চেন্টাৰ, গৱেষণা, মূল্যায়ন আৰু তথ্য, শিক্ষা আৰু যোগাযোগ সম্পৰ্কীয় প্ৰচেষ্টাসহ বিভিন্ন সহায়ক কামকাজৰ ক্ষেত্ৰতো কর্মসংস্থাপনৰ যথেষ্ট সুযোগ সৃষ্টি হ’ব৷ ইয়াৰ ফলত যতাৰ্থতেই যথেষ্ট উদগনি লাভ কৰিব স্বাস্থ্য চিকিৎসা শিল্পটোৱে৷ 

কেৱল সেয়াই নহয়, স্বাস্থ্য পৰিচর্যাৰ দায়িত্ব চৰকাৰে বহন কৰাৰ ফলত একোটি পৰিয়ালৰ আর্থিক সাহায্য বা সঞ্চয়ক অন্যান্য প্রয়োজন বা বিনিয়োগৰ কামত লগাব পাৰিব। একোটি দৰিদ্র পৰিয়ালৰ হাতত ব্যয় কৰাৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ প্ৰদান কৰাৰ ফলত দেশৰ অর্থনীতিত চাহিদা বৃদ্ধিৰ লগে লগে সামগ্ৰিক বিকাশো সম্ভৱপৰ হৈ পৰিব৷ বিনিয়োগকাৰীসকলৰ হাতত ইয়াৰ সুযোগ আৰু সম্ভাৱনা কিন্তু কোনো দিশেৰেই কম নহয়৷ 

বন্ধুসকল, 

ভাৰতীয় অর্থনীতিৰ এই পুনৰুত্থানৰ কাহিনী এছিয়াৰ অন্যান্য প্রান্তলৈও গৈছে। সেয়ে, বিশ্বৰ অর্থনৈতিক কাম-কাজৰ এক বিশেষ কেন্দ্ৰত বর্তমান অৱস্থান গ্ৰহণ কৰিছে সমগ্র এছিয়া মহাদেশে। সঁচা কথাটো হৈছে, ভাৰত এতিয়া সমগ্ৰ বিশ্ব অৰ্থনীতিৰেই চালিকা শক্তিত পৰিণত হৈছে৷ এছিয়াৰ শতিকা বুলি যিটো প্ৰায়েই উচ্চাৰিত হয়, বাস্তৱিকতে তাৰ মাজতেই আছো আমি৷ 

এক ‘নৱ ভাৰত’ৰ অভ্যুত্থান হ’বলৈ লৈছে৷ এই ভাৰতত সমাহিত হৈছে সকলোৰে বাবে অর্থনৈতিক সুযোগ-সুবিধা, জ্ঞান-নির্ভৰ অর্থনীতি, সামগ্ৰিক বিকাশৰ প্রচেষ্টা আৰু ভৱিষ্যতৰ এক দৃঢ় ডিজিটেল আন্তঃগাঁথনিৰ স্তম্ভৰ ওপৰত। AIIB সহ আমাৰ সকলো উন্নয়ন সহযোগীৰ সৈতে নিৰন্তৰ প্রচেষ্টা চলাই যোৱাৰ বাবে মই উন্মুখ হৈ আছো৷ 

শেষত, আজিৰ এই মঞ্চত কৰা আটাইবোৰ আলোচনা তথা মত-বিনিময় ফলপ্রসূ হৈ উঠিব আৰু সেই আটাইবোৰ দিশৰ পৰাই সমৃদ্ধিৰ বার্তা বহন কৰিব বুলি মই অত্যন্ত আশাবাদী৷ 

ধন্যবাদ।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Modi’s India hits back: How Operation Sindoor is the unveiling of a strategic doctrine

Media Coverage

Modi’s India hits back: How Operation Sindoor is the unveiling of a strategic doctrine
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi rallies in Alipurduar, West Bengal with a resounding Call to Action
May 29, 2025
QuoteThis is a decisive moment for West Bengal’s young generation. You hold the key to transforming the future of Bengal: PM in Alipurduar
QuoteFrom the land of Sindoor Khela, India showcased its strength through Operation Sindoor: PM Modi in West Bengal
QuoteTMC deliberately deny these benefits to Bengal’s poor, SC/ST/OBC communities, and tribal populations: PM’s strike against the TMC governance
QuoteThe voice of Bengal is loud and clear: Banglar chitkar, lagbe na nirmam shorkar! (Bengal’s cry: We reject a ruthless government!): PM Modi
QuoteA BJP-NDA government would bring development, security, and justice to every citizen: PM Modi’s reassurance in Bengal
QuoteTMC’s brutal governance has led to violence, unemployment, and corruption: PM while addressing Alipurduar

In a powerful address to a massive crowd in Alipurduar, West Bengal, PM Modi ignited the spirit of the people, especially the youth, urging them to take charge of shaping a prosperous future for Bengal and India. With a clear vision for a Viksit Bengal and a Viksit Bharat, PM Modi exposed the failures of the TMC government and called upon the people to defeat divisive and appeasement-driven politics ahead of the 2026 West Bengal Assembly elections.

Addressing the youth, PM Modi asserted, “This is a decisive moment for West Bengal’s young generation. You hold the key to transforming the future of Bengal.” He outlined five critical issues afflicting the state: “Rampant violence and lawlessness, growing insecurity among women, rising youth unemployment, deep-rooted corruption eroding public trust, and TMC’s self-serving politics that deny the poor their rightful benefits.”

Citing incidents in Murshidabad and Malda, he strongly condemned the TMC’s selective inaction and favouritism. He declared, “The people of Bengal have lost faith in the TMC’s governance. Courts are forced to intervene in every matter because the state government has failed to uphold justice. The voice of Bengal is loud and clear: Banglar chitkar, lagbe na nirmam shorkar! (Bengal’s cry: We reject a ruthless government!).”

PM Modi also lambasted the TMC for shielding corrupt leaders, particularly in the teacher recruitment scam, and demanded accountability.

Focusing on the plight of tea garden workers in Alipurduar, he said, “TMC’s misgovernance has led to the closure of tea estates, robbing thousands of their livelihoods. The disgraceful mishandling of workers’ provident funds reflects their disregard for the hardworking people. The BJP is committed to ensuring justice for every tea garden worker.”

He further criticized the TMC for blocking key central welfare schemes such as Ayushman Bharat, Vishwakarma Yojana, and PM JANMAN Yojana. “While the rest of the nation benefits from free healthcare, housing, and skill development, TMC deliberately deny these benefits to Bengal’s poor, SC/ST/OBC communities, and tribal populations,” he said.

On infrastructure development, PM Modi highlighted how the TMC has stalled projects worth over ₹90,000 crore, including railways, metro, highways, and hospitals. “This is nothing short of betrayal. While other states participate in NITI Aayog’s Governing Council meeting to plan for progress, TMC skips crucial meetings, choosing politics over development,” he said.

Touching upon national security and cultural pride, PM Modi invoked Bengal’s spirit. “From the land of Sindoor Khela, India showcased its strength through Operation Sindoor. After the barbaric terror attack in Pahalgam, our forces destroyed terrorist hideouts in Pakistan, sending a clear message—any attack on India will face a decisive response. The roar of Bengal’s tiger echoes: Operation Sindoor is not over.”

In his concluding remarks, PM Modi appealed to the people of Alipurduar and across Bengal to reject the TMC’s oppressive governance. He assured that a BJP-NDA government would bring development, security, and justice to every citizen. He urged the youth to take this message door-to-door and work towards a decisive victory for the state’s future.