প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ সম্পূৰ্ণ অংশ উদ্বোধন কৰে। ইয়াৰ উদ্বোধন আৰু নতুনকৈ আৰম্ভ কৰা এই সেৱা পৰিদৰ্শনৰ ক্ষন্তেক পিছতেই, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে মেট্ৰ'ত উঠি যাত্ৰা কৰে।
"অত্যাধুনিক কানপুৰ মেট্ৰ'ত উঠিছো। এই কাৰ্য্যক্ৰমৰ অংশ হিচাপে প্ৰধান উন্নয়নমূলক কামসমূহৰ শুভাৰম্ভ কৰা হ'ব", মেট্ৰ'ত উঠাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আইআইটি মেট্ৰ' ষ্টেচনৰপৰা গীতা নগৰলৈ মেট্ৰ'ত যাত্ৰা কৰে।
কানপুৰ মেট্ৰ'ৰে'ল প্ৰকল্পৰ সম্পূৰ্ণ অংশৰ উদ্বোধন হৈছে নগৰীয়া আহ-যাহৰ মাধ্যমৰ উন্নয়ন সাধন আৰু কানপুৰৰ জনসাধাৰণৰ 'ইজ অৱ লিভিং' ত উদ্দীপনা যোগাবলৈ এটি পদক্ষেপ।
On board the state of the art Kanpur metro. Heading to the programme where key development works will be launched. pic.twitter.com/vnlVGPqTAm
— Narendra Modi (@narendramodi) December 28, 2021