Quoteবিগত দুমাহত ৬খন বন্দে ভাৰত এক্সপ্ৰেছ শুভাৰম্ভ
Quote‘ৰাজস্থানে আজি প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ লাভ কৰিলে। ইয়াৰ দ্বাৰা যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন বৃদ্ধি কৰিব”
Quote“বন্দে ভাৰতে ‘ভাৰত প্ৰথম সদায় প্ৰথম’ৰ মনোভাৱক উপলব্ধি কৰাইছে”
Quote“বন্দে ভাৰত ৰে’ল উন্নয়ন, আধুনিকতা, সুস্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ সমাৰ্থক হৈ পৰিছে”
Quote‘দুৰ্ভাগ্যজনকভাৱে ৰে’লৱেৰ দৰে নাগৰিকৰ এটা গুৰুত্বপূৰ্ণ আৰু মৌলিক প্ৰয়োজনীয়তা ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ল’
Quote“ৰাজস্থানৰ বাবে ৰে’ল বাজেট ২০১৪ চনৰ পৰা ১৪ গুণ বৃদ্ধি কৰা হৈছে, ২০১৪ চনত ৭০০ কোটিৰ পৰা চলিত বৰ্ষত ৯,৫০০ কোটি টকাৰো অধিক ধাৰ্য কৰা হৈছে”
Quote“ভাৰত গৌৰৱ চাৰ্কিট ট্ৰেইনসমূহে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক নিৰন্তৰ শক্তিশালী কৰি তুলিছে”
Quote‘যেতিয়া ৰে’লৰ দৰে যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী হয়, তেতিয়া দেশ শক্তিশালী হয়। ইয়াৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিক উপকৃত হয়, দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপকাৰ হয়”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল পতাকা জোকাৰি শুভাৰম্ভ কৰে।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে শৌৰ্য্যৰ ভূমি ৰাজস্থানক অভিনন্দন জনায় যে জয়পুৰ দিল্লীৰ মাজৰ যাত্ৰা সহজ হোৱাই নহয়, ৰাজস্থানৰ পৰ্যটন উদ্যোগকো উদ্গনি যোগাব, কাৰণ ই তীৰ্থৰাজ পুষ্কৰ আৰু আজমেৰ শ্বৰীফৰ দৰে বিশ্বাসৰ স্থান ভ্ৰমণত সহায় কৰিব।

বিগত দুমাহত প্ৰধানমন্ত্ৰীয়ে দিল্লী-জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি দেশৰ ৬খন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰাৰ সুযোগ পোৱাৰ কথা স্মৰণ কৰি মুম্বাই-ছোলাপুৰ বন্দে ভাৰত এক্সপ্ৰেছ, মুম্বাই-শিৰিদি বন্দে ভাৰত এক্সপ্ৰেছ, ৰাণী কমলাপতি-হজৰত নিজামুদ্দিন বন্দে ভাৰত এক্সপ্ৰেছ, ছেকেন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ আৰু চেন্নাই কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে ভাৰত এক্সপ্ৰেছ আৰম্ভ হোৱাৰ পৰাই প্ৰায় ৬০ লাখ নাগৰিকে যাত্ৰা কৰিছে। “বন্দে ভাৰতৰ গতি ইয়াৰ মূল বিশেষত্ব আৰু ই মানুহৰ সময় ৰাহি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। এক অধ্যয়ন অনুসৰি প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰিছে যে বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰা কৰাসকলে প্ৰতিটো ভ্ৰমণতে ২৫০০ ঘণ্টা ৰাহি কৰে। তেওঁ আলোকপাত কৰে যে বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণৰ দক্ষতা, সুৰক্ষা, ক্ষিপ্ৰ গতি আৰু সুন্দৰ ডিজাইনৰ কথা মনত ৰাখি বিকশিত কৰা হৈছে। নাগৰিকে বন্দে ভাৰত এক্সপ্ৰেছৰ অতিশয় শলাগ লোৱা বুলি পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এক্সপ্ৰেছ ৰে’লখন ভাৰতত নিৰ্মাণ হোৱা প্ৰথমখন ছেমি অট’মেটিক ৰে’ল আৰু বিশ্বৰ প্ৰথমখন কমপেক্ট আৰু কাৰ্যক্ষম ৰে’লৰ ভিতৰত অন্যতম। “বন্দে ভাৰত হৈছে থলুৱা সুৰক্ষা কৱচ ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূৰ্ণ প্ৰথমখন ৰে’ল”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে অতিৰিক্ত ইঞ্জিনৰ প্ৰয়োজন নোহোৱাকৈ সহ্যাদ্ৰী ঘাটৰ উচ্চতা অতিক্ৰম কৰা প্ৰথমখন ৰে’ল। “বন্দে ভাৰত এক্সপ্ৰেছে ‘‘ভাৰত প্ৰথম সদায় প্ৰথম’ৰ মনোভাৱক উপলব্ধি কৰে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে বন্দে ভাৰত এক্সপ্ৰেছ উন্নয়ন, আধুনিকতা, সুস্থিৰতা আৰু ‘আত্মনিৰ্ভৰতা’ৰ সমাৰ্থক হৈ পৰিছে।

