প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰুৱাণ্ডা চৰকাৰৰ গিৰিংকা কাৰ্যসূচীৰ অংশস্বৰূপে ৰিউৰু আদৰ্শ গাঁৱৰ বাসিন্দাসকলক গৰু উপহাৰ হিচাপে আগবঢ়ায়৷ ৰুৱাণ্ডাৰ ৰাষ্ট্ৰপতি প’ল কাগামিৰ উপস্থিতিত ৰিউৰু আদৰ্শ গাঁৱত গৰু উপহাৰ দিয়া কাৰ্যসূচী অনুষ্ঠিত হয়৷
অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গিৰিংকা আঁচনি ৰূপায়নৰ বাবে ৰাষ্ট্ৰপতি প’ল কাগামিক প্ৰশংসা কৰে৷ তেওঁ কয় যে গ্ৰামাঞ্চলত অৰ্থনৈতিক উন্নয়নৰ আহিলা হিচাপে সুদূৰ ৰুৱাণ্ডাত গৰুক ইমান গুৰুত্ব প্ৰদান প্ৰত্যক্ষ কৰি ভাৰতীয়সকলো আঁচৰিত হৈ যাব৷ দুয়োখন দেশৰ গ্ৰামাঞ্চলৰ জীৱন-ধাৰণশৈলীৰ সাদৃশ্য আছে বুলি তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে গিৰিংকা আঁচনিয়ে ৰুৱাণ্ডাৰ গ্ৰামাঞ্চলৰ পৰিৱেশ সলনি কৰিব৷
পটভূমিঃ
‘গিৰিংকা’ শব্দটোৰ অৰ্থ হ’ল—‘আপোনাৰ গৰু আছেনে’৷ ৰুৱাণ্ডাত ইয়াক এক শতিকা পুৰণি সাংস্কৃতিক পৰম্পৰা হিচাপে গণ্য কৰা হয়, য’ত ইজনে সিজনক সন্মান আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে গৰু উপহাৰ দিয়ে৷
ৰাষ্ট্ৰপতি প’ল কাগামিয়ে গিৰিংকা আঁচনি আৰম্ভ কৰিছিল৷ শিশুখাদ্যৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু দৰিদ্ৰতা হ্ৰাস, পশুধনৰ শ্ৰীবৃদ্ধি আদি লক্ষ্যৰে তেওঁ এই আঁচনি ৰূপায়ন কৰে৷
২০০৬ত আৰম্ভ হোৱাৰ পৰা আঁচনিখনৰ অধীনত হাজাৰ হাজাৰ লোকে এইপৰ্যন্ত গৰু লাভ কৰিছে৷ ২০১৬ৰ জুনলৈ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকলৈ মুঠ ২৪৮,৫৬৬টা গৰু বিতৰণ কৰা হৈছে৷
আঁচনিখনৰ ফলস্বৰূপে ৰুৱাণ্ডাত কৃষি উৎপাদন বৃদ্ধি পাইছে—বিশেষকৈ দুগ্ধজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে, অপুষ্টি হ্ৰাস পাইছে আৰু জনসাধাৰণৰ আয় বৃদ্ধি হোৱা দেখা গৈছে৷ গৰুৰ আদান-প্ৰদানে যিহেতু পৰস্পৰৰ প্ৰতি বিশ্বাস আৰু সন্মান বৃদ্ধি কৰে, গতিকে গিৰিংকা আঁচনিখনে ৰুৱাণ্ডাৰ জনসাধাৰণৰ মাজত একতা-সম্প্ৰীতিৰ এনাজৰী দৃঢ় কৰিছে৷ ৰুৱাণ্ডা চৰকাৰে এই আঁচনিৰ বাবে গ্ৰামাঞ্চলৰ এনেকুৱা লোকক বাছনি কৰিছে, যাৰ ভূমি আছে কিন্তু গৰু কিনিবলৈ ধন নাই৷ উক্ত ভূমিত তেওঁ গো-পালনৰ বাবে পৰ্যাপ্ত ঘাঁহ ৰোপন কৰিব পাৰিব৷
Being part of a transformative project towards economic development of Rwanda! PM @narendramodi donates 200 cows under #Girinka - One Cow per Poor Family Programme at Rweru village. Girinka is an ambitious projects that provides both nutritional & financial security to the poor. pic.twitter.com/bXOKbOnd9g
— Raveesh Kumar (@MEAIndia) July 24, 2018
Transforming lives in rural areas! More images of cow donation function under Rwanda's Girinka programme. Rwandan President @PaulKagame joined PM @narendramodi at the event. pic.twitter.com/xlVGYmrXNT
— Raveesh Kumar (@MEAIndia) July 24, 2018