QuoteEvery festival brings our society together: PM Modi
QuoteThis Diwali, let us celebrate the accomplishments of our Nari Shakti. This can be our Lakshmi Pujan: PM

আজি নতুন দিল্লীৰ দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা দশেৰা উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক শুভেচ্ছা জনায়৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত উৎসৱৰ ভূমি৷ বৈচিত্ৰময় সংস্কৃতিৰ বাবে ভাৰতৰ যিকোনো অংশত কোনোবাটো নহয় কোনোবা এটা উৎসৱ সদায়েই অনুষ্ঠিত হৈয়েই থাকে৷ ভাৰতৰ উৎসৱসমূহৰ জৰিয়তে আমি ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰতা উদযাপন কৰো৷ আমি বিভিন্ন ধৰণৰ কলা, সংগীত, গীত আৰু নৃত্যৰ বিষয়ে জানিব পাৰো, তেওঁ এইদৰে কয়৷

|

তেওঁ কয় যে ভাৰত শক্তি সাধনাৰ ভূমি৷ যোৱা ন দিন আমি মাৰ আৰাধনা কৰিলো৷ এই ভাৱনাক আগুৱাই নি তেওঁ ইয়াত মহিলা সৱলীকৰণ তথা সন্মানৰ পূজন বুলি অভিহিত কৰে৷

‘মন কী বাত’ত উল্লেখ কৰা ‘ঘৰ কী লক্ষ্মী’ৰ বিষয়ে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এই দেৱালীত নাৰী শক্তিৰ উদযাপন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আজি বিজয়া দশমী আৰু বায়ু সৈন্যবাহিনী দিৱসো৷ ভাৰতে বায়ু সৈন্যবাহিনীক লৈ গৌৰৱ কৰে, তেওঁ এইদৰে কয়৷

|

মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিজয়া দশমীৰ দিনা এটা অনুৰোধ কৰে৷ তেওঁ জনতাক এই বৰ্ষটোত এটা অভিযান গ্ৰহণ কৰি তাক পূৰণ কৰাৰ দিশত অগ্ৰসৰ হ’বলৈ অনুৰোধ জনায়৷ এই অভিযান যিকোনো ধৰণৰ হ’ব পাৰে- খাদ্য অপব্যয় নকৰা, শক্তি সংৰক্ষণ কৰা, পানী সংৰক্ষণ কৰা৷ তেওঁ কয়, যদি আমি সকলোৱে সামূহিক সত্বাৰ শক্তি অনুধাৱন কৰিব বিচাৰিছো তেন্তে আমি ভগৱান শ্ৰী কৃষ্ণ আৰু ভগৱান শ্ৰী ৰামৰ পৰা অনুপ্ৰেৰণা ল’ব পাৰো৷

|

প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা শ্ৰী ৰাম লীলা ছ’চাইটিয়ে অনুষ্ঠিত কৰা ৰামলীলা প্ৰত্যক্ষ কৰে৷ তাৰোপৰি তেওঁ অনুষ্ঠানটোত অনীতিৰ ওপৰত সুনীতিৰ বিজয়ৰ প্ৰতীক হিচাপে ৰাৱন, কুম্ভকৰ্ণ আৰু মেঘনাদৰ মূৰ্তিৰ দহনো প্ৰত্যক্ষ কৰে৷

|

 

 

 

Click here to read full text speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Using tech to empower women and children

Media Coverage

Using tech to empower women and children
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 জুলাই 2025
July 02, 2025

Appreciation for PM Modi’s Leadership Leading Innovation and Self-Reliance