ৰে’লৱেৰ দৰে নাগৰিকৰ এক গুৰুত্বপূৰ্ণ আৰু মৌলিক প্ৰয়োজনীয়তাক ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱাত প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে স্বাধীনতাৰ সময়ত ভাৰতে স্বাভাৱিকতে বৃহৎ ৰে’ল নেটৱৰ্ক উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল যদিও স্বাধীনতাৰ পিছৰ বছৰবোৰত আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত ৰাজনৈতিক স্বাৰ্থই আধিপত্য বিস্তাৰ কৰিছিল। ৰে’ল মন্ত্ৰী বাছনি, ৰে’লৰ ঘোষণা আনকি নিযুক্তিৰ ক্ষেত্ৰতো ৰাজনীতি স্পষ্ট হৈ পৰিছিল। ৰে’লৱেৰ চাকৰিৰ ভুৱা নাটকক লৈ ভূমি অধিগ্ৰহণ কৰা হৈছিল আৰু বহুতো মানৱবিহীন ৰে’ল ক্ৰছিং বহুদিন ধৰি চলি থাকিল আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ প্ৰতি অৱহেলা কৰিছিল। ২০১৪ চনৰ পিছত পৰিস্থিতিয়ে ভাল দিশলৈ গতি কৰিলে যেতিয়া মানুহে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন সুস্থিৰ চৰকাৰ নিৰ্বাচন কৰিলে, “যেতিয়া ৰাজনৈতিক দিয়া আৰু লোৱাৰ হেঁচা কমি আহিল, ৰে’লৱেই সকাহৰ হুমুনিয়াহ এটা কাঢ়ি নতুন উচ্চতালৈ ধাবিত হ’ল” তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰৰ চৰকাৰে ৰাজস্থানক নতুন সুযোগৰ ভূমি কৰি তুলিছে। পৰ্যটনক অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে লৈ ৰাজস্থানৰ দৰে ৰাজ্যৰ বাবে ইমান গুৰুত্বপূৰ্ণ সংযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভূতপূৰ্ব কাম কৰিছে বুলিও তেওঁ কয়। শ্ৰী মোদীয়ে ফেব্ৰুৱাৰী মাহত দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ দিল্লী দৌছা লালসোট অংশ উচৰ্গা কৰাৰ কথা উল্লেখ কৰে৷ এই অংশই দৌছা, আলৱাৰ, ভৰতপুৰ, ছাৱাই মাধোপুৰ, টংক, বুণ্ডী আৰু কোটা জিলাক উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে জনায় যে কেন্দ্ৰীয় চৰকাৰে ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰায় ১,৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ কাম কৰি আছে আৰু ৰাজ্যখনত ১,০০০ কিলোমিটাৰতকৈও অধিক দীঘল পথ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে৷

ৰাজস্থানত যোগাযোগ ব্যৱস্থাত দিয়া অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে তাৰংগা পাহাৰৰ পৰা আম্বাজীলৈ ৰে’লপথৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। এই লাইনটো আছিল শতিকা পুৰণি দাবী, যিটো এতিয়া পূৰণ কৰা হৈছে। উদয়পুৰ-আহমেদাবাদ লাইনৰ ব্ৰড গজৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ লগতে ৭৫ শতাংশতকৈ অধিক ৰে’ল নেটৱৰ্ক বিদ্যুৎ সংযোগ কৰা হৈছে বুলিও তেওঁ অৱগত কৰে। শ্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ পৰা ৰাজস্থানৰ বাবে ৰে’ল বাজেট ১৪ গুণ বৃদ্ধি কৰা হৈছে, ২০১৪ চনত ৭০০ কোটিৰ পৰা চলিত বৰ্ষত ৯,৫০০ কোটি টকাতকৈও অধিক হৈছে। ৰে’লপথ দুগুণ হোৱাৰ ফলত গতিও দুগুণ বৃদ্ধি পাইছে। গজ পৰিৱৰ্তন আৰু দ্বৈত ৰে’লপথে ডুংগাৰপুৰ, উদয়পুৰ, চিত্তৰগড়, পালি, ছিৰোহী আদি জনজাতি বসতিপ্ৰধান অঞ্চলত সহায় কৰিছে। অমৃত ভাৰত ৰে’লৱে যোজনাৰ অধীনত কেইবা ডজন ষ্টেচন উন্নীতকৰণ কৰা হৈছে বুলিও তেওঁ লগতে কয়।

পৰ্যটকৰ সুবিধাৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰীয়ে চৰকাৰে বিভিন্ন ধৰণৰ চাৰ্কিট ট্ৰেইনো চলাই থকা বুলি অৱগত কৰি ভাৰত গৌৰৱ চাৰ্কিট ট্ৰেইনৰ উদাহৰণ দাঙি ধৰে যিখনে ৰে’লে এতিয়ালৈকে ১৫ হাজাৰতকৈ অধিক যাত্ৰীয়ে ৭০বাৰতকৈ অধিক ভ্ৰমণ কৰিছে। “অযোধ্যা-কাশীয়েই হওক, দক্ষিণ দৰ্শনেই হওক, দ্বাৰকা দৰ্শনেই হওক, শিখ তীৰ্থস্থানেই হওক, ভাৰত গৌৰৱ চাৰ্কিট ৰে’ল এনে বহু ঠাইৰ বাবে চলোৱা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ভ্ৰমণকাৰীসকলে ছ’চিয়েল মিডিয়াত লাভ কৰা ইতিবাচক প্ৰতিক্ৰিয়াৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰে’লসমূহে এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক নিৰন্তৰ শক্তিশালী কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে এক ষ্টেচন এক সামগ্ৰী অভিযানৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতীয় ৰে’লৱেই বছৰ বছৰ ধৰি ৰাজস্থানৰ স্থানীয় সামগ্ৰীসমূহ সমগ্ৰ দেশলৈ লৈ যোৱাৰ ক্ষেত্ৰত আন এক প্ৰচেষ্টা হাতত লৈছে। তেওঁ কয় যে ভাৰতীয় ৰে’লৱেই ৰাজস্থান জয়পুৰী কুইল্ট, সাংগানেৰী ব্লক প্ৰিণ্ট বেড শ্বীট, গোলাপৰ সামগ্ৰী আৰু অন্যান্য হস্তশিল্পকে ধৰি প্ৰায় ৭০টা এক ষ্টেচন এক সামগ্ৰীৰ বিপনী স্থাপন কৰিছে, যিবোৰ এই বিপনীসমূহত বিক্ৰী হৈ আছে। তেওঁ উল্লেখ কৰে যে ৰাজস্থানৰ ক্ষুদ্ৰ কৃষক, শিপিনী আৰু হস্তশিল্পীসকলে এই নতুন মাধ্যমেৰে বজাৰত প্ৰৱেশ কৰিবলৈ পাইছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ ক্ষেত্ৰত সকলোৰে অংশগ্ৰহণৰ এয়া এক নিদৰ্শন। ‘যেতিয়া ৰে’লৰ দৰে সংযোগৰ আন্তঃগাঁথনি শক্তিশালী হয়, তেতিয়া দেশ শক্তিশালী হয়। ইয়াৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিক উপকৃত হয়, দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উপকাৰ হয়”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে৷ তেওঁ আস্থা প্ৰকাশ কৰে যে আধুনিক বন্দে ভাৰত ৰে’লে ৰাজস্থানৰ উন্নয়ন ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 11, 2023

    Jay shree Ram
  • Anath Biswas April 15, 2023

    hi
  • Vijay lohani April 14, 2023

    पवन तनय बल पवन समाना। बुधि बिबेक बिग्यान निधाना।।
  • Tribhuwan Kumar Tiwari April 14, 2023

    वंदेमातरम् सादर प्रणाम सर
  • Vasudev April 14, 2023

    Honorable Prime Minister Sir. 🙏 Wishing you a Very Good Morning and Good day. 🙏🙏🇮🇳🇮🇳🧡🧡 अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् || 9.22|| GEETA
  • Shashank Prajapati April 13, 2023

    जय जय
  • swapan ghosh April 13, 2023

    জয় শ্রী ভারত
  • Argha Pratim Roy April 13, 2023

    JAY HIND ⚔ JAY BHARAT 🇮🇳 ONE COUNTRY 🇮🇳 1⃣ NATION🛡 JAY HINDU 🙏 JAY HINDUSTAN ⚔️
  • दया शंकर विश्वकर्मा April 13, 2023

    हमारे यशस्वी प्रधानमंत्री जी के नेतृत्व में नित नई ऊंचाइयों को छूता भारत,🙏🙏
  • Rajendra Sharma Gemini BJP Jaipur April 13, 2023

    मोदी सरकार जिन्दाबाद
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Digital leap for NRIs: Indian govt launches OCI portal to enhance user experience

Media Coverage

Digital leap for NRIs: Indian govt launches OCI portal to enhance user experience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds the new OCI Portal
May 19, 2025

The Prime Minister, Shri Narendra Modi has lauded the new OCI Portal. "With enhanced features and improved functionality, the new OCI Portal marks a major step forward in boosting citizen friendly digital governance", Shri Modi stated.

Responding to Shri Amit Shah, Minister of Home Affairs of India, the Prime Minister posted on X;

"With enhanced features and improved functionality, the new OCI Portal marks a major step forward in boosting citizen friendly digital governance